কচুৱাৰ ৰাঙলুবস্তিত বিগত এটা মাহ ধৰি বিদ্যুং কৰ্তন কৰি ৰখা হৈছে ।বিদ্যুৎ বিভাগৰ এনে টোগলকী কাণ্ডত স্থানীয় ৰাইজৰ মাজত লাগিছে হাহাকাৰ।২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ নামত কি ঘটিছে ৰাজ্যত ?
কঠীয়াতলী বিদ্যুৎ সংমণ্ডল বিষয়াৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ।কচুৱাৰ ৰাঙলুবস্তীৰ গাঁৱৰ ৰাইজৰ এই অভিযোগ বিষয়াৰ বিৰুদ্ধে।বিগত এটা মাহে গাঁও খনত বিদ্যুৎ কৰ্তন কৰি ৰখাৰ অভিযোগ ৰাইজৰ।
চৰকাৰে ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ নামত ৰাইজক প্ৰতিশ্ৰুতি দি আহিছে যদিও নগাওঁ জিলাৰ কচুৱাবাসীয়ে অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ হৈ বাৰে বাৰে প্ৰতিবাদৰ অশ্ৰয় ল’বলগীয়া হৈছে।কচুৱাৰ ৰাঙলুবস্তীৰ ৰাইজে বিগত এটা মাহ ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। ৰাইজৰ অভিযোগ মতে যোৱা নৱেম্বৰ মাহৰ দহ তাৰিখে কচুৱাৰ ৰাঙলুবস্তি গাঁৱত এজন বিদ্যুৎ বিভাগৰ অভিযন্তাক কৰ্তব্যত থকা অৱস্থাত কিছু লোকে শাৰীৰিক ভাৱে প্ৰহাৰ কৰিছিল।ৰাইজে জানিব দিয়া মতে সেইদিন ধৰি গাঁও খনত বিদ্যুৎ কৰ্তন কৰি ৰাখিছে বিদ্যুৎ বিভাগে।এইখিনি সময়ত ৰাইজে কচুৱা আৰক্ষী বিষয়া আৰু কঠীয়াতলী বিদ্যুৎ সংমণ্ডল বিষয়া গৰাকীক দোষীক উপযুক্ত শাস্তি দি ৰাইজক নিয়মীয়া যোগান ধৰাৰ দাবী জনাইছিল যদিও আজিকোপতি গাঁওখনত বিদ্যুৎ যোগান নধৰাত ৰাইজৰ মাজত হাহাকাৰ লাগিছে।পৰীক্ষাৰ বতৰত ছাত্ৰ – ছাত্ৰী সকলে ব্যাপক সমস্যাত পৰাৰ অভিযোগ তুলিছে ৰাইজে।আনফালে কৰ্তব্যৰত অৱস্থাত এজন বিষয়াক শাৰীৰিকভাৱে অপদস্থ হোৱাৰ সময়ত সমগ্ৰ বিষয়টো সংবাদ মাধামৰ পৰা গোপনে ৰখা কাৰ্যত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰহস্যৰ গোন্ধ পাইছে স্থানীয় ৰাইজে।কেইজনমান দুষ্ট প্ৰকৃতিৰ লোকৰ বাবে সমগ্ৰ গাঁও খনক বিদ্যৎ সেৱাৰ পৰা বঞ্চিত কৰা কাৰ্যক ধিক্কাৰ দিছে ৰাইজে লগতে গাঁও খনত শীঘ্ৰে বিঁদ্যুৎ যোগানৰ দাবী জনাইছে।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post
Next Post