খহনীয়াই খহাইছে ‘সপোন’

Share This Article

মাজুলীৰ মানিকা চাপৰিত লুইতৰ ব্যাপক খহনীয়াৰ সন্মুখীন হৈছে এচাম কৃষক।খহনীয়াত জাহ গৈছে কৃষকৰ সেউজীয়া সপোন।মাজুলীৰ মানিকা পথাৰত কৃষকৰ সেউজীয়া সপোন ভাঙি চূৰমাৰ কৰিছে লুইতৰ খহনীয়াই।লুইতৰ বুকুত জাহ গৈছে কৃষকৰ মাহ,সৰিয়হ, কবি, বিলাহীকে ধৰি পাচলিৰ খেতি।মানিকা পথাৰত বছৰৰ পাছত বছৰ কেইবাজনো কৃষকে সূচনা কৰিছিল কৃষি বিপ্লৱৰ আৰু তাতেই শাক পাচলিৰ খেতি কৰি জীৱিকা অৰ্জন কৰিছিল এইসকল কৃষকে । কিন্তু এতিয়া এই সকল কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে।লুইতৰ খহনীয়াই চপৰা চপৰে খহাই নিছে পাচলিৰ ফাৰ্ম।উপায়হীন এই সকল কৃষকৰ মৰ্ম বেদনা কোনে শুনিব ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.