Investigative reporting with dedication.

নলবাৰীৰ মুকালমুৱাত একে নিশাতেই একেটা পৰিয়ালৰ ৬টাকৈ গৰু চুৰি ।ধৰম আলী নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ বেৰ কাটি চোৰে লৈ যায় গৰুকেইটা ।মুকালমুৱা আৰক্ষী থানাত ইতিমধ্যে ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছে।মুকালমুৱা অঞ্চলত প্ৰায়ে সংঘটিত হৈ আহিছে চুৰিৰ ঘটনা । দোকান-পোহাৰ, গৰু, ম’হ চুৰিত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ । কালি নিশাও মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চান্দা চৰৰ এটি কৃষক পৰিয়ালত চোৰে চলাই মাৰাথান অভিযান । চান্দা চৰৰ ধৰম আলী নামৰ লোকজনৰ গৃহত চোৰে একেনিশাই অভিযান চলাই লৈ যায় ৬ টাকৈ গৰু । কৃষক পৰিয়ালটিৰ গোহালিৰ বেৰ কাটি চোৰে লৈ যায় গৰু কেইটা । গৰু কেইটাৰ আনুমানিক মূল্য আঢ়ৈ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ৷ ঘটনা সংক্ৰান্তত মুকালমুৱা আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে যে চোৰ ধৰিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই ।উল্লেখ্য যে মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত প্ৰায়ে সংঘটিত হৈ আহিছে চুৰিৰ ঘটনা । কিছুদিন পূৰ্বে মুকালমুৱা থানাৰ পৰা আঠশ মিটাৰ দূৰত্বত চোৰে নিশা অভিযান চলাই একেনিশাই তিনিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা লুটি নিছিল কেইবা লক্ষাধিক টকাৰ সামগ্ৰী । তদুপৰি বৰতলা গাঁৱৰ এগৰাকী কৃষক পৰিয়ালৰ একেনিশাই দুটাকৈ মতা ম’হ লৈ উধাও হৈছিল চোৰ যাৰ বজাৰ মূল্য আছিল আঢ়ৈ লাখ টকা । মুকালমুৱা অঞ্চলত ধাৰাবাহিকভাৱে চুৰিৰ ঘটনা সংঘটিত হৈ অহাত ৰাইজ অতিষ্ঠ হৈ পৰিছে ।


