সৰ্বানন্দ সোণোৱালকেই গুৰুত্ব নিদিলে,ৰাজনৈতিক দলে !

Share This Article

সোণোৱাল কছাৰীসকলৰ ৰাজনৈতিক অধিকাৰ বিচাৰি ডিব্ৰুগড় জিলাৰ টিংখাং বৰডুপ শল’গুৰিত মিলিত হয় টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক সোণোৱাল কছাৰী লোক । অংশগ্ৰহণ কৰে সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী, জনগোষ্ঠীয় সংগঠনৰ কৰ্মী আৰু সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিয়ে । আলোচনা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰায় ডেৰ লাখ সোণোৱাল কছাৰী ভোটাৰ থকাৰ পিছতো ৰাজনৈতিক দলসমূহে ৰাজনৈতিক ভাৱে সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকক গুৰুত্ব প্ৰদান কৰা নাই ।প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি সোণোৱাল কছাৰী জনগোষ্ঠীৰ কেইবাজনো বিধায়কক প্ৰাধান্য নিদিলে ৰাজনৈতিক দলসমূহে । আনকি জিলা সমিতি আৰু মণ্ডল পৰ্য্যায়ৰ সমিতিসমূহতো সোণোৱাল কছাৰী জনগোষ্ঠীৰ কোনো বিষয়ববীয়া নাই ।আগন্তুক সময়ত ৰাজনৈতিক অধিকাৰ বিচাৰি মাৰ বান্ধি থিয় দিব সোণোৱাল মঞ্চই । পৰবৰ্তী সময়ত ডিব্ৰুগড় জিলাৰ আন আন সমষ্টিতো এই সজাগতা সভা অনুষ্ঠিত কৰিব । পৰবৰ্তী বিশাল সমাবেশত আগন্তুক নিৰ্বাচনত ল’বলগীয়া ভূমিকা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.