বণিয়াক বৰপীৰা,থলুৱাক খেদাৰ প্ৰতিবাদ

নগাঁৱৰ উৰিয়াগাঁৱত অসম যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।থলুৱা ৰাইজৰ ভূমি বহিঃৰাজ্যৰ বণিয়াক গটোৱাৰ বিৰুদ্ধে এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে।ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সংগঠনটোৰ ।কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ পুত্তলিকা দাহ কৰে সংগঠনটোৱে। থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীৰ অধিকাৰ কাঢ়ি বৃহৎ বণিকগোষ্ঠীৰ হাতত ব্যৱসায় তুলি দিবলৈ গ্ৰহণ কৰা চক্ৰান্ত শীঘ্ৰে বন্ধ কৰাৰ দাবী তোলে সংগঠনটোৱে।উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নগাঁৱৰ উৰিয়াগাঁও চকত পাণ-তামোল আৰু চাহৰ দোকান দি থকা ক্ষুদ্ৰ থলুৱা ব্যৱসায়ী সকলক উচ্ছেদ কৰি দিল্লীৱালা বণিয়াক ব্যৱসায়ৰ বাবে বৰপীৰা পাৰি লীজত দিছিল বহু বিঘা মাটি । যাৰ বিৰুদ্ধে এতিয়া সোচ্চাৰ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296