উকা হৈ পৰিল ভালপোৱাৰ চিনাকি বন্দৰ

ভালপোৱাৰ সেই চিনাকি বন্দৰ উকা কৰি গুছি গ’ল প্ৰেমিক নীলপৱন । চিনাকি ৰঙ , চিনাকি কেনভাছ এৰি প্ৰেমিকা পত্নীৰ পথেৰেই সৰগৰ বাট ল’লে প্ৰেমিক নীলপৱনে । যি বাটেৰে চাৰি বছৰ আগতেই গুছি গৈছিল কোকিলকণ্ঠী দীপালী বৰঠাকুৰ ।চাৰি বছৰ আগৰ ডিচেম্বৰৰ সেই দিনটোও আছিল আজিৰ দৰেই উদাস । নৰকাসুৰ পাহাৰৰ সিপাৰেদি ক্ৰমাৎ নামি গৈছিল দুপৰৰ বেলি । ভঙাগড়ৰ দুপৰীয়াটো বিষাদে আচ্ছন্ন কৰি তুলিছিল আৰু চিকিৎসালয়ৰ বিচনাত মৃত্যৰে যুঁজিছিল দীপালি বাইদেউৱে । বাহিৰত উচপিচাই আছিল অনেক গুণমুদ্ধই । ঘৰত শূণ্য হুইল চেয়াৰখনলৈ চাই প্ৰেমিক নীলপৱনে পাৰ কৰিছিল উদাস সময় । এটা সময়ত কফিনত সোমাই ঘৰলৈ উভতিছিল প্ৰিয়তমা পত্নী । বন্ধ কফিনটোলৈ চাই গভীৰ আশা অথচ থোকাথুকি মাতেৰে নীলপৱনে কৈ উঠিছিল – কাইলৈ ৰাতিপুৱা বাকচটো খুলি তুমি ওলাই আহিবা ।এনেদৰে এটা দীঘলীয়া যাত্ৰাৰ সামৰণি পৰিব বুলি তেওঁ কাহানিও ভাবিবই পৰা নাছিল । কাৰণ তাৰ আগত কিমান দিন তেওঁলোকে একেলগে পাৰ কৰিছিল ,ভাৱনাৰ একেটা পথত একেলগে আগুৱাই গৈছিল , তাৰ হিচাপ কোনো এজনেই ৰখা নাছিল ।প্ৰায়ে বিচনাত নিৰ্বাক হৈ শুই থাকে দীপালি । আৰু বিচনাৰ এচুকত বহি হাতত হাত থৈ চকুত চকু ৰাখি বহি ৰয় নীলপৱন । সেই আকুল দৃষ্টিৰ বান্ধোনে বান্ধি ৰাখিছিল দুয়োটা প্ৰেমিক চৰাইক । এটা কঠিন পথ একেলগে অতিক্ৰম কৰিবলৈ সাহসী কৰি তুলিছিল ।কিন্তু চাৰি বছৰ পূৰ্বে শীতৰ এটা দুপৰীয়া নীলপৱনৰ আকাশলৈ অকস্মাৎ যেন নামি আহিছিল প্ৰবল ধুমুহা বজ্ৰপাত । ডিচেম্বৰৰ সেই অলস দুপৰীয়া প্ৰেমিক নীলপৱনক অকলেই এৰি বিদায় লৈছিল তেওঁৰ প্ৰতি প্ৰহৰৰ সহচৰ দীপালী বৰঠাকুৰে । কিন্তু এনেদৰে গুছি যোৱাতেই সকলো শেষ হৈ নাযায় । অনেক কিবাকিবি থাকি যায় । থাকি যায় অনেক স্মৃতি – সুখৰ , দুখৰ , আনন্দ , পৰিতাপৰ । এইবোৰৰ মাজতেই গুছি যোৱাজন জীয়াই থাকে । আৰু স্মৃতিৰ উমাল চাদৰ মেৰিয়াই ভালপোৱাৰ বন্দৰত নি:সংগ হৈ ৰৈ যায় প্ৰিয়জন । স্মৃতিৰ সৈতে আলাপ কৰি , স্মৃতিৰ চিঠি পঢ়ি পাৰ কৰে নিথৰ সময় ।এনেদৰেই ভালপোৱাৰ বন্দৰত স্মৃতিৰ চিলা উৰুৱাই ৰৈ গৈছিল নীলপৱন বৰুৱা ।কিন্তু কেনভাছৰ ৰঙবোৰ লাহে লাহে উৱলি আহিছিল । নি:সংগ নীলপৱনৰো দীপালিৰ বাটেৰেই যোৱাৰ সময় কাষ চাপি আহিছিল । আজিৰ ৰৌদ্ৰোজ্জ্বল আন এটি আবেলিত স্মৃতিৰ টোপোলা সামৰি সুতৰি বিদায় ল’লে প্ৰেমিক নীলপৱনে । অজস্ৰ গুণমুদ্ধৰ প্ৰাৰ্থনা , শুভাকামনাইও যোৱাৰ বাটৰ পৰা ওভতাই আনিব নোৱাৰিলে ৰঙৰ খনিকৰজনক । নীলপৱন বৰুৱাৰ বিদায়ত উকা হৈ পৰিল ভালপোৱাৰ সেই চিনাকি বন্দৰ ।ক’ৰ পৰা আৰম্ভ হৈছিল – সেই ৰঙীণ , সুমধুৰ যাত্ৰাৰ ?চন আছিল ১৯৭১ ৷ কলকাতাৰ অসম হাউচত প্ৰথমবাৰৰ বাবে নীলপৱন – দীপালিৰ সাক্ষাৎ । সুমধুৰ কণ্ঠৰ গায়িকাগৰাকী তেতিয়া দুৰাৰোগ্য মটৰ নিউৰণ ৰোগত আক্ৰান্ত । দুৰ্বল হৈ আহিছিল স্নায়ু বিন্যাস । দীপালিয়ে শৰীৰৰ শক্তি হেৰুৱাই অহাৰ সময়তে তেওঁৰ কাষ চাপি গ’ল নীলপৱন ।নীলপৱন বৰুৱা শিল্পী । শিল্পৰ দৰেই তেওঁৰ প্ৰেম ৷ কলকাতাৰ শান্তি নিকেতনৰ পৰা তেওঁ শিল্পী হৈ ওলাই আহিছিল আৰু এগৰাকী তৰুণী শিল্পীৰ জীৱনৰ জটিল যুঁজখনে তেওঁক প্ৰেমিক কৰি গঢ়ি তুলিছিল । ১৯৭৬ চনত তেওঁলোক বিবাহপশত আৱদ্ধ হৈছিল । তাৰ আগলৈকে প্ৰেমিক শিল্পী নীলপৱন আছিল যাযাবৰ , উদভ্ৰান্ত । কেতিয়াবা খোজকাঢ়ি খোজকাঢ়ি হেৰাই গৈছিল মানুহৰ ভিৰৰ মাজত । কেতিয়াবা আশ্ৰয় লৈছিল প্ৰকৃতিৰ নীৰৱতাত । কিন্তু প্ৰেমে তেওঁক কৰি তুলিলে সচেতন আৰু দায়িত্বশীল । তেওঁ বুজি উঠিছিল যি দায়িত্ব তেওঁ হাত পাতি লৈছে , পৰৱৰ্তী জীৱনৰ বাবে যি পথ ঠিক কৰিছে , সেই পথত চলিবলৈ হ;লে সজাগ আৰু সময়ানুৱৰ্তী হ’বই লাগিব । এলাহ – খেয়াল , সংশয় –দুৰ্ভাৱনা এৰি সেই পথত একানপতীয়া হৈ আগবাঢ়িবই লাগিব । তাৰ পাছত কিমান দুৰ্যোগ – কিমান দু:সময় পাৰ হৈ গ’ল মূৰৰ ওপৰেদি । কিন্তু নীলপৱন বৰুৱাৰ প্ৰতিটো পুৱা , প্ৰতিটো দুপৰীয়া , প্ৰতিটো সন্ধিয়া প্ৰদক্ষিণ কৰি থাকিল এটাই কক্ষপথত । যি কক্ষপথ তৈয়াৰ হৈছিল প্ৰেমিকা পত্নী দীপালিক কেন্দ্ৰ কৰি । দশকৰ পাছত দশক সেই একেই বিৰতিবিহীন যাত্ৰা । কিন্তু কাহানিও ম্লান হ’বলৈ নিদিলে জীৱনৰ কেনভাছত ভালপোৱাৰ উজ্জ্বল ৰঙবোৰ । এই যাত্ৰা আছিল এটা সুৰীয়া গানৰ দৰেই হৃদয় জুৰোৱা । প্ৰজন্মৰ পাছত প্ৰজন্মৰ বাবে ইৰ্ষাৰ বিষয় আছিল সেই প্ৰেম , সেই সুমধুৰ যাত্ৰা । হঠাৎ চাৰি বছৰ আগৰ ডিচেম্বৰৰ দুপৰীয়া স্তব্ধ হৈ পৰিল সেই গতি । ভালপোৱাৰ বন্দৰত নি:সংগ হৈ পৰিল প্ৰেমিক নীলপৱন । চাৰিটা বছৰত তেওঁ কেৱল স্মৃতিৰ বৰষুণত নিজকে জুৰুলি জুপুৰি কৰিলে । স্মৃতিৰ ৰ’দত নিজকে শুকুৱালে । কিন্তু সকলো যাত্ৰাৰ দৰেই স্মৃতিৰ সৈতে এই যাত্ৰাৰো এটা সামৰণি থাকে । সেই যাত্ৰাৰ যৱনিকা পেলাই আজি প্ৰিয়তমা পত্নীৰ বাটেৰেই বাট বুলিলে প্ৰেমিক শিল্পী নীলপৱন বৰুৱাই । সঁচাকৈ উকা হৈ পৰিল ভালপোৱাৰ সেই চিনাকি বন্দৰ । স্তব্ধ হৈ পৰিল স্মৃতিৰ বতাহজাক । কেৱল থাকি গ’ল প্ৰেমৰ এক অমৰ পদচিহ্ন ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296