দৰঙত হিমন্ত বা ভূপেন বৰাৰ মানুহ মৰা নাই-আমাৰ মানুহ মৰিছেঃ AIUDF

Share This Article

দৰঙৰ উচ্ছেদ আৰু হিংসাক লৈ মুখ্যমন্ত্ৰীক দলে বলে সাক্ষাৎ কৰিলে AIUDFৰ নেতৃবৰ্গই। AIUDF নেতাৰ মুখ্যমন্ত্ৰীক মুছলমানৰ তেজক লৈ ৰাজনীতি নকৰিবলৈ সকীয়ণি দি সংবাদ মাধ্যমৰ আগত কয় যে – AIUDFয়ে মুছলমানক লৈ ৰাজনীতি নকৰে। এই ভুক্তভোগী মানুহখিনিৰ লগত AIUDFৰ আত্মাৰ সম্পৰ্ক আছে। বদৰুদ্দিন আজমলে বৰ্তমান উচ্ছেদিত জনতাৰ সংস্থাপন আৰু পানী যোগানৰ বাবে চিন্তা কৰি আছে। চাৰ্ট-পেন্ট চিঙিলে সেইটো অকল নিউজ হব কিন্তু মুছলমানৰ বাবে বেলেগ চিন্তা কৰাৰ সময় সমাগত। AIUDFৰ জন্ম প্ৰতিবাদ কৰিয়েই হৈছে গতিকে AIUDFয়ে প্ৰতিবাদ কৰি যাব। AIUDFয়ে গণতান্ত্ৰিক আন্দোলন কৰিব। এনেদৰেই এতিয়া দৰঙৰ উচ্ছেদিত জনতাক লৈ ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ সকলো ৰাজনৈতিক দল আৰু সংগঠন। কিন্তু দৰঙৰ উচ্ছেদিত জনতা যদি ভাৰতৰ নাগৰিক হয় তেন্তে সংস্থাপনৰ ব্যৱস্থা কৰ হব কেতিয়া?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.