সুশান্ত বৰগোহাঁই মুৰ্দাবাদ ধ্বনিৰে উত্তাল থাওৰা

Share This Article

থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই মুৰ্দবাদ ধ্বনিৰে উত্তাল পানীদিহিং।পানীদিহিং পক্ষী অভয়াৰণ্যলৈ ভাবুকিৰ সৃষ্টি কৰি খিলঞ্জীয়াৰ ম্যাদী ভূমিত এছকেভেটৰ চলাই বীৰত্ব প্ৰদৰ্শনত ব্যস্ত থাওৰাৰ বিধায়কগৰাকী।চৰকাৰী আঁচনি ৰূপায়ণৰ নামত থলুৱা লোকক প্ৰৱঞ্চনা কৰিছে বিধায়কগৰাকীয়ে।ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ ৰাইজৰ।ডিমৌ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ জৰিয়তে থাওৰা সমষ্টিৰ পশ্চিম পানীদিহিং গাঁৱৰ চৰণীয়া পথাৰত অমৃত সৰোবৰ আঁচনিৰ নামত পুখুৰী খান্দিবলৈ যোৱা এছকেভেটৰ আৱদ্ধ কৰি প্ৰতিবাদত বহিল কেইবাশ জনতা। খিলঞ্জীয়া ভূমি খন্দাৰ ঠিকাদাৰে এছকেভেটৰ সহ ৰাইজৰ ৰূদ্ৰমূৰ্তি দেখি পলাই পত্ৰং দিলে৷এছকেভেটৰৰ চালক আৰু সহযোগীক আৱদ্ধ কৰে স্থানীয় লোকে।১৯৩৫ চনৰ পৰা ভোগ দখল কৰি থকা ৰাইজৰ কৃষি ভূমিত অমৃত সৰোবৰ আঁচনি ৰূপায়ণ কৰাত পশ্চিম পানীদিহিং দলপা গাঁৱৰ ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।এই সমগ্ৰ কাৰ্যৰ লগত বিধায়ক সুশান্ত বৰগোহাঁই, ডিমৌ উন্নয়ন খণ্ড আৰু বন বিভাগৰ লোক জড়িত থকাৰ অভিযোগ ৰাইজৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.