‘চলন্তিকা-২’ৰ উন্মোচন

Share This Article

জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ স্তম্ভলেখাৰ একত্ৰ সংকলন ‘চলন্তিকা-২’ৰ শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক তথা গৱেষক পণ্ডিত ড° দয়ানন্দ পাঠকে । গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত উন্মোচনী সভাত উন্মোচক ড° পাঠকে সময়ৰ তৰংগত সকলো হেৰাই যায় বুলি উল্লেখ কৰি এই তৰংগৰ ঢৌ ধৰি ৰাখিব খোজা সাংবাদিক নাথৰ প্ৰচেষ্টাৰ শলাগ লয়।ড° পাঠকে লগতে কয় ”কাকতত স্তম্ভ লিখাটো বৰ সহজ কথা নহয় ।ইয়াৰ বাবে স্তম্ভলেখকে নিজৰ চিন্তাক সংযত কৰাৰ প্ৰয়োজন । স্তম্ভলেখাৰ বিষয় নিৰ্বাচন কৰাটোও জটিল। স্তম্ভলেখা আৰু সাধাৰণ প্ৰবন্ধৰ মাজত বহুত পাৰ্থক্য আছে।” উন্মোচকৰ ভাষণত বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে আৰু কয় যে বৰ্তমান সময়ত আমি নিজকে অনুশীলন কৰিবলৈ আৰম্ভ কৰিছো আৰু সাংবাদিক নাথেও সেয়াই কৰিছে। তীব্ৰ আত্ম-বিশ্লেষণ, দ্বিধাহীন আত্মসমালোচনাৰে পৰিস্থিতি জুকিয়াইছে আৰু আমাকো উমান দিয়াৰ চেষ্টা কৰিছে। লেখকৰ প্ৰয়াস নিঃসন্দেহে প্ৰশংসনীয়।সমসাময়িক ঘটনাৱলীৰ সন্দৰ্ভত লিখা মুঠ বিশটা স্তম্ভলেখাৰ সংকলন ‘চলন্তিকা-২’ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° কিশোৰ মোহন ভট্টাচাৰ্য আৰু ‘প্ৰথম খবৰ 24 ×7’ৰ মুখ্য সম্পাদক উৎপল বৰুৱা।দুয়োগৰাকী বিশিষ্ট অতিথিয়ে সাংবাদিক নাথৰ গ্ৰন্থখনৰ সন্দৰ্ভত এক পৰ্যালোচনামূলক বক্তব্য আগবঢ়ায়।উল্লেখ্য লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে লেখক-সাংবাদিক দিগন্ত কুমাৰ নাথে গ্ৰন্থখনৰ আঁৰৰ কথা প্ৰকাশ কৰে আৰু ‘চলন্তিকা’ৰ দুয়োটা খণ্ডই সময়ৰ দস্তাবেজ হিচাপে পৰিগণিত হোৱাৰ আশা কৰে। গ্ৰন্থ উন্মোচনী সভাখনত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ লগতে বিশিষ্ট ব্যক্তি উপস্থিত আছিল।গুৱাহাটীৰ সমন্বয় প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা আৰু বিশিষ্ট চিত্ৰশিল্পী পদ্ম সিংহৰ দৃষ্টিনন্দন প্ৰচ্ছদসহ প্ৰকাশিত গ্ৰন্থখনৰ মূল্য ২০০ টকা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.