বাগৰুম্বাই মুখৰিত কৰিব মেৰাপানী

Share This Article

গোলাঘাটৰ মেৰাপানীৰ চাংখাতিত অনুষ্ঠিত হ’ব সদৌ অসম বাথৌ মহাসভাৰ যুৱ সমিতিৰ ৰাজ‍্যিক অধিৱেশন। মেৰাপানী চাংখাতিৰ ৰাজহুৱা খেলপথাৰত ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই অধিৱেশন।বাগৰুম্বা নৃত্যৰে মুখৰিত হ’ব মেৰাপানীৰ চাংখাটি।অধিৱেশনত উপস্থিত থাকিব বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও মন্ত্ৰী- বিধায়ক।মেৰাপানী চাংখাতিৰ ৰাজহুৱা খেলপথাৰত ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন।অধিৱেশনৰ ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে।দুয়োদিনৰ কাৰ্যসূচীত সমূহ অসমবাসীৰ লগতে বাথৌ ধৰ্মাৱলম্বী লোকৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।কাৰ্যসূচী অনুসৰি প্ৰথম দিনা প্ৰতিনিধি সভা আৰু দ্বিতীয় দিনা অনুষ্ঠিত হ’ব বৰ্ণিল শোভাযাত্ৰা৷শোভাযাত্ৰা উদ্বোধন কৰিব সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।ইয়াৰ পাছতে অনুষ্ঠিত হ’ব লগা মুকলি সভাত অংশগ্ৰহণ কৰিব বি টি আৰ প্ৰধান প্ৰমোড বড়ো, বিত্ত মন্ত্ৰী অজন্তা নেওগ,পদ্মশ্ৰী ড° মঙ্গল সিং হাজোৱাৰী,বড়ো কছাৰী স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।নিশালৈ ডি আৰ ডি লিটল মাষ্টাৰ নৱজিৎ নাৰ্জাৰীৰ লগতে কেইবাজনো বিশিষ্ট সাংস্কৃতিক কৰ্মীয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.