মাত্ৰ ৭ বছৰীয়া মডেলে কঁপাইছে দেশ

Share This Article

শিৱসাগৰৰ ৭ বছৰীয়া আয়ুষ্মান শইকীয়াই মডেলিঙৰ লগতে সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে । আয়ুস্মানৰ প্ৰকৃত ঘৰ  শিৱসাগৰ জিলাত যদিও তেওঁ  কৰ্মসূত্ৰে   দুলীয়াজানত থকা পিতৃ প্ৰাঞ্জল শইকীয়া আৰু মাতৃ প্ৰীতিৰেখা বড়াৰ লগত থাকি অধ্যয়নৰ সমান্তৰালকৈ  উত্তৰ পূৰ্বাঞ্চল  আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিশুৰ সৌন্দৰ্য প্ৰতিযোগিতা,সাজপাৰ প্ৰতিযোগিতাত তথা ৰানৱেত অংশগ্ৰহণ কৰি কৃতিত্ব অৰ্জন কৰি নিজৰ পাৰদৰ্শিতাৰে  গৌৰৱ কঢ়িয়াই আনিবলৈ  সক্ষম হৈছে।২০২১ চনৰ জানুৱাৰী মাহ আৰু ২০২১ চনৰ আগষ্ট মাহত ইউকেৰ পৰা প্ৰকাশিত আন্তৰ্জাতিক আলোচনী Fashion Flair  ত এইগৰাকী শিশু শিল্পীৰ  আলোকচিত্ৰৰ লগতে তেওঁৰ কৃতিত্ব প্ৰকাশ পাইছে।তদুপৰি তেওঁ  ৱাল অফ ফেম ৰাষ্ট্ৰীয় বিজয়ী আৰু ৱাল অফ ফেম ইণ্টাৰনেচনেলৰ বাবে নিৰ্বাচিত হৈছিল।২০২১- ২২ চনত তেওঁ এচিভাৰ বঁটা লাভ কৰিছিল।  চলিত বছৰত অইল ইণ্ডিয়া লিমিটেডে দুলিয়াজানত অনুষ্ঠিত কৰা ৫৫ সংখ্যক  ৰঙালী বিহু সন্মিলনৰ ফালৰ পৰাও আয়ুষ্মানক সম্বৰ্দ্ধনা জনাই উৎসাহিত কৰিছিল।তেওঁ Northeast international Fashion week ২০২১ আৰু ২০২২ ত কিড মডেল হিচাপেও খোজ কাঢ়িছিল।উল্লেখ্য যে মডেল শিশু শিল্পীৰূপে আয়ুষ্মানে এতিয়ালৈকে Kameng NorthEast 2019 Kids প্ৰতিযোগিতাত  বিজয়ীৰ সন্মান লাভ কৰাৰ উপৰিও Dynamic Northeast Kid’s প্ৰতিযোগিতা, Northeast Mrs.& Kid’s Icon & Iconic প্ৰতিযোগিতাত বিজয়ী হোৱাৰ বিপৰীতে মেগা মডেল হাণ্ট ২০১৯ ত প্ৰথম ৰানাৰ্ছ-আপ হিচাপে গৌৰৱ অৰ্জন কৰিছিল ।তদুপৰি  Northeast Superstar Session 2 প্ৰথম ৰানাৰ্ছ আপ, Master Kid’s zunited Assam প্ৰথম ৰানাৰ্ছ-আপ , Sargam Season 2 প্ৰথম ৰানাৰ্ছ-আপ, Northeast Superstar Session1 দ্বিতীয় ৰানাৰ্ছ আপ, Northeast Kid’s & Mrs Fashion Week ২০১৮ ত  দ্বিতীয় ৰানাৰ্ছ-আপ, কিডছ এণ্ড মিচেছ ফেশ্বন শ্ব’ উত্তৰ-পূব উৎসৱ ২০১৮ – ১৯ ত দ্বিতীয় ৰানাৰ্ছ-আপ হিচাপে বিবেচিত হয়।আয়ুষ্মানে – বেষ্ট টেলেণ্ট, বেষ্ট পাৰ্চনেলিটি,বেষ্ট পপুলাৰ, কিউত ফেচ,বেষ্ট কষ্টিউম, বেষ্ট স্মাইল, বেষ্ট হেয়াৰ, বেষ্ট ৱাক, বেষ্ট ফটোজেনিক ফেছ, বেষ্ট প্ৰমিছিং ফেছ আদি খিতাপ লাভ কৰি তৈলনগৰী দুলীয়াজানৰ লগতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।ফেশ্বন শ্ব’ৰ ৰেম্পত উজলি উঠা এইগৰাকী প্ৰতিভাশালী শিশু মডেলৰ কৃতিত্ব বহু কেইখন আগশাৰীৰ আলোচনীত প্ৰকাশ হৈছে।শিক্ষাৰ লগতে তেওঁৰ সংগীত আৰু চিত্ৰাংকন বিষয়তো বিশেষ দখল আছে।অনাগত দিনত তেওঁ উজ্জ্বল নক্ষত্ৰ ৰূপে উজলি উঠিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.