হাইলাকান্দিৰ গাগলাচেৰা চাহ বাগিচাৰ শ্ৰমিকক বিজেপিৰ সাহায্য

Share This Article

যোৱ‍া ১৫ ডিচেম্বৰত হাইলাকান্দি জিলাৰ গাগলাচেৰা চাহ বাগিচাৰ স্বত্বাধিকাৰ আৰু পৰিচালকে অবৈধ আৰু অনৈতিকভাৱে বাগিচাখন হঠাতে বন্ধ কৰি পলায়ন কৰে ।ফলস্বৰূপে, বাগিচাৰ শ্ৰমিকসকলৰ জীৱন অতি সংকটত পৰিছে। অনাহাৰে -অৰ্ধাহাৰে জীৱন অতিবাহিত কৰিব লগিয়া হৈছে বাগিচাৰ শ্ৰমিক সকলে।বৰ্তমান বাগিচাৰ শ্ৰমিকসকল যথেষ্ট খাদ্যৰ অভাৱৰ সন্মুখীন হৈছে ।সেয়েহে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি ড° মিলন দাস আৰু কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাৰ যুটীয়া প্ৰচেষ্টাত শুকুৰবাৰে বাগিচাৰ শ্ৰমিকসকলক সাহায্য বিতৰণ কৰে।লগতে তেওঁ লোকে জনায় যে ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভণিৰে পৰা এই সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে। শ্ৰমিক সকলৰ কাষত শেষৰলৈকে বিজেপি থিয় হৈ থাকিব বুলিও তেওঁলোকে আশ্বাস প্ৰদান কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.