ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদ মেলঃ এতিয়াৰে পৰা নিয়মানুৱৰ্তীতা আৰু অনুশাসনক লৈ কঠোৰ হব কংগ্ৰেছ

Share This Article

এতিয়াৰে পৰা নিয়মানুৱৰ্তীতা আৰু অনুশাসনক লৈ কঠোৰ হব কংগ্ৰেছ নেতৃত্ব। ইয়াকে লৈ আজি ৰাজীৱ ভৱনত এখন সংবাদ মেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছে। ১৫খন জিলাৰ ২১২ জনকৈ কংগ্ৰেছ কৰ্ম-কৰ্তাৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। আনকি এই তালিকাত অন্তৰ্ভুক্ত হৈছে প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মন্ত্ৰী তথা বিধায়কৰ নাম। বিগত বিধানসভা নিৰ্বাচনত নিজৰেই প্ৰাৰ্থীক প্ৰতাৰণা কৰাৰ অভিযোগ এই সকল কৰ্ম-কৰ্তাৰ বিৰুদ্ধে। জাননী লাভ কৰা সকলে ১৫ দিনৰ ভিতৰত দিব লাগিব উত্তৰ। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত Disciplinary Action Committeeৰ সিদ্ধান্ত মৰ্মে জাৰি কৰা হৈছে জাননী। ইফালে আগন্তুক উপ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে কংগ্ৰেছ। কংগ্ৰেছী বিধায়ক ভৰত নৰহে নিৰ্বাচন সম্পৰ্কে মন্তব্য কৰি কয় যে কংগ্ৰেছে যদিও ৬ টা সমষ্টিতে প্ৰাৰ্থী দিব তথাপিও কিন্তু থাওৰা আৰু মৰিয়নীহে হ’ব আমাৰ মূল সমষ্টি। কাৰণ তাত পূৰ্বে আমাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল আৰু সেয়েহে আমি তাত শক্তিশালী প্ৰাৰ্থী দিম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.