পানেৰীৰ বেটাৰ লাইফ মেডিকেল চেণ্টাৰৰ আদৰণীয় পদক্ষেপ

ওদালগুৰিৰ পানেৰীস্থিত বেটাৰ লাইফ মেডিকেল চেণ্টাৰে দৰিদ্ৰ লোকসকলক সু-স্বাস্থ্য প্ৰদানৰ উদ্দেশ্যেৰে কেইবাটাও নতুন সেৱা আগবঢ়াইছে। ভেৰগাঁও, টংলাৰ বিভিন্ন অঞ্চলকে ধৰি জিলাখনৰ বহুতো পিছপৰা গাঁও তথা আৰ্থিকভাৱে পিছপৰা লোকসকলে ধনৰ অভাৱত বিভিন্ন ৰোগত চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঘৰতে সোমাই থাকে।ফলশ্ৰুতিত সেই ৰোগবিধে জটিলতাৰ ৰূপ লোৱাত অকালতে মৃত্যুক সাবতিবলগীয়াও হয়।এনে পিছপৰা লোকসকলৰ প্ৰতি লক্ষ্য ৰাখিয়েই বেটাৰ লাইফে প্ৰথম অৱস্থাত কেৱলমাত্ৰ ৰোগীৰ পৰা ৩০ টকাৰে পঞ্জীয়নভুক্ত কৰি পাছলৈ সম্পূৰ্ণ এবছৰৰ বাবে বিনামূলীয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল’ব পৰাকৈ সুবিধা প্ৰদান কৰিছে।আনহাতে মুম্বাইৰ প্রতিষ্ঠিত ‘জেনেৰিক আধাৰ’ নামৰ টাটা কোম্পানীৰ সহযোগত বেটাৰ লাইফে উচ্চ মানৰ ঔষধ-পাতি কম মূল্যত প্ৰদান কৰি আছে বুলি বেটাৰ লাইফ কৰ্তৃপক্ষই প্ৰকাশ কৰে।জিলাখনৰ ভিতৰুৱা তথা পিছপৰা অঞ্চলসমূহত ‘আৰোগ্য স্পৰ্শ’ নামৰ এক অভিযানৰ জৰিয়তে প্ৰতি বুধবাৰ আৰু বৃহস্পতিবাৰে ঘৰে-ঘৰে গৈ জ্যেষ্ঠ-কণিষ্ঠ তথা পুৰুষ-মহিলা সকলোকে বিনামূলীয়াকৈ ব্লাড প্ৰেচাৰ, ডায়েবেটিচ আদি বিভিন্ন ৰোগৰ পৰীক্ষা কৰাৰ লগতে ৰোগীয়ে ল’বলগীয়া সাৱধানতা তথা পৰামৰ্শ প্ৰদান কৰি আছে। কোনো এগৰাকী ব‍্যক্তি টকাৰ অভাৱৰ বাবে চিকিৎসা তথা ঔষধ-পাতি আদিৰ পৰা বঞ্চিত হৈ যাতে মৃত্যুক সাবটিবলগীয়া নহয়, সেই উদ্দেশ্যৰেই এনে পদক্ষেপৰ জৰিয়তে বেটাৰ লাইফে ৰাইজক সেৱা আগবঢ়াই আহিছে বুলি জনাই বেটাৰ লাইফ মেডিকেল চেণ্টাৰৰ স্বত্বাধিকাৰ ডাঃ ছায়ান্তনি ভট্টাচাৰ্যই। বেটাৰ লাইফে আগবঢ়াই অহা এনে আদৰণীয় পদক্ষেপ তথা সেৱাৰ সন্দৰ্ভত সমগ্ৰ পানেৰীবাসীৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলৰ লোকসকলে উক্ত মেডিকেল চেণ্টাৰটোৰ সমূহ কৰ্তৃপক্ষক কৃতজ্ঞতা জনাইছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296