শিৱসাগৰত উচ্ছেদ

শিৱসাগৰ নগৰৰ ষ্টেচন চাৰি আলিত থকা শিৱসাগৰ নগৰ ৰেল ষ্টেচনৰ ভূমি অবৈধ ভাবে দখল কৰি থকা দুটা পৰিয়ালক আজি ৰেল বিভাগে শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ কৰে।বাৰম্বাৰ জাননী প্ৰদান কৰাৰ পাছতো বেদখলকাৰী পৰিয়াল দুটাই ভূমি এৰি নিদিয়াত আজি বল প্ৰয়োগ কৰি ৰেল বিভাগে শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত পৰিয়াল দুটাক উচ্ছেদ কৰে।উল্লেখযোগ্য যে শিৱসাগৰ নগৰ ৰেল ষ্টেচনৰ আন্তঃগাথঁনি সম্প্ৰসাৰণ কৰাৰ বাবে বিভাগটোৱে এই উচ্ছেদ অভিযান চলায়।বিভাগটোৱে অবৈধ ভাৱে ৰেলৰ মাটিত গৃহ নিৰ্মাণ কৰা হাছী দেৱী আৰু ৰ’জ আলিৰ ঘৰ দুটা উচ্ছেদ কৰে।জিলা প্ৰশাসন আৰু ৰেল বিভাগে এই উচ্ছেদ অভিযান ৰেল বিভাগৰ ভূমি বেদখলমুক্ত নকৰা পৰ্যন্ত চলি থাকিব বুলি প্ৰকাশ কৰিছে।আনহাতে, উচ্ছেদ কৰা ভূমিহীন পৰিয়াল সমূহৰ পুনৰ সংস্থাপনৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে বিকল্প ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296