অসমতো ইমান মাওবাদী?

Share This Article

ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৯ মাওবাদীয়ে । ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই আজি আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। উল্লেখ্য যে ২০১৭ চনৰ পৰা মাওবাদীৰে সম্পৰ্ক ৰক্ষা কৰি আহিছিল এই ৯ জন কেডাৰে। অৱশ্যে আত্মসমৰ্পণৰ সময়ত কোনো মাৰণাস্ত্ৰ জমা দিয়া নাই। আৰক্ষীয়ে বৰ্তমানো সোধাপোচা অব্যাহত ৰাখিছে । আত্মসমৰ্পণ কৰা মাওবাদী কেইজন ক্ৰমে ডিব্ৰুগড় নাহৰকটীয়াৰ অজয় চবৰ, যোৰহাট টীয়কৰ ভৰত তাঁতী, ডিব্ৰুগড় ৰাজগড়ৰ অমৃত মূড়া, ডিব্ৰুগড় নামৰূপৰ অনিল সিং, ডিব্ৰুগড় টিংখাঙৰ মোহন মূড়া, ডিব্ৰুগড় ৰাজগড়ৰ অজিত ওৰাং, ডিব্ৰুগড় নাহৰকটীয়া চাচনিৰ দ্বীপেন মানকি, যোৰহাট মৰিয়নীৰ বিপুল তাঁতী, ডিব্ৰুগড় টিংখাঙৰ মিণ্টু ভূমিজ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.