মাজবাটৰ খুচুৰাবাৰীত বীৰ বীৰছা মুণ্ডা ১৪৭ সংখ্যক জন্ম জয়ন্তী বৰ্ষ পালনৰ প্ৰস্তুতি

Share This Article

ওদালগুৰি জিলাৰ মাজবাটৰ খুচুৰাবাৰীত বীৰ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি চলিছে। মঙলবাৰে পুৱা খুচুৰাবাৰীৰ বীৰছা মুণ্ডা পুথিভঁৰাল সভা কক্ষত ৩৯ নং পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ দীপক মৌৰৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত ১৫ নৱেম্বৰত উদযাপন হ’ব লগা বীৰ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী উদযাপন সমিতি গঠন কৰা হয় । জন্ম জয়ন্তী উদযাপন সমিতিত এম চি এল এ দীপক মৌৰক সভাপতি, নৱজ্যোতি কুৰ্মীক কাৰ্যকৰী সভাপতি, গোবিন্দ লোহাৰক মুখ্য সম্পাদক, আচমান মাংকীক যুটীয়া সম্পাদক হিচাপে লৈ এখন ৫১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। সভা খনত উপস্থিত থাকে বীৰছা মুণ্ডা ক্লাৱ আৰু পুথিভঁৰালৰ সভাপতি ধীৰেন ৰাজোৱাৰ, খামটোবাৰী, বেতিবাৰী চাহ বাগিচাৰ গাঁও প্রধান ভদ্রেশ্বৰ পানিকা, বীৰছা মুণ্ডা ক্লাৱৰ উপ সভাপতি বাপ্পী ধৰ, সম্পাদক মাচিৎ তপ্ন,সহ সম্পাদক ভাদুৱা ওৰাং,হৰেন কুৰ্মী, জতন ভগত,মাজবাট আঞ্চলিক আছাৰ প্ৰাক্তন সভাপতি দিলৰাজ পানিকা, মাজবাট আঞ্চলিক আছাৰ সভাপতি শিৱলাল পানিকা, সম্পাদক গোলাপ গোড় আদি উপস্থিত থাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.