‘মনোহৰী’য়ে মুহিলে মন

Share This Article

ডিব্ৰুগড়ৰ চাহৰ বিশ্ব অভিলেখ।পুনৰ এবাৰ বিশ্ব বজাৰত ইতিহাস ৰচিলে ডিব্ৰুগড়ৰ মনোহাৰী গল্ড টীয়ে।চাহ নিলাম দৰৰ সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি উজনিৰ মনোহাৰী চাহ বাগিচাৰ উৎপাদিত চাহে পুনৰ এবাৰ বিক্রীৰ সৰ্বাধিক দৰ অতিক্রম কৰি নতুন অভিলেখ ৰচিলে বিশ্ব চাহৰ বজাৰত।প্ৰতি কিলোগ্রামত ১,১৫,০০০ টকাত নিলাম বজাৰত বিক্রী হৈ গঢ়ে এই নতুন অভিলেখ।মেছিনেৰে নহয় হস্ত নিৰ্মাণ প্ৰক্ৰিয়াৰে উৎপাদিত চাহপাত মনোহাৰী গল্ড টীয়ে নিলাম দৰ প্ৰতি কিলোগ্রামত ১,১৫,০০০ টকাৰ বিনিময়ত বিক্রী মূল্য নিৰ্ধাৰণ হয়। হায়দৰাবাদৰ ব্যক্তিগত নিলাম পৰ্টেলত ১৬ ডিচেম্বৰত চাহপাত বিধ আৰ কে টি ছেলছ নামৰ প্ৰতিষ্ঠানটোৱে ক্ৰয় কৰে।উল্লেখ্য যে ইয়াৰ পূৰ্বে ৯৯,৯৯৯ টকাৰ পূৰ্বৰ নিজৰেই চাহৰ অভিলেখ ভংগ কৰে মনোহাৰী গল্ড টীয়ে।ইয়াৰ পূৰ্বেও ধাৰাবাহিক ভাৱে মনোহাৰী গল্ড টীয়ে নিলাম বজাৰত বিগত কেইবাটাও বছৰে সৰ্বাধিক দৰত বিক্রীৰ অভিলেখ সৃষ্টি কৰিছিল। গুৱাহাটীৰ চাহ নিলাম কেন্দ্রত ধাৰ্য কৰা চাহৰ সৰ্বাধিক নিলাম দৰ এক লাখ হৈ থকাৰ বাবে এইবাৰ ব্যক্তিগত চাহ নিলাম বজাৰত মনোহাৰী চাহ বাগিচাৰ চাহে নিলামৰ বাবে অবতীর্ণ হৈছিল।মনোহাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰী তথা বিখ্যাত চাহ খেতিয়ক ৰাজেন লোহিয়াই জনালে এই নিলাম প্ৰক্ৰিয়াৰ সমগ্ৰ তথ্য।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.