সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চাইবাৰ কাণ্ডত জড়িত সাংবাদিক

তিতাবৰত সংঘটিত হৈছে এটা ভয়ংকৰ চাইবাৰ কাণ্ড।চাইবাৰ অপৰাধী চক্ৰৰ কৱলত পৰি তিতাবৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাওলোৱা হ’ল সহস্ৰজন।সাংবাদিকতা বৃত্তিত কলংক সানি বৃত্তিটোৰ লগত জড়িত তিতাবৰৰ চাৰিগৰাকী সাংবাদিকৰ নেতৃত্বত অপৰাধী চক্ৰটোৱে লুটি নিলে কোটি কোটি টকা।বষ্টন ডাইনেমিকছ নামত এটা হোৱাটচ আপ গ্ৰুপ খুলি অপৰাধ চক্ৰটোৰ লগত জড়িত হৈ তিতাবৰৰ যুৱককেইজনে লুটি নিলে অগণন লোকৰ ধন।বৰ্তমান আটাই কেইজনেই পলাতক ।আৰক্ষী বিশেষ শাখাৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ নিৰ্দেশত যোৰহাট জিলা আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.