ধনশিৰিৰ খুছী পালেগৈ স্পেইন

স্পেইনৰ মাৰিয়াই নিজৰ কৰি ল’লে ধনশিৰিৰ খুছীক।এটি অনাথ শিশুৱে পালে নতুন জীৱন ৷ কণমানিজনীৰ এতিয়া বয়স দুবছৰ । এদিন বোকাজানৰ ঘৰিয়ালডুবিত কোনো হৃদয়হীন মাতৃয়ে পেলাই দিছিল সদ্যোজাত শিশুটিক । যি সময়ত শিশুটিক উদ্ধাৰ কৰা হৈছিল তেতিয়া তাইৰ সমগ্ৰ দেহটো পৰুৱাই কামুৰি ৰক্তাক্ত কৰিছিল । কোনো মতে জীৱটো আছিল কণমানিটিৰ । চকুৰ পতাৰ পৰা সমগ্ৰ দেহটো পৰুৱাৰ কামোৰত উখহি আছিল । শিশুটিক উদ্ধাৰ কৰি আনি ধনশিৰিৰ মিছন কনচান শিশু গৃহৰ সকলোৰে মাতৃ অম্বিকাই ডিফু মেডিকেল কলেজত ভৰ্তি কৰিছিল । প্ৰথম নিৰীক্ষণতে চিকিৎসকে শিশুটি ভাল হোৱাৰ আশা নাই বুলিয়ে কৈছিল । এসপ্তাহ ডিফু মেডিকেল কলেজৰ অধ্যাপক সকলে চিকিৎসা কৰি হাত দাঙিলে ৷ মূৰ্মুৰ্ষ খুছীক লৈ যোৱা হ’ল ডিমাপুৰৰ জীৰন চিকিৎসালয়লৈ । ডিমাপুৰৰ চিকিৎসকে পোন্ধৰ দিন চিকিৎসা কৰি খুছীক জীৱন দিলে । খুছীক চিকিৎসালয়ৰ পৰা অনাৰ সময়ত আকৌ আহিল নতুন সমস্যা এইবাৰ অভাৱ হ’ল ধনৰ ৷ শুভাকাংক্ষী হৃদয়বান কিছু লোকে সহায়ৰ হাত আগবাঢ়ালে । লাহে লাহে খুছী সবল-সুস্থ শিশু হৈ পৰিল । হাবিত পেলাই দিয়া সেই খুছী নামৰ শিশুটিয়ে আজি এক নতুন জীৱন লাভ কৰিলে । দুবছৰ অপেক্ষা কৰাৰ পিছত খুছীক নিজৰ সন্তান কৰি লোৱাৰ সকলো যাবতীয় কাম সম্পূৰ্ণ কৰিলে স্পেইনৰ এখন বিশ্ববিদ্যালয়ৰ অধ্যাপক মিছ মাৰিয়াই জেৰনিয়া এমংগল ৰামছে । দিল্লীৰ পৰা আহি গুৱাহাটীত থাকি সোমবাৰে পুৱাতে নিজৰ সন্তানক নিবলৈ অতি ভিতৰুৱা এলেকা ধনশিৰিত উপস্থিত হ’লহি মাৰিয়া , তেওঁৰ ভগ্নী চনিয়া এমংগল ৰামছ আৰু দুভাষী জমাল মুৰছেন । ধনশিৰিৰ শিশু গৃহত আজি আয়োজিত এক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত সহকাৰী আয়ুক্ত নুপুৰ বৰাই আনুষ্ঠানিক ভাবে খুছীৰ সকলো কাগজপত্ৰ অৰ্পণ কৰে । আজি খুছীৰ বিদায় অনুষ্ঠানত সদৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা , অসম ৰাইফলচৰ মেজৰ অমৰেন্দ্ৰ , ডিফু উপায়ুক্ত কাৰ্যলয়ৰ প্ৰশাসনিক বিষয়া কুমাৰী থাওমুং , চৰকাৰী গাওঁবুঢ়া , শিশু কল্যাণ পৰিষদৰ প্ৰতিনিধি উপস্থিত থাকে ।শিশুগৃহ মাতৃ তথা মিছন কনছাৰনৰ সভাপতি অম্বিকাই খুছীৰ বিদায় পৰত এক আবেগিক বক্তব্য ৰাখি ভগৱানে খুছীৰৰ ভাল কৰিব বুলি কয় । আৰক্ষী অধীক্ষক শইকীয়াই এনে এটা মহৎ অনুষ্ঠানৰ অংশীদাৰ হ’বলৈ পোৱাত সন্তোষ প্ৰকাশ কৰি মাৰিয়াক কৃতজ্ঞতা জনায় । অতিৰিক্ত সহকাৰী আয়ুক্ত নুপুৰ বৰাই নিজৰ ভাষণত শিশুগৃহৰ লোক সকলৰ যি আন্তৰিক প্ৰচেষ্টা তাৰ শলাগ লয় । শিশু গৃহৰ অন্যতম উদ্যোক্তা সঞ্জু বৰাই খুচিৰ জীৱনৰ কাহিনী সকলোকে অৱগত কৰাই। এদিন পথৰ দাঁতিত পেলাই দিয়া খুচি এতিয়া স্পেইনৰ নাগৰিক হ’ব । এক নতুন জীৱন নতুন পৃথিৱীৰ পোহৰ পালে আজি খুছী নামৰ অনাথ শিশুটিয়ে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296