স্পেইনৰ মাৰিয়াই নিজৰ কৰি ল’লে ধনশিৰিৰ খুছীক।এটি অনাথ শিশুৱে পালে নতুন জীৱন ৷ কণমানিজনীৰ এতিয়া বয়স দুবছৰ । এদিন বোকাজানৰ ঘৰিয়ালডুবিত কোনো হৃদয়হীন মাতৃয়ে পেলাই দিছিল সদ্যোজাত শিশুটিক । যি সময়ত শিশুটিক উদ্ধাৰ কৰা হৈছিল তেতিয়া তাইৰ সমগ্ৰ দেহটো পৰুৱাই কামুৰি ৰক্তাক্ত কৰিছিল । কোনো মতে জীৱটো আছিল কণমানিটিৰ । চকুৰ পতাৰ পৰা সমগ্ৰ দেহটো পৰুৱাৰ কামোৰত উখহি আছিল । শিশুটিক উদ্ধাৰ কৰি আনি ধনশিৰিৰ মিছন কনচান শিশু গৃহৰ সকলোৰে মাতৃ অম্বিকাই ডিফু মেডিকেল কলেজত ভৰ্তি কৰিছিল । প্ৰথম নিৰীক্ষণতে চিকিৎসকে শিশুটি ভাল হোৱাৰ আশা নাই বুলিয়ে কৈছিল । এসপ্তাহ ডিফু মেডিকেল কলেজৰ অধ্যাপক সকলে চিকিৎসা কৰি হাত দাঙিলে ৷ মূৰ্মুৰ্ষ খুছীক লৈ যোৱা হ’ল ডিমাপুৰৰ জীৰন চিকিৎসালয়লৈ । ডিমাপুৰৰ চিকিৎসকে পোন্ধৰ দিন চিকিৎসা কৰি খুছীক জীৱন দিলে । খুছীক চিকিৎসালয়ৰ পৰা অনাৰ সময়ত আকৌ আহিল নতুন সমস্যা এইবাৰ অভাৱ হ’ল ধনৰ ৷ শুভাকাংক্ষী হৃদয়বান কিছু লোকে সহায়ৰ হাত আগবাঢ়ালে । লাহে লাহে খুছী সবল-সুস্থ শিশু হৈ পৰিল । হাবিত পেলাই দিয়া সেই খুছী নামৰ শিশুটিয়ে আজি এক নতুন জীৱন লাভ কৰিলে । দুবছৰ অপেক্ষা কৰাৰ পিছত খুছীক নিজৰ সন্তান কৰি লোৱাৰ সকলো যাবতীয় কাম সম্পূৰ্ণ কৰিলে স্পেইনৰ এখন বিশ্ববিদ্যালয়ৰ অধ্যাপক মিছ মাৰিয়াই জেৰনিয়া এমংগল ৰামছে । দিল্লীৰ পৰা আহি গুৱাহাটীত থাকি সোমবাৰে পুৱাতে নিজৰ সন্তানক নিবলৈ অতি ভিতৰুৱা এলেকা ধনশিৰিত উপস্থিত হ’লহি মাৰিয়া , তেওঁৰ ভগ্নী চনিয়া এমংগল ৰামছ আৰু দুভাষী জমাল মুৰছেন । ধনশিৰিৰ শিশু গৃহত আজি আয়োজিত এক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত সহকাৰী আয়ুক্ত নুপুৰ বৰাই আনুষ্ঠানিক ভাবে খুছীৰ সকলো কাগজপত্ৰ অৰ্পণ কৰে । আজি খুছীৰ বিদায় অনুষ্ঠানত সদৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা , অসম ৰাইফলচৰ মেজৰ অমৰেন্দ্ৰ , ডিফু উপায়ুক্ত কাৰ্যলয়ৰ প্ৰশাসনিক বিষয়া কুমাৰী থাওমুং , চৰকাৰী গাওঁবুঢ়া , শিশু কল্যাণ পৰিষদৰ প্ৰতিনিধি উপস্থিত থাকে ।শিশুগৃহ মাতৃ তথা মিছন কনছাৰনৰ সভাপতি অম্বিকাই খুছীৰ বিদায় পৰত এক আবেগিক বক্তব্য ৰাখি ভগৱানে খুছীৰৰ ভাল কৰিব বুলি কয় । আৰক্ষী অধীক্ষক শইকীয়াই এনে এটা মহৎ অনুষ্ঠানৰ অংশীদাৰ হ’বলৈ পোৱাত সন্তোষ প্ৰকাশ কৰি মাৰিয়াক কৃতজ্ঞতা জনায় । অতিৰিক্ত সহকাৰী আয়ুক্ত নুপুৰ বৰাই নিজৰ ভাষণত শিশুগৃহৰ লোক সকলৰ যি আন্তৰিক প্ৰচেষ্টা তাৰ শলাগ লয় । শিশু গৃহৰ অন্যতম উদ্যোক্তা সঞ্জু বৰাই খুচিৰ জীৱনৰ কাহিনী সকলোকে অৱগত কৰাই। এদিন পথৰ দাঁতিত পেলাই দিয়া খুচি এতিয়া স্পেইনৰ নাগৰিক হ’ব । এক নতুন জীৱন নতুন পৃথিৱীৰ পোহৰ পালে আজি খুছী নামৰ অনাথ শিশুটিয়ে ।