GI টেগ পালে গামোচাই

অসমীয়াৰ সন্মানৰ প্ৰতীক গামোচাক ভাৰতৰ ভৌগোলিক সূচক পঞ্জীয়কে ( Register of Geographical Indication) GI স্বীকৃতি প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ শিপিনী সকল। এতিয়াৰ পৰা অসমত উৎপাদিত গামোচাৰ এক সুকীয়া মৰ্যাদা থাকিব।উল্লেখ্য যে গামোচাৰ জনপ্ৰিয়তা ক্ৰমশঃ বৃদ্ধি পোৱাত অসমৰ বাহিৰেও দেশৰ অন্য প্ৰান্তত তৈয়াৰী মেচিনত তৈয়াৰী গামোচাৰে ভৰি পৰিছে অসমৰ বজাৰ।থলুৱা শালত বোৱা গামোচাৰ দাম তুলনামূলকভাবে বেছি হোৱা বাবে বাহিৰৰ কম দামী নিম্ন মানৰ গামোচাই বজাৰ দখল কৰি আহিছে যাৰবাবে থলুৱা শিপিনী সকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে ।গামোচাই GI স্বীকৃতি লাভ কৰাত শিৱসাগৰৰ দৰিকাপাৰ নাওজান গাঁৱৰ যোগ টেক্সটাইলৰ শিপিনী সকল উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296