মহিলাই হিজাব পিন্ধি শিক্ষাগ্ৰহণ কৰিব পাৰিব, পুৰুষ শিক্ষকে পৰ্দাৰ পিছফালৰ পৰা শিকাব পাৰিবঃ তালিবান

Share This Article

আফগানিস্তানৰ শাসনভাৰ দখল কৰাৰ পিছৰে পৰা তালিবানৰ আচহুৱা আচৰণে এতিয়া আচম্বিত কৰিছে সকলোকে। তালিবানে ঘোষণা কৰিছে যে আফগান বিশ্ববিদ্যালয়সমূহ লিংগৰ ভিত্তিত পৃথকীকৰণ কৰা হ’ব। লগতে এই প্ৰতিষ্ঠানবোৰত নতুন ইছলামিক পোছাক সংহিতা প্ৰৱৰ্তন কৰা হ’ব।
দেশৰ নতুন উচ্চ শিক্ষা মন্ত্ৰী আব্দুল বাকী হাক্কানিয়ে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে দেশৰ সহ-শিক্ষাই ল’ৰা আৰু ছোৱালীক একেলগে পঢ়িবলৈ অনুমতি নিদিয়ে।
হাক্কানিয়ে ইতিমধ্যেই বিশ্ববিদ্যালয়সমূহত শিকোৱা বিষয়সমূহৰ পুনৰীক্ষণৰ কথাও উল্লেখ কৰিছে। ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তালিবানৰ প্ৰথম কাৰ্যকালত মহিলা আৰু ছোৱালীসকলক আফগানিস্তানৰ বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ দিয়া হোৱা নাছিল। ৰাষ্ট্ৰপতি ভৱনত পতাকা উত্তোলন কৰাৰ এদিন পিছতে তালিবানে নতুন উচ্চ শিক্ষা নীতি ঘোষণা কৰিছে। তালিবানে ঘোষণা কৰিছে যে মহিলাই হিজাব পিন্ধি শিক্ষাগ্ৰহণ কৰিব পাৰিব, পুৰুষ শিক্ষকে পৰ্দাৰ পিছফালৰ পৰা শিকাব পাৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.