লাভলীনালৈ ডি এছ পিৰ চাকৰি : আৰু কি কি উপহাৰ অসম চৰকাৰৰ ?

Share This Article

অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পিৰ চাকৰি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক্ৰীড়াবিদগৰাকীক ১ কৌটি টকাৰ এখন চেকো প্ৰদান কৰে ৷ লগতে তেওলৈ আগবঢ়াইছে এক বিশেষ জলপানি ৷ লাভলীনাক পেৰিছ অলিম্পিকৰ প্ৰস্তুতি চলাবলৈ অসম চৰকাৰে মাহে ১ লাখকৈ টকাৰ এই জলপানি প্ৰদান কৰিব ৷ একেসময়তে লাভলীনাৰ নামেৰে গুৱাহাটীৰ এটা পথৰো নামাকৰণ কৰা হ’ব ৷ অদুপৰি লাভলীনাৰ চাৰিগৰাকী প্ৰশিক্ষককো অসম চৰকাৰে ১০ লাখকৈ টকা প্ৰদান কৰিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.