সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিৰ্মাণৰ আগতেই অন্তৰ্ধান হ’ল মাজুলীৰ দলঙৰ আধা অংশ

দলঙৰ নামত মাজুলীবাসীক দীৰ্ঘদিন ধৰি কৰি অহা প্ৰবঞ্চনাৰ পৰিণতিত বুধবাৰে নিমাতীঘাটত সংঘটিত হ’ল ভয়াৱহ নাও দুৰ্ঘটনা ৷কাৰ ভুল , কাৰ হেমাহিত এই ভয়াৱহ ঘটনা সংঘটিত হ’বলৈ পালে , তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে আধাৰশিলা  স্থাপন কৰিছিল মাজুলী – যোৰহাট সংযোগী দলঙৰ ৷তাৰ পাছৰ পাঁচটা বছৰত এটা শিলো নপৰিল দলঙৰ নামত ৷আকৌ নিৰ্বাচন চমু চাপি অহাত ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলঙৰ নিৰ্মান কাৰ্য উদ্বোধন কৰিলে ৷ কিন্তু নতুন দলঙৰ নামতো মাজুলীক আন এক বৃহৎ প্ৰবঞ্চনা কৰা হ’ল ৷

২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে মাজুলীৰ দলঙৰ আধাৰশিলা স্থাপন কৰিছিল ৷  তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু পৰৱৰ্তী সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই দলঙ সন্দৰ্ভত এক ফেচবুক পোষ্টত উল্লেখ কৰিছে যে যোৰহাট – মাজুলীৰ এই দলঙখন টেকেলিফুটা – দিচাংমুখ- ঢকুৱাখানা আৰু শিৱসাগৰৰ লগত সংলগ্ন হৈ থাকিব ৷

- Donation -

মাজুলীৰ দলঙৰ আধাৰশিলা সন্দৰ্ভত  কাকতত প্ৰকাশিত বাতৰিতো দলঙখনৰ বিষয়ে সবিশেষ তথ্য প্ৰকাশ পাইছে ৷ বাতৰিটোত কোৱা হৈছে যে সামগ্ৰিকভাৱে এই দলঙ আৰু পথ প্ৰকল্পই মাজুলীক তিনিখন জিলাৰ লগত সংযোগ কৰিব ৷ নতুন দলঙে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটো যোৰহাটৰ নিমাতীঘাটৰ লগতে শিৱসাগৰৰ দিচাংমুখ আৰু লখিমপুৰৰ ঢকুৱাখানাৰ লগতো  সংযোগ কৰিব ৷দলঙ নিৰ্মান হোৱাৰ পাছত মাজুলীবাসী পোনপটীয়াকৈ ৩৭ আৰু ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযুক্ত হ’ব পাৰিব ৷ এয়া আছিল মাজুলীক স্থলপথেৰে অসমৰ আন ঠাইসমূহৰ লগত সংযুক্ত কৰাৰ পৰিকল্পনা ৷ কিন্তু তাৰ পাছত দলঙৰ নামত মাজুলীত কি চলিল সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷

পাঁচ বছৰ উকলি যোৱাৰ পাছত ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজুলীৰ দলঙৰ নিৰ্মানকাৰ্যৰ শুভাৰম্ভ কৰে ৷ কিন্তু এইবাৰো মাজুলীবাসীক চৰম প্ৰতাৰণা কৰা হ’ল ৷ কথা আছিল নতুন দলঙেৰে মাজুলীক যোৰহাটৰ লগতে টেকেলিফুটা – দিচাংমুখ- ঢকুৱাখানা আৰু শিৱসাগৰৰ লগত সংযুক্ত কৰাৰ ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ চৰকাৰী বিবৃতিলৈ চাওক ৷

এই বিবৃতিত  কোৱা হৈছে যে নতুন দলঙখন নিৰ্মান হ’ব যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ ৷ মাত্ৰ ৬.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলঙখনৰ নিৰ্মান ব্যয় হ’ব ৯২৫ কৌটি টকা ৷ নিৰ্মানৰ দায়িত্ব লাভ কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰী সংস্থা ইউ পি ব্ৰীজ কৰ্পোৰেশ্যন লিমিটেডে ৷ অৰ্থাৎ আধাৰশিলাৰ পৰা নিৰ্মানকাৰ্য আৰম্ভ হোৱালৈকে মাজুলীৰ প্ৰস্তাৱিত দলঙৰ  আধাতকৈও বেছি অংশ অন্তৰ্ধান হৈ পৰিল ৷টেকেলীফুটা , দিচাংমুখ , ঢকুৱাখানাৰ লগত নতুন দলঙখনৰ কোনো সম্পৰ্ক নাথাকিব ৷ দলঙ নিৰ্মান হ’ব কেৱল নিমাতীঘাটৰ পৰা কমলাবাৰীলৈ ৷ এইদৰেই বৃহৎ দলঙ প্ৰকল্পটোৰ আধা অংশ নিৰ্মানর্কা্ৰ্য আৰম্ভ কৰাৰ সময়তেই কৰ্তন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তাতোকৈ আক্ষেপৰ কথাটো হ’ল ফেব্ৰুৱাৰী মাহত নিৰ্মানকাৰ্য আৰম্ভ হোৱাৰ পাছতো সাত মাহ উকলি গ’ল ৷ এই সাত মাহত এটা খুটাৰো নিৰ্মান কাৰ্য সম্পন্ন নহ’ল ৷অথচ প্ৰাক্তণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অহা যোৱাত সুবিধা হোৱাকৈ এই সময়ছোৱাত মাজুলীত প্ৰায় ১ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হ’ল অত্যাধুনিক হেলিপেড ৷

এয়াই হৈছে মাজুলীৰ লগতে সমগ্ৰ অসমবাসীক কেন্দ্ৰীয় চৰকাৰে দলঙৰ নামত বছৰ বছৰ ধৰি কৰি অহা প্ৰতাৰণাৰ নিৰ্মম কাহিনী ৷ যাৰ বাবে আজি ব্ৰক্ষ্মপুত্ৰৰ বুকুত এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে ৷হয়তো ইয়াৰ পাছত জনৰোষত পৰাৰ ভয়ত দলঙৰ কাম খৰটকীয়া হ’ব ৷ কিন্তু মাজুলীবাসীক যোৰহাটৰ লগতে শিৱসাগৰ আৰু লখিমপুৰৰ লগতো সংলগ্ন কৰাৰ  যি সপোন দেখুওৱা হৈছিল ,  সেয়া কেতিয়াও পূৰণ নহ’ব ৷ কিয়নো নিৰ্মান আৰম্ভ হোৱাৰ আগতেই ইতিমধ্যে সমগ্ৰ প্ৰকল্পটোৰ আধা অংশ কৰ্তন কৰা হৈছে ৷

 

Leave A Reply

Your email address will not be published.