নিৰ্মাণৰ আগতেই অন্তৰ্ধান হ’ল মাজুলীৰ দলঙৰ আধা অংশ

Share This Article

দলঙৰ নামত মাজুলীবাসীক দীৰ্ঘদিন ধৰি কৰি অহা প্ৰবঞ্চনাৰ পৰিণতিত বুধবাৰে নিমাতীঘাটত সংঘটিত হ’ল ভয়াৱহ নাও দুৰ্ঘটনা ৷কাৰ ভুল , কাৰ হেমাহিত এই ভয়াৱহ ঘটনা সংঘটিত হ’বলৈ পালে , তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে আধাৰশিলা  স্থাপন কৰিছিল মাজুলী – যোৰহাট সংযোগী দলঙৰ ৷তাৰ পাছৰ পাঁচটা বছৰত এটা শিলো নপৰিল দলঙৰ নামত ৷আকৌ নিৰ্বাচন চমু চাপি অহাত ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলঙৰ নিৰ্মান কাৰ্য উদ্বোধন কৰিলে ৷ কিন্তু নতুন দলঙৰ নামতো মাজুলীক আন এক বৃহৎ প্ৰবঞ্চনা কৰা হ’ল ৷

২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে মাজুলীৰ দলঙৰ আধাৰশিলা স্থাপন কৰিছিল ৷  তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু পৰৱৰ্তী সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই দলঙ সন্দৰ্ভত এক ফেচবুক পোষ্টত উল্লেখ কৰিছে যে যোৰহাট – মাজুলীৰ এই দলঙখন টেকেলিফুটা – দিচাংমুখ- ঢকুৱাখানা আৰু শিৱসাগৰৰ লগত সংলগ্ন হৈ থাকিব ৷

মাজুলীৰ দলঙৰ আধাৰশিলা সন্দৰ্ভত  কাকতত প্ৰকাশিত বাতৰিতো দলঙখনৰ বিষয়ে সবিশেষ তথ্য প্ৰকাশ পাইছে ৷ বাতৰিটোত কোৱা হৈছে যে সামগ্ৰিকভাৱে এই দলঙ আৰু পথ প্ৰকল্পই মাজুলীক তিনিখন জিলাৰ লগত সংযোগ কৰিব ৷ নতুন দলঙে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটো যোৰহাটৰ নিমাতীঘাটৰ লগতে শিৱসাগৰৰ দিচাংমুখ আৰু লখিমপুৰৰ ঢকুৱাখানাৰ লগতো  সংযোগ কৰিব ৷দলঙ নিৰ্মান হোৱাৰ পাছত মাজুলীবাসী পোনপটীয়াকৈ ৩৭ আৰু ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযুক্ত হ’ব পাৰিব ৷ এয়া আছিল মাজুলীক স্থলপথেৰে অসমৰ আন ঠাইসমূহৰ লগত সংযুক্ত কৰাৰ পৰিকল্পনা ৷ কিন্তু তাৰ পাছত দলঙৰ নামত মাজুলীত কি চলিল সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷

পাঁচ বছৰ উকলি যোৱাৰ পাছত ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজুলীৰ দলঙৰ নিৰ্মানকাৰ্যৰ শুভাৰম্ভ কৰে ৷ কিন্তু এইবাৰো মাজুলীবাসীক চৰম প্ৰতাৰণা কৰা হ’ল ৷ কথা আছিল নতুন দলঙেৰে মাজুলীক যোৰহাটৰ লগতে টেকেলিফুটা – দিচাংমুখ- ঢকুৱাখানা আৰু শিৱসাগৰৰ লগত সংযুক্ত কৰাৰ ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ চৰকাৰী বিবৃতিলৈ চাওক ৷

এই বিবৃতিত  কোৱা হৈছে যে নতুন দলঙখন নিৰ্মান হ’ব যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ ৷ মাত্ৰ ৬.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলঙখনৰ নিৰ্মান ব্যয় হ’ব ৯২৫ কৌটি টকা ৷ নিৰ্মানৰ দায়িত্ব লাভ কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰী সংস্থা ইউ পি ব্ৰীজ কৰ্পোৰেশ্যন লিমিটেডে ৷ অৰ্থাৎ আধাৰশিলাৰ পৰা নিৰ্মানকাৰ্য আৰম্ভ হোৱালৈকে মাজুলীৰ প্ৰস্তাৱিত দলঙৰ  আধাতকৈও বেছি অংশ অন্তৰ্ধান হৈ পৰিল ৷টেকেলীফুটা , দিচাংমুখ , ঢকুৱাখানাৰ লগত নতুন দলঙখনৰ কোনো সম্পৰ্ক নাথাকিব ৷ দলঙ নিৰ্মান হ’ব কেৱল নিমাতীঘাটৰ পৰা কমলাবাৰীলৈ ৷ এইদৰেই বৃহৎ দলঙ প্ৰকল্পটোৰ আধা অংশ নিৰ্মানর্কা্ৰ্য আৰম্ভ কৰাৰ সময়তেই কৰ্তন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তাতোকৈ আক্ষেপৰ কথাটো হ’ল ফেব্ৰুৱাৰী মাহত নিৰ্মানকাৰ্য আৰম্ভ হোৱাৰ পাছতো সাত মাহ উকলি গ’ল ৷ এই সাত মাহত এটা খুটাৰো নিৰ্মান কাৰ্য সম্পন্ন নহ’ল ৷অথচ প্ৰাক্তণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অহা যোৱাত সুবিধা হোৱাকৈ এই সময়ছোৱাত মাজুলীত প্ৰায় ১ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হ’ল অত্যাধুনিক হেলিপেড ৷

এয়াই হৈছে মাজুলীৰ লগতে সমগ্ৰ অসমবাসীক কেন্দ্ৰীয় চৰকাৰে দলঙৰ নামত বছৰ বছৰ ধৰি কৰি অহা প্ৰতাৰণাৰ নিৰ্মম কাহিনী ৷ যাৰ বাবে আজি ব্ৰক্ষ্মপুত্ৰৰ বুকুত এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে ৷হয়তো ইয়াৰ পাছত জনৰোষত পৰাৰ ভয়ত দলঙৰ কাম খৰটকীয়া হ’ব ৷ কিন্তু মাজুলীবাসীক যোৰহাটৰ লগতে শিৱসাগৰ আৰু লখিমপুৰৰ লগতো সংলগ্ন কৰাৰ  যি সপোন দেখুওৱা হৈছিল ,  সেয়া কেতিয়াও পূৰণ নহ’ব ৷ কিয়নো নিৰ্মান আৰম্ভ হোৱাৰ আগতেই ইতিমধ্যে সমগ্ৰ প্ৰকল্পটোৰ আধা অংশ কৰ্তন কৰা হৈছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.