Investigative reporting with dedication.

বিগত ৫ দিন পূৰ্বে ৰহস্যজনক ভাৱে মৃত্যুক সাৱটি অভিনেতা সিদ্ধাৰ্থ শুক্লাই । অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৱে কেৱল তেওঁৰ ঘনিষ্ঠ আৰু প্ৰিয়জনকেই বিচলিত কৰাই নহয় সমগ্ৰ ছবি উদ্যোগটোকো হতবাক কৰি তুলিছে এই অনাকাংক্ষিত খবৰটোৱে। এতিয়া অভিনেতাজনৰ অকাল মৃত্যুত বহুতো অনুৰাগী ভাগি পৰিছে। ইপিনে সিদ্ধাৰ্থৰ মৃত্যুৰ কাৰণ সম্পৰ্কে তেওঁৰ পৰিয়াল আৰু আৰক্ষীৰ তৰফৰ পৰা কোনো বিবৃতি জাৰি কৰা হোৱা নাই। সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পিছত প্ৰাৰম্ভিক অনুসন্ধানৰ আধাৰত তেওঁৰ মৃত্যু হৃদৰোগৰ বাবে হোৱা বুলি জানিব পৰা গৈছিল। লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীয়ে মজুত কৰি ৰাখিছে। কিয়নো আৰক্ষী আৰু ফৰেনচিক দলে এই বিষয়টোত কোনো আপোচ কৰিব নিবিচাৰে। সেয়েহে ইয়াৰ পুংখানুপুংখ অনুসন্ধানৰ পিছতহে এক নিৰ্ণায়ক বিবৃতি জাৰী কৰা হ’ব বুলি আৰক্ষীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।
আনহাতে মডেল তথা বলীউডৰ নৃত্যশিল্পী ৰাখী সাৱন্তে শেহতীয়াকৈ এক ভিডিঅ’ প্ৰচাৰ কৰিছে। য’ত ৰাখী সাৱন্তে সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ বিষয়ে এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল লগতে ৰাখীক সেই ভিডিঅ’টোত শিৰত সেন্দূৰ লগোৱা দেখা গৈছিল। ভিডিঅ’টোত ৰাখীয়ে কৈছিল যে বন্ধুসকল, মই এতিয়াও ঘৰত আছো, মই ক’তো ওলাই যাব পৰা নাই। সিদ্ধাৰ্থৰ মৃত্যুৱে মোক বাৰুকৈয়ে আচৰিত কৰি তুলিছে। কিন্তু বন্ধুসকল সিদ্ধাৰ্থৰ মৃত্যু হৃদৰোগৰ কাৰণে হোৱা নাছিল, কিন্তু তেওঁ কেনেকৈ প্ৰাণ হেৰুৱালে! এই সন্দৰ্ভত মই বহুত চিন্তিত, কিয়নো সিদ্ধাৰ্থৰ বিএমডব্লিউ বাহনখনৰ কাঁচবোৰ ভাঙি আছিল। তেওঁৰ নিশ্চয় কাৰোবাৰ সৈতে মতানৈক্য হৈছিল। সিদ্ধাৰ্থে কৈছিল যে তেওঁ নিশা ৮ ৰ পৰা ৮:৩০ বজাৰ ভিতৰত কাৰোবাক দেখা কৰিবলৈ গৈছিল আৰু তাৰ পিছত ঘৰলৈ আহি ভালদৰে থাকিব পৰা নাছিল। তাৰ পিছত ৰাতি তিনি বজাত তেওঁ কিছু ঔষধ গ্ৰহণ কৰিছিল। কিন্তু সেই ঔষধটো কি আছিল কোনেও নাজানে।




