সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মাজুলীঃ দুর্ঘটনাগ্রস্ত ফেৰীত নাছিল লাইফ জেকেট-যাত্রীৰ টিকট

যোৰহাটৰ নিমাতীঘাটত সংঘটিত ভয়াৱহ ফেৰী দুর্ঘটনাই পুনৰ এবাৰ জল পৰিবহণ বিভাগৰ দায়িত্বজ্ঞানহীনতা উন্মোচন কৰিলে৷ আমাৰ হাতত আহি পৰা খবৰ অনুসৰি বুধবাৰে দুর্ঘটনাত পতিত হোৱা মা কমলা নামৰ ফেৰীখনত নাছিল কোনো সুৰক্ষা ব্যৱস্থা৷ প্রাপ্ত তথ্য মতে ফেৰীখনত এটাও লাইফ জেকেট নাছিল৷ ঠিক একেদৰে নিমাতীঘাটৰ পৰা মাজুলী অভিমুখী মা কমলা নামৰ ফেৰীখনৰ যাত্রীসকলক দিয়া হোৱা নাছিল কোনো টিকট৷ এই পাৰঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যাত্রীৰ কোনোধৰণৰ নাম-ঠিকনা পঞ্জীয়নৰ ব্যৱস্থা কৰা নাছিল বুলিও জানিব পৰা গৈছে৷ ফলত দুর্ঘটনাত পতিত হোৱা এই ফেৰীখনত থকা যাত্রীৰ প্রকৃত সংখ্যা তথা নাম-ঠিকনা আদি উদ্ধাৰ কৰাৰ ক্ষেত্রত সংশ্লিষ্ট প্রশাসন যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ সেইদৰে মা কমলা নামৰ ফেৰীখনে অতিৰিক্ত যাত্রী কঢ়িয়াই নিছিল বুলিও একাংশ লোকে অভিযোগ কৰিছে৷
উল্লেখ্য যে ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ গৈ থকা এখন ভুটভুটী দুর্ঘটনাগ্রস্ত হোৱাৰ ফলত তিনিগৰাকী যাত্রীৰ মৃত্যু ঘটিছিল৷ প্রায় ৪০জন যাত্রী লৈ যোৱা এই ভুটভুটীখনে উত্তৰ গুৱাহাটীত নির্মীয়মাণ এটা প্রকল্পৰ খুঁটাত প্রচণ্ড জোৰে খুন্দা মাৰি ব্রহ্মপুত্রত ডুব গৈছিল৷ সেই সময়ত এই ভুটভুটীখনত যাত্রীৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা নথকাৰ তথ্য পোহৰলৈ আহিছিল৷ ইয়াৰ পাছতে ৰাজ্যত মেচিন নাও চলাচলৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ জল পৰিবহণ বিভাগে কেতবোৰ নির্দেশনা জাৰি কৰিছিল৷ বিশেষকৈ পাৰঘাটসমূহত যাত্রীৰ পঞ্জীয়ন, যাত্রীৰ সুৰক্ষা ব্যৱস্থা নিশ্চিতকৰণ কৰিবলৈ বিভাগটোৱে কঠোৰ নির্দেশনা জাৰি কৰিছিল৷ কিন্তু উত্তৰ গুৱাহাটীৰ সেই ভয়াৱহ দুর্ঘটনাৰ পাছতো আজিপর্যন্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কোনো শিক্ষা নোলোৱাত স্বাভাৱিকতে ৰাজ্যজুৰি পুনৰ প্রতিক্রিয়া সৃষ্টি হৈছে৷
নিমাতীঘাটত বুধবাৰে দুখন ফেৰীৰ মাজত ঘটা সংঘর্ষৰ পাছত আন কেতবোৰ তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি নির্ধাৰিত সময়ত মা কমলা নামৰ ফেৰীখনে এৰা নাছিল পাৰঘাট৷ বিয়লি চাৰি বজাত পাৰঘাট এৰিব লাগিছিল মা কমলাই৷ কিন্তু ৪.১৫ বজালৈ পাৰঘাট এৰা নাছিল মা কমলাই৷ অন্তিম সময়লৈকে হুৰমুৰকৈ যাত্রী উঠোৱাত ব্যস্ত হৈ আছিল ফেৰীখন৷ তৎসত্ত্বেও পাৰঘাটত কর্মৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কর্মচাৰীসকলে কিয় ব্যৱস্থা গ্রহণ নকৰিলে তাক লৈ এতিয়া প্রশ্নৰ উদয় হৈছে৷ হয়তো মা কমলাই সময়মতে পাৰঘাট এৰা হ’লে এই ভয়াৱহ দুর্ঘটনা সংঘটিত নহ’লহেঁতেন৷
কিন্তু প্ৰশ্ন হয় – এইবাৰৰ ভুলৰ পৰা শিকনি লবনে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে?

Leave A Reply

Your email address will not be published.