মাজুলীক কিমান ভাল পাইছিল দুৰ্ভগীয়া পৰিমিতাই?

Share This Article

মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰিমিতা দাসৰ এটা ফেচবুক পোষ্ট –

অৱশেষত আজি মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে সহকাৰী অধ্যাপিকাৰ পদত যোগদান কৰোঁ।মোৰ এই দীঘলীয়া যাত্ৰাত আৰম্ভণিৰে পৰা মোৰ প্ৰতিটো খোজতে সহায় আৰু মোক উৎসাহ যোগাই অহা ব্যক্তি দুজনেই হ’ল মোৰ জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ মোৰ মা আৰু দেউতা । তেওঁলোক দুয়োজনে মোৰ কাৰণে কৰা অশেষ কষ্ট আৰু ত্যাগৰ ধাৰ মই কোনোদিন শুজিব নোৱাৰোঁ সেইটো সচাঁ, কিন্তু তেওঁলোক দুয়োজনকেই সদায় সুখত ৰাখি দুয়োজনৰে মুখত হাঁহি বিৰিঙাই ৰাখিবলৈ মোৰ ফালৰ পৰা কোনোদিন চেষ্টাৰ ত্ৰুটি নকৰোঁ। মা – দেউতাৰ লগতে মোৰ ভণ্টি যিয়ে মই জীৱন যুঁজত যুঁজি যুঁজি ভাগৰি পৰা মূহুৰ্ততো মোক পুনৰ জীৱনত যুঁজি যোৱাৰ উৎসাহ আৰু সাহস যোগাইছিল,লগতে বন্ধুবৰ্গ আৰু মোৰ সকলো শুভাকাংক্ষীলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ যাচিলোঁ কিয়নো তেওঁলোকৰ আশীৰ্বাদ আৰু শুভকামনা মোৰ সদায়েই কাম্য।
মাজুলী মোৰ অতি প্ৰিয় ঠাই। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে ঠাইখনৰ নাম থকাৰ লগতে ইয়াৰ মানুহবোৰৰ মনবোৰো যথেষ্ট বৃহৎ আৰু কৃত্ৰিমতাবৰ্জিত । চহৰৰ উশৃংখল হুলস্থূলীয়া পৰিৱেশৰ পয়োভৰৰ বিপৰীতে এক শান্ত নিৰিৱিলি পৰিৱেশেৰে আবৃত মৰমৰ মাজুলীখন। ভগৱানক অশেষ ধন্যবাদ মোৰ কৰ্মভূমিস্বৰূপে মাজুলীত থকাৰ সৌভাগ্যকণ দিয়াৰ বাবে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.