আৰম্ভ হ’ল হৰিমন্দিৰৰ ৰাস

Share This Article

উদ্বোধন হ’ল ৮৯ সংখ্যক নলবাৰী ৰাস মহোৎসৱ।বিশাল সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰিলে সকলোকে।প্ৰথম দিনাই হাজাৰ হাজাৰ ভক্তৰ আগমণেৰে পবিত্ৰ হৰি মন্দিৰৰ বাকৰিত বিৰাজ কৰিলে উথপথপ পৰিৱেশ।কৃষ্ণ ভকতিৰ বিলীন নলবৰীয়া ৰাইজ। শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন। উত্তৰ পূৰ্বাঞ্চল প্ৰসিদ্ধ প্ৰভু শ্ৰী কৃষ্ণৰ আৰাধনাৰ থলী পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ উদ্যোগত উদযাপিত নলবাৰী ৰাস মহোৎসৱৰ কৰা হ’ল উদ্বোধন।সন্ধিয়াৰ ভাগত প্ৰতিজন নলবৰীয়াৰ স্বাভিমানৰ প্ৰতীক নলবাৰী ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীয়ে।ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি জয়ন্তমল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই শুভ উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা,চন্দ্ৰমোহন পাটোৱাৰী,বি টি আৰৰ অধ্যক্ষ প্ৰমোদ বড়ো,জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে সাংসদ কুইন ওজা। উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বাহিৰ কৰা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা।ভিন্ন লোক সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা এই বিশাল শোভাযাত্ৰা উদ্বোধন কৰে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথে।উল্লেখ্য যে আজিৰে পৰা অহা ১৯ নৱেম্বৰলৈকে ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব পবিত্ৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.