ভোটাৰক ধন বিতৰণ কৰিবলৈ যোৱা বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাক ৰাইজে দিলে পহুখেদা।দেউৰী পৰিষদীয় নিৰ্বাচনৰ ১৯ নং কিনাপথাৰ সমষ্টিত সংঘটিত হৈছে এই ঘটনা। সমষ্টিটোৰ পানবাৰী নবোদয় বালিকা বিদ্যালয় ভোটকেন্দ্ৰৰ সন্মুখত বিধায়কগৰাকী উপস্থিত হৈ ভোটাৰৰ মাজত পাঁচশ টকাকৈ বিতৰণ কৰি থাকোতে ভোটকেন্দ্ৰটোত উপস্থিত একাংশ মহিলাই বাধা প্ৰদান কৰাৰ লগতে হুলস্থূল কৰাত বিধায়কগৰাকী পলাই পত্ৰং দিয়ে । ৰাইজৰ ৰোষত পৰাৰ ভয়ত নিজৰ গাড়ীত উঠি পলায়ন বিধায়ক অমিয় ভূঞা । অভিযোগ অনুসৰি কিনাপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিষ্ণু কুমাৰ দেউৰীৰ হৈ বিধায়কগৰাকীয়ে ভোটকেন্দ্ৰটোৰ সন্মুখত ধন বিতৰণ কৰিব বিচাৰিছিল ।