Investigative reporting with dedication.

পবিত্ৰ ৰাস পূৰ্ণিমা উপলক্ষে নলবাৰী জিলাৰ মুকালমুৱাৰ খালিহাপাৰাত দিন যোৰা বিস্তৃত কাৰ্যসূচীৰে ৰাস পূৰ্ণিমা উৎসৱ উদযাপন কৰা হয় । বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত খালিহাপাৰা শ্ৰীশ্ৰী বাৰ গোপাল থান প্ৰাংগণত পুৱাৰে পৰা নিশালৈকে বিভিন্ন কাৰ্যসূচীৰে ৰাস পূৰ্ণিমা উৎসৱ পালন কৰা বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি অনিল ডেকা আৰু সম্পাদক শৰৎ শৰ্মাই ।দিনত বিভিন্ন কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত নিশা দৰং জিলাৰ ছিপাঝাৰৰ নাগাৰা নামৰ শিল্পী সুভাষ নাথে নাম পৰিৱেশন কৰি সহস্ৰাধিক লোকক মুগ্ধ কৰি তোলে । জনপ্ৰিয় নাগাৰা নামৰ পাঠক সুভাষ নাথে কেইবাটাও নাম পৰিৱেশ কৰি ৰাইজক আপ্লুত কৰি তোলে । জনপ্ৰিয় পাঠক গৰাকীয়ে বিভিন্ন প্ৰকাশ ভংগীমাৰে ইটোৰ পিছত সিটো নাম পৰিৱেশন কৰি বাৰ গোপাল থান প্ৰাংগণ ভক্তিৰসেৰে বুৰায় পেলায় ।




