আটাৰ নামত বৃহৎ কেলেংকাৰী নগাঁৱত

Share This Article

কচুৱাৰ জুৰিপাৰত আৰ টি আই কৰ্মীৰ সংবাদমেল ।নগাঁও জিলাৰ যোগান বিভাগৰ বিৰুদ্ধে বৃহৎ আটা কেলেংকাৰী হোৱাৰ অভিযোগ।নগাঁও যোগান বিভাগৰ অধীনস্থ কচুৱাৰ মাধৱপুৰ সমবায়ত এই কেলেংকাৰীৰ অভিযোগ।নগাঁও জিলাৰ যোগান বিভাগৰ অধীনস্থ কচুৱাৰ মাধৱপুৰ সমবায়ত ২০২১-২২ বৰ্ষত বৃহৎ আটা কেলেংকাৰী হোৱাৰ অভিযোগ আনিছে এজন আৰ টি আই কৰ্মীয়ে।উল্লেখ্য যে সমবায় খনৰ অধীনৰ জুৰিপাৰৰ জালাল উদ্দিন নামৰ এজন লোকে যোগান বিভাগত মধুপুৰ সমবায়ত চৰকাৰী ভাৱে আৱণ্টিত আটাৰ ওপৰত তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে আবেদন কৰাৰ পিছত সমবায় খনত চলি থকা এই বৃহৎ কেলেংকাৰী পোহৰলৈ অহা বুলি আজিৰ সংবাদমেলত তথ্য সহকাৰে প্ৰকাশ কৰে। সমস্ত বিষয় তদন্ত কৰি ব্যৱস্থা লোৱাৰ দাবী কৰিছে আৰ টি আই কৰ্মী জালাল উদ্দিনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.