Investigative reporting with dedication.

লখিমপুৰৰ এটা পৰিয়ালৰ এবিঘা মাটিৰ ধান খালে স্বাস্থ্য বিভাগে। বিগত কেইবাটাও বছৰ ধৰি পৰিয়ালটোৰ ধান খাই আহিছে লখিমপুৰৰ স্বাস্থ্য বিভাগে। বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৫ নং মেৰবিলৰ মলিন মৰাঙৰ পৰিয়ালে এবিঘা মাটিৰ ধান লাভৰ পৰা বঞ্চিত কেইবা বছৰ ধৰি। লখিমপুৰ জিলাৰ হাৰমতী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ৫ নং মেৰবিল গাঁৱৰ প্ৰয়াত মলিন মৰাঙে গাঁৱতে স্থাপন হ’বলগীয়া উপ স্বাস্থ্য কেন্দ্ৰটিৰ বাবে নিজৰ এবিঘা মাটিৰ দান দিছিল লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগক। বিনিময়ত পৰিয়ালৰ এজন লোকক কেন্দ্ৰটিত চৰকাৰী চাকৰিত নিয়োজিত কৰিব বিভাগে। কিন্তু বিগত ২০০৮ চনতে বিভাগক মাটি দান কৰাৰ পিছত চৰকাৰে এটা উপ স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণ কৰিলে যদিও সেইয়া মুকলি নহ’ল। পৰিণতিত পৰিয়ালটোৱে খেতি কৰি ভাত খাই অহা মাটি ডোখৰো হেৰুৱালে। নহ’ল এটা চৰকাৰী চাকৰি। কেন্দ্ৰটিৰ চৌপাশ বৰ্তমান হাবি জংঘলেৰে ভৰাৰ লগতে ভিতৰভাগো জহিখহি জৰাজীৰ্ণ হৈ পৰিছে। ইয়াৰ ফল ভুগিছে অঞ্চলটোৰ স্থানীয় লোক, গৰ্ভৱতী মহিলা, কণ কণ শিশুসকলে।





