ক্ৰেডিট কাৰ্ড আছে নেকি?তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে…

Google Play Store ত আপুনি যি কোনো app ডাউনলোড কৰে নেকি?যদি কৰে এতিয়াৰ পৰা সাৱধান হওক । কাৰণ প্ৰবঞ্চকে যি কোনো সময়তে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰা এপৰ জৰিয়তে উদং কৰিব পাৰে আপোনাৰ বেংকৰ একাউন্ট অথবা ক্ৰেডিট কাৰ্ডৰ সম্পূৰ্ণ টকা। বিশ্বনাথত সংঘটিত হ’ল তেনে এক ঘটনা ।মাজুলীগড় চাহ বাগিচাৰ অৰুন নাগ নামৰ ব্যক্তি জনলৈ যোৱা ২৫ অক্টোবৰ তাৰিখে এটা ফোন কল আহিল আৰু লোকজনক ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা কোৱা বুলি নিজৰ পৰিচয় দি কয় যে আপোনাৰ ক্ৰেডিত কাৰ্ডত চাৰি হাজাৰ পাঁচশ টকাৰ ফাইন লাগি আছে।যদি আপুনি এই ক্ৰেডিট কাৰ্ডৰ একাউন্ট বন্ধ কৰি দিয়ে,তেনেহ’লে আপোনাৰ ফাইনৰ টকা ৰেহাই পাব।সেই মতে গ্ৰাহক জনো মান্তি হ’ল। লগে লগে সিফালৰ প্ৰবঞ্চকে ক’লে আপুনি এই ক্ৰেডিট কাৰ্ড বন্ধ কৰিবলৈ হ’লে প্লে’ ষ্টৰৰ পৰা Any Desk নামৰ এপটো ডাউনলোড কৰক।সেই মতেই ভুক্তভোগী গৰাকীয়ে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰিলে। সেই এপটোত নিজৰ ক্ৰেডিট কাৰ্ড আৰু আধাৰ কাৰ্ড স্কেনীং কৰিবলৈ দিয়াৰ পিছতে ক্ৰেডিট কাৰ্ডৰ পৰা লগে লগে ৬১,৩১২ টকা প্ৰবঞ্চকে লুট কৰি লৈ যায়।ভুক্তভোগী অৰুণ নাগে কিন্তু এই কথা পিছ দিনাখনহে অৰ্থাৎ ২৬ অক্টোবৰতহে জানিবলৈ সক্ষম হয়। পিছ দিনাই অৰুণ নাগে এছ বি আইৰ শাখাত এই সন্দৰ্ভত জানিবলৈ গৈ নিশ্চিত হয় যে তেওঁ হেকাৰৰ কবলত পৰিছে।তাৰ পিছতহে ক্ৰেডিট কাৰ্ডটো বেংকৰ জৰিয়তে ব্লক কৰে আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ভুক্তভোগীয়ে এক গোচৰ ৰুজু কৰে।


হেকাৰৰ ন ন কৌশলৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে প্ৰবঞ্চকক ধৰিবলৈ সক্ষম হয় নে নহয়, সেইটোহে লক্ষণীয় হ’ব।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296