ৰাজাপাক্ষে পৰিয়ালৰ পৰা কেতিয়াবা মুক্তি পাম বুলি ভাবিছিলনে শ্ৰীলংকাই?

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাৱায়া ৰাজপাক্ষেৰ পদত্যাগ। আজি ৰাজপাক্ষেৰ পদত্যাগ পত্ৰ সংসদৰ গ্ৰহণ কৰিলে সংসদৰ অধ্যক্ষই৷ ৰাজপাক্ষেৰ পদত্যাগৰ পাছতেই শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংঘেই কাৰ্যবাহী ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণ কৰে। উল্লেখনীয় যে, বুধবাৰে ৰাষ্ট্ৰপতি ৰাজাপাক্ষেই দেশ ত্যাগ কৰাৰ পাছতেই বিক্ৰমসিংঘেই ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰি কাম-কাজ  আৰম্ভ কৰিছে। সংসদৰ অধ্যক্ষ মহীন্দ্ৰী য়াপা অৰ্থৱৰ্ধনে সংবাদ  মাধ্যমৰ আগত শীঘ্ৰেই নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব বুলিও উল্লেখ কৰিছে।

কেনেকৈ পদত্যাগ কৰিবলৈ বাধ্য হল গোটাৱায়া?

অৰ্থনৈতিক সংকটে ৰাজনৈতিক  অচলাৱস্থাৰ সৃষ্টি কৰিলে শ্ৰীলংকাত। জনতাৰ ক্ষোভে গণ বিদ্ৰোহৰ ৰূপ লৈছে দ্বীপৰাষ্ট্ৰখনত। লাখ লাখ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ প্ৰাসাদ দখল কৰাৰ পিছতে অশান্ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই নৌসেনা বাহিনীৰ বিমানেৰে পত্নীসহ দেশ এৰি প্ৰথমতে মালদ্বীপলৈ আৰু তাৰ পাছত ছিংগাপুৰলৈ পলায়ন কৰে। ৰাষ্ট্ৰপতিৰ দেশত্যাগৰ পাছতে পুনৰ অধিক উত্তপ্ত হৈ পৰে শ্ৰীলংকাৰ পৰিস্থিতি। ক্ষুব্ধ জনতাই কলম্বোৰ ৰাজপথলৈ ওলাই আহি বিক্ষোভ প্ৰদৰ্শন কৰে। চৰকাৰী বাহিনীয়ে বাধা দিয়াৰ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰী আৰু প্ৰশাসনৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।উল্লেখযোগ্য যে, বৃহস্পতিবাৰে পলায়নকাৰী ৰাষ্ট্ৰপতি গোটাৱায়া ৰাজাপাক্ষেই ছিংগাপুৰৰ পৰা অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। সংবাদ মাধ্যমৰ আগত অধ্যক্ষ মহীন্দ্ৰী য়াপা অৰ্থৱৰ্ধনে জানিবলৈ দিয়া মতে, শ্ৰীলংকাত শীঘ্ৰেই নতুন ৰাষ্ট্ৰপতি নিযুক্ত কৰা হ’ব, কিন্তু নতুন ৰাষ্ট্ৰপতি নিযুক্ত হোৱালৈ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংঘে ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি থাকিব। গোটাৱায়াৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি অধ্যক্ষই কয় যে, নতুন ৰাষ্ট্ৰপতি নির্বাচন প্ৰক্ৰিয়া ৭ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব আৰু শনিবাৰে সংসদৰ পুণৰ গঠন হ’ব। শুক্ৰবাৰে সাপ্তাহিক বৈঠকৰ এজেণ্ডা প্ৰস্তুত কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

ছিংগাপুৰলৈ কিয় গ’ল গোটাৱায়া?

ছিংগাপুৰৰ বিদেশ মন্ত্ৰনালয়ে উল্লেখ কৰা অনুসৰি, ৰাজাপাক্ষে নিজ ইচ্ছা অনুসৰি ছিংগাপুৰলৈ  আহিছে  আৰু তালৈ  তেওঁ কোনোধৰণৰ আশ্ৰয় বিচাৰি অহা নাই।

গোটাৱায়াৰ পদত্যাগৰ পিছত কি পৰিস্থিতিৰ সৃষ্টি হল শ্ৰীলংকাত?

গোটাৱায়াৰ পাছতেই সমগ্ৰ কলম্বো চহৰতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰতিবাদকাৰীয়ে চহৰখনত চলি থকা সান্ধ্য আইন উলংঘা কৰি ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত জনসমাগমৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীৰ ভাষ্য, ৰাজাপাক্ষেৰ পদত্যাগ সমগ্ৰ দেশৰ বাবে উল্লাসৰ বিষয়। আজি সমগ্ৰ শ্ৰীলংকাই ৰাজাপাক্ষেৰ পদত্যাগৰ বাবে আনন্দ কৰিব। দক্ষিণ এছিয়াৰ দেশসমূহৰ ৰাজনীতিত দপদপাই থকা ৰাজাপাক্ষে পৰিয়ালৰ কবলৰ পৰা যে কেতিয়াবা শ্ৰীলংকাই মুক্তি পাব সেয়া সপোনৰো অগোচৰ আছিল, কিন্তু আজি সেয়া সম্ভৱ হৈ উঠিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296