শ্ৰীলংকাত বুভুক্ষ জনতাৰ আৰ্তনাদ : ভাৰতৰ বাবে কি সকীয়ণি ?

Share This Article

বুভুক্ষ আৰু ক্ষোভিত জনতাৰ হুংকাৰত কঁপি উঠিছে শ্ৰীলংকাৰ ৰাজধানী কলম্বো ৷ লাখ লাখ প্ৰতিবাদকাৰী প্ৰৱেশ কৰিছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ বাসগৃহত ৷ বিপদৰ আগজাননী আগতীয়াকৈ লাভ কৰি ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় লৈছে ৰাষ্ট্ৰপতি ৰাজাপাক্ষে ৷ কিন্তু শান্ত হোৱা নাই কলম্বো ৷ সেনা আৰু বিক্ষুব্ধ জনতাৰ মাজত মুখামুখি যুদ্ধ চলিছে ৷ কন্দুৱা গেছ আৰু গুলীৰ সকীয়ণিক নেওচি ৰাষ্ট্ৰপতিৰ বাসগৃহ দখল কৰিছে প্ৰতিবাদকাৰীয়ে ৷ ৰাষ্ট্ৰপতিৰ চকীত বহিছে , চুইমিঙপুলত সাঁতুৰিছে প্ৰতিবাদকাৰীয়ে ৷ প্ৰধানমন্ত্ৰীৰ ঘৰত বৈঠক বহিছে ৷ কিন্তু ৰাজাপাক্ষেৰ বিৰুদ্ধে ক্ষোভ কমা নাই ৷ অত্যাধিক মূল্যবৃদ্ধিয়ে জনজীৱন অচল কৰি তোলাৰ পাছত শ্ৰীলংকাত দীৰ্ঘদিন ধৰি অব্যাহত আছে জনতাৰ প্ৰতিবাদ ৷ প্ৰতিবাদৰ অন্যতম দাবী আছিল ৰাষ্ট্ৰপতি ৰাজাপাক্ষেৰ পদত্যাগ ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰি পলায়ন কৰিবলগীয়া হৈছিল মহিন্দা ৰাজাপাক্ষে ৷ কিন্তু একেটা পৰিয়ালৰে গোটাবায়া ৰাজাপাক্ষে ৰাষ্ট্ৰপতিৰ আসন দখল কৰি থাকে ৷ তাৰ পাছত ৰাষ্ট্ৰপতি গোটাবায়াৰ পদত্যাগৰ দাবীতো আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ হৈ উঠিবলৈ লয় ৷

শণিবাৰে গালে আন্ত:ৰাষ্ট্ৰীয় ষ্টেডিয়ামত চলি আছিল শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট মেচ ৷ দ্বিতীয় দিনা বেটিঙ কৰি আছিল শ্ৰীলংকাৰ দলে ৷ ক্ৰীজত দিমুথ কৰুণাৰত্নে আৰু কুশল মেন্দিজ ৷ সাৱলীলভাৱে তেওঁলোকে শ্ৰীলংকান ইনিংছৰ গুৰি ধৰিছে ৷ তেনেসময়তে ষ্টেডিয়ামৰ বাহিৰত দেশৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক গোট খাবলৈ ধৰে ৷ এই স্থানত শুকুৰবাৰৰ নিশাৰ পৰাই বলবৎ কৰা হৈছিল কাৰ্ফিউ ৷ কিন্তু কাৰ্ফিউ ওফৰাই বিক্ষুব্ধ , বুভুক্ষ জনতা সমাবেত হয় গালে ষ্টেডিয়ামৰ বাহিৰত ৷ মোতায়ন কৰা হয় বৃহৎসংখ্যক সেনা ৷ কিন্তু জনতাৰ উগ্ৰমূৰ্তিৰ সন্মুখত একোয়েই নিটিকিল ৷ সকলো বাধা আঁতৰাই দুপৰীয়া ঠিক এক বজাত ৰাষ্ট্ৰপতি ভৱন দখল কৰে প্ৰতিবাদকাৰীয়ে ৷ তেতিয়ালৈ কলম্বোৰ ৰাজপথত দেখা গৈছিল পৰুৱাৰ দৰে মানুহৰ মিছিল ৷

কিয়  শ্ৰীলংকা অৰাজক হ’ল ?

শ্ৰীলংকাৰ শোচনীয় অৰ্থনীতি আৰু খাদ্য সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিয়ে ভয়ানক ৰূপ লৈছে ৷ সাধাৰণ মানুহ জীয়াই থকাটো অসম্ভৱ হৈ উঠিছে ৷ এই শোচনীয় অৰ্থনীতিৰ মূল কাৰণেই হ’ল মাত্ৰাধিক ঋণ আৰু বিদেশী মুদ্ৰাৰ ঘাটি ৷ মে’ মাহত শ্ৰীলংকাই প্ৰথমবাৰৰ বাবে ঋণ আদায় দিয়াত ব্যৰ্থ হৈছিল ৷ ৭ কৌটি ৮০ লাখ ডলাৰৰ ঋণ ঘূৰাই দিব নোৱাৰি অতিৰিক্ত ৩০ দিনৰ সময় বিচাৰিছিল ৷ কিন্তু তাৰ পাছতো ঋণ ঘূৰাই দিয়াত ব্যৰ্থ হ’ল শ্ৰীলংকা ৷ আই এম এফসহ কেবাটাও আন্তৰ্জাতিক সংস্থাৰ পৰা ঋণ লৈ শ্ৰীলংকাই নিৰ্মান কৰে কেবাটাও বিশাল পোৰ্ট , বিমান বন্দৰ আদি ৷ চীনৰ সহযোগতো গঢ়ি তোলা হয় কেবাটাও প্ৰকল্প ৷ কিন্তু এই ঋণৰ ধন সময়মতে ঘূৰাই দিব নোৱাৰা হৈ আহিল শ্ৰীলংকাৰ চৰকাৰ ৷

তাৰ মাজতে ৰাজাপাক্ষে চৰকাৰে গ্ৰহণ কৰে কেবাটাও আজৱ সিদ্ধান্ত ৷ জনসাধাৰণৰ লগত আলোচনা নকৰাকৈ ২০২১ চনৰ এপ্ৰিল মাহত ৰাসায়নিক সাৰৰ প্ৰয়োগত নিষেধাজ্ঞা আৰোপ কৰে ৷ যাৰ ফলত দেশৰ অৰ্থনীতিৰ অন্যতম প্ৰধান অংগ চাহ খেতিত ব্যাপক বিৰূপ প্ৰভাৱ পৰে ৷ শাক পাচলি , মচলাৰ উৎপাদনো ৩০ শতাংশ পৰ্যন্ত হ্ৰাস পায় ৷

ইফালে , কোভিডৰ বাবে শ্ৰীলংকালৈ পৰ্যটকৰ আগমন বন্ধ হৈ পৰে ৷ শ্ৰীলংকাৰ উপাৰ্জনৰ মূল পথ পৰ্যটন খণ্ড প্ৰায় স্তব্ধ হৈ পৰে ৷ কোভিডৰ বাবে ৰপ্তানি ক্ষেত্ৰও ব্যাহত হৈ পৰে ৷ তাৰ পাছতো ৰাসায়নিক সাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি অৰ্থীনতিৰ কফিনত শেষ গজালটো মাৰে ৰাজাপাক্ষে চৰকাৰে ৷ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ প্ৰায় নোহোৱা হৈ অহাত খাদ্য সামগ্ৰী , ইন্ধনজাত সামগ্ৰীৰ দাম হোৰাহোৰে বাঢ়িবলৈ ধৰে ৷ এনে পৰিস্থিতিত ৰাজপথলৈ ওলাই অহাৰ বাহিৰে জনতাৰ সন্মুখত আন কোনো বিকল্প পথ নাথাকিল ৷

ভাৰতৰ বাবে কি সকীয়ণি?

শ্ৰীলংকাত সৃষ্টি হোৱা সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ প্ৰতিধ্বনি শুনা গৈছে ভাৰততো ৷ কাৰণ যি পথেৰে আহি শ্ৰীলংকা আজিৰ পৰিস্থিতিত উপনীত হৈছে , সেই একেই পথৰেই পথিক ভাৰতো ৷ শ্ৰীলংকাত তামিল আৰু সিংহলীৰ মাজত দশক দশক ধৰি যি গৃহযুদ্ধ অব্যাহত থাকিল , তাৰ পোনপটীয়া প্ৰভাৱ পৰিল দেশখনৰ অৰ্থনীতিত ৷ তামিলসকলৰ প্ৰতি কৰা বঞ্চনা , পৰিণতিত গঢ়ি উঠা তামিল উগ্ৰপন্থী সংগঠনে শ্ৰীলংকাত জন্ম দিলে চিভিল ৱাৰৰ ৷ তামিল টাইগাৰছৰ দৰে সংগঠনে চলাই গ’ল সশস্ত্ৰ কাৰ্যকলাপ ৷ এই সশস্ত্ৰ বিদ্ৰোহ দমন কৰিবলৈ শ্ৰীলংকাৰ চৰকাৰৰ সময় লাগিল ২৫ বছৰ ৷ বহুসংখ্যক তামিল লোকে ভিন্ন প্ৰান্তলৈ পলায়ন কৰিলে ৷ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী তামিলসকলৰ অনুপস্থিতিয়ে দেশখনত মানৱ সম্পদৰ সংকটৰ সৃষ্টি কৰিলে ৷ এনে পৰিস্থিতিত বিনিয়োগৰ সম্ভাৱনাও নোহোৱা হৈ আহিল ৷ যাৰ বাবে ঋণেই হৈ পৰিল শ্ৰীলংকা চৰকাৰৰ একমাত্ৰ সম্বল ৷

ভাৰততো হিন্দু – মুছলমানকেন্দ্ৰিক যি সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি হৈছে , তাৰ ফলত সামাজিক অস্থিৰতাৰো সৃষ্টি হৈছে ৷ সংখ্যালঘুৰ ওপৰত সংখ্যাগুৰুৰ অৱদমনৰ ৰাজনীতিয়ে প্ৰতিমুহুৰ্ততে চেপা উত্তেজনা বিয়াপাই দিছে ৷ যদিহে এনে পৰিস্থিতি অব্যাহত থাকে , তেনেহ’লে বিনিয়োগকাৰীসকল নিৰাশ হোৱাটোৱে স্বাভাৱিক ৷

এহাতেদি চৰকাৰে ঋণৰ উপৰি ঋণ লৈ আছিল , আনহাতে জনসাধাৰণৰ সমৰ্থন আদায় কৰিবলৈ কৰ হ্রাস কৰি গৈছিল ৷ ২০১৯ চনত গোটাবায়া ৰাজাপাক্ষে ভেটৰ পৰিমান ১৫ শতাংশৰ পৰা ৮ শতাংশলৈ হ্ৰাস কৰে ৷  কৰ্পোৰেট টেক্সৰ পৰিমানো ৪ শতাংশ হ্রাস কৰা হয় ৷ আন আন পৰোক্ষ কৰ হ্ৰাস কৰিও জনতাক সন্তুষ্ট কৰাৰ নীতি গ্ৰহণ কৰে ৰাজাপাক্ষে চৰকাৰে ৷ ঋণ আৰু তুষ্টিকৰণৰ ৰাজনীতিয়ে শেষত অভাৱনীয় বিপৰ্যয়ৰ মুখলৈ ঠেলি দিলে শ্ৰীলংকাক ৷

ভাৰতৰ বাবে শ্ৰীলংকাৰ শেহতীয়া ঘটনাৱলী নিশ্চয়  এক সকীয়ণি হোৱা উচিত ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.