সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শ্ৰীলংকাত বুভুক্ষ জনতাৰ আৰ্তনাদ : ভাৰতৰ বাবে কি সকীয়ণি ?

বুভুক্ষ আৰু ক্ষোভিত জনতাৰ হুংকাৰত কঁপি উঠিছে শ্ৰীলংকাৰ ৰাজধানী কলম্বো ৷ লাখ লাখ প্ৰতিবাদকাৰী প্ৰৱেশ কৰিছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ বাসগৃহত ৷ বিপদৰ আগজাননী আগতীয়াকৈ লাভ কৰি ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় লৈছে ৰাষ্ট্ৰপতি ৰাজাপাক্ষে ৷ কিন্তু শান্ত হোৱা নাই কলম্বো ৷ সেনা আৰু বিক্ষুব্ধ জনতাৰ মাজত মুখামুখি যুদ্ধ চলিছে ৷ কন্দুৱা গেছ আৰু গুলীৰ সকীয়ণিক নেওচি ৰাষ্ট্ৰপতিৰ বাসগৃহ দখল কৰিছে প্ৰতিবাদকাৰীয়ে ৷ ৰাষ্ট্ৰপতিৰ চকীত বহিছে , চুইমিঙপুলত সাঁতুৰিছে প্ৰতিবাদকাৰীয়ে ৷ প্ৰধানমন্ত্ৰীৰ ঘৰত বৈঠক বহিছে ৷ কিন্তু ৰাজাপাক্ষেৰ বিৰুদ্ধে ক্ষোভ কমা নাই ৷ অত্যাধিক মূল্যবৃদ্ধিয়ে জনজীৱন অচল কৰি তোলাৰ পাছত শ্ৰীলংকাত দীৰ্ঘদিন ধৰি অব্যাহত আছে জনতাৰ প্ৰতিবাদ ৷ প্ৰতিবাদৰ অন্যতম দাবী আছিল ৰাষ্ট্ৰপতি ৰাজাপাক্ষেৰ পদত্যাগ ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰি পলায়ন কৰিবলগীয়া হৈছিল মহিন্দা ৰাজাপাক্ষে ৷ কিন্তু একেটা পৰিয়ালৰে গোটাবায়া ৰাজাপাক্ষে ৰাষ্ট্ৰপতিৰ আসন দখল কৰি থাকে ৷ তাৰ পাছত ৰাষ্ট্ৰপতি গোটাবায়াৰ পদত্যাগৰ দাবীতো আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ হৈ উঠিবলৈ লয় ৷

শণিবাৰে গালে আন্ত:ৰাষ্ট্ৰীয় ষ্টেডিয়ামত চলি আছিল শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট মেচ ৷ দ্বিতীয় দিনা বেটিঙ কৰি আছিল শ্ৰীলংকাৰ দলে ৷ ক্ৰীজত দিমুথ কৰুণাৰত্নে আৰু কুশল মেন্দিজ ৷ সাৱলীলভাৱে তেওঁলোকে শ্ৰীলংকান ইনিংছৰ গুৰি ধৰিছে ৷ তেনেসময়তে ষ্টেডিয়ামৰ বাহিৰত দেশৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক গোট খাবলৈ ধৰে ৷ এই স্থানত শুকুৰবাৰৰ নিশাৰ পৰাই বলবৎ কৰা হৈছিল কাৰ্ফিউ ৷ কিন্তু কাৰ্ফিউ ওফৰাই বিক্ষুব্ধ , বুভুক্ষ জনতা সমাবেত হয় গালে ষ্টেডিয়ামৰ বাহিৰত ৷ মোতায়ন কৰা হয় বৃহৎসংখ্যক সেনা ৷ কিন্তু জনতাৰ উগ্ৰমূৰ্তিৰ সন্মুখত একোয়েই নিটিকিল ৷ সকলো বাধা আঁতৰাই দুপৰীয়া ঠিক এক বজাত ৰাষ্ট্ৰপতি ভৱন দখল কৰে প্ৰতিবাদকাৰীয়ে ৷ তেতিয়ালৈ কলম্বোৰ ৰাজপথত দেখা গৈছিল পৰুৱাৰ দৰে মানুহৰ মিছিল ৷

- Donation -

কিয়  শ্ৰীলংকা অৰাজক হ’ল ?

শ্ৰীলংকাৰ শোচনীয় অৰ্থনীতি আৰু খাদ্য সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিয়ে ভয়ানক ৰূপ লৈছে ৷ সাধাৰণ মানুহ জীয়াই থকাটো অসম্ভৱ হৈ উঠিছে ৷ এই শোচনীয় অৰ্থনীতিৰ মূল কাৰণেই হ’ল মাত্ৰাধিক ঋণ আৰু বিদেশী মুদ্ৰাৰ ঘাটি ৷ মে’ মাহত শ্ৰীলংকাই প্ৰথমবাৰৰ বাবে ঋণ আদায় দিয়াত ব্যৰ্থ হৈছিল ৷ ৭ কৌটি ৮০ লাখ ডলাৰৰ ঋণ ঘূৰাই দিব নোৱাৰি অতিৰিক্ত ৩০ দিনৰ সময় বিচাৰিছিল ৷ কিন্তু তাৰ পাছতো ঋণ ঘূৰাই দিয়াত ব্যৰ্থ হ’ল শ্ৰীলংকা ৷ আই এম এফসহ কেবাটাও আন্তৰ্জাতিক সংস্থাৰ পৰা ঋণ লৈ শ্ৰীলংকাই নিৰ্মান কৰে কেবাটাও বিশাল পোৰ্ট , বিমান বন্দৰ আদি ৷ চীনৰ সহযোগতো গঢ়ি তোলা হয় কেবাটাও প্ৰকল্প ৷ কিন্তু এই ঋণৰ ধন সময়মতে ঘূৰাই দিব নোৱাৰা হৈ আহিল শ্ৰীলংকাৰ চৰকাৰ ৷

তাৰ মাজতে ৰাজাপাক্ষে চৰকাৰে গ্ৰহণ কৰে কেবাটাও আজৱ সিদ্ধান্ত ৷ জনসাধাৰণৰ লগত আলোচনা নকৰাকৈ ২০২১ চনৰ এপ্ৰিল মাহত ৰাসায়নিক সাৰৰ প্ৰয়োগত নিষেধাজ্ঞা আৰোপ কৰে ৷ যাৰ ফলত দেশৰ অৰ্থনীতিৰ অন্যতম প্ৰধান অংগ চাহ খেতিত ব্যাপক বিৰূপ প্ৰভাৱ পৰে ৷ শাক পাচলি , মচলাৰ উৎপাদনো ৩০ শতাংশ পৰ্যন্ত হ্ৰাস পায় ৷

ইফালে , কোভিডৰ বাবে শ্ৰীলংকালৈ পৰ্যটকৰ আগমন বন্ধ হৈ পৰে ৷ শ্ৰীলংকাৰ উপাৰ্জনৰ মূল পথ পৰ্যটন খণ্ড প্ৰায় স্তব্ধ হৈ পৰে ৷ কোভিডৰ বাবে ৰপ্তানি ক্ষেত্ৰও ব্যাহত হৈ পৰে ৷ তাৰ পাছতো ৰাসায়নিক সাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি অৰ্থীনতিৰ কফিনত শেষ গজালটো মাৰে ৰাজাপাক্ষে চৰকাৰে ৷ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ প্ৰায় নোহোৱা হৈ অহাত খাদ্য সামগ্ৰী , ইন্ধনজাত সামগ্ৰীৰ দাম হোৰাহোৰে বাঢ়িবলৈ ধৰে ৷ এনে পৰিস্থিতিত ৰাজপথলৈ ওলাই অহাৰ বাহিৰে জনতাৰ সন্মুখত আন কোনো বিকল্প পথ নাথাকিল ৷

ভাৰতৰ বাবে কি সকীয়ণি?

শ্ৰীলংকাত সৃষ্টি হোৱা সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ প্ৰতিধ্বনি শুনা গৈছে ভাৰততো ৷ কাৰণ যি পথেৰে আহি শ্ৰীলংকা আজিৰ পৰিস্থিতিত উপনীত হৈছে , সেই একেই পথৰেই পথিক ভাৰতো ৷ শ্ৰীলংকাত তামিল আৰু সিংহলীৰ মাজত দশক দশক ধৰি যি গৃহযুদ্ধ অব্যাহত থাকিল , তাৰ পোনপটীয়া প্ৰভাৱ পৰিল দেশখনৰ অৰ্থনীতিত ৷ তামিলসকলৰ প্ৰতি কৰা বঞ্চনা , পৰিণতিত গঢ়ি উঠা তামিল উগ্ৰপন্থী সংগঠনে শ্ৰীলংকাত জন্ম দিলে চিভিল ৱাৰৰ ৷ তামিল টাইগাৰছৰ দৰে সংগঠনে চলাই গ’ল সশস্ত্ৰ কাৰ্যকলাপ ৷ এই সশস্ত্ৰ বিদ্ৰোহ দমন কৰিবলৈ শ্ৰীলংকাৰ চৰকাৰৰ সময় লাগিল ২৫ বছৰ ৷ বহুসংখ্যক তামিল লোকে ভিন্ন প্ৰান্তলৈ পলায়ন কৰিলে ৷ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী তামিলসকলৰ অনুপস্থিতিয়ে দেশখনত মানৱ সম্পদৰ সংকটৰ সৃষ্টি কৰিলে ৷ এনে পৰিস্থিতিত বিনিয়োগৰ সম্ভাৱনাও নোহোৱা হৈ আহিল ৷ যাৰ বাবে ঋণেই হৈ পৰিল শ্ৰীলংকা চৰকাৰৰ একমাত্ৰ সম্বল ৷

ভাৰততো হিন্দু – মুছলমানকেন্দ্ৰিক যি সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি হৈছে , তাৰ ফলত সামাজিক অস্থিৰতাৰো সৃষ্টি হৈছে ৷ সংখ্যালঘুৰ ওপৰত সংখ্যাগুৰুৰ অৱদমনৰ ৰাজনীতিয়ে প্ৰতিমুহুৰ্ততে চেপা উত্তেজনা বিয়াপাই দিছে ৷ যদিহে এনে পৰিস্থিতি অব্যাহত থাকে , তেনেহ’লে বিনিয়োগকাৰীসকল নিৰাশ হোৱাটোৱে স্বাভাৱিক ৷

এহাতেদি চৰকাৰে ঋণৰ উপৰি ঋণ লৈ আছিল , আনহাতে জনসাধাৰণৰ সমৰ্থন আদায় কৰিবলৈ কৰ হ্রাস কৰি গৈছিল ৷ ২০১৯ চনত গোটাবায়া ৰাজাপাক্ষে ভেটৰ পৰিমান ১৫ শতাংশৰ পৰা ৮ শতাংশলৈ হ্ৰাস কৰে ৷  কৰ্পোৰেট টেক্সৰ পৰিমানো ৪ শতাংশ হ্রাস কৰা হয় ৷ আন আন পৰোক্ষ কৰ হ্ৰাস কৰিও জনতাক সন্তুষ্ট কৰাৰ নীতি গ্ৰহণ কৰে ৰাজাপাক্ষে চৰকাৰে ৷ ঋণ আৰু তুষ্টিকৰণৰ ৰাজনীতিয়ে শেষত অভাৱনীয় বিপৰ্যয়ৰ মুখলৈ ঠেলি দিলে শ্ৰীলংকাক ৷

ভাৰতৰ বাবে শ্ৰীলংকাৰ শেহতীয়া ঘটনাৱলী নিশ্চয়  এক সকীয়ণি হোৱা উচিত ৷

Leave A Reply

Your email address will not be published.