ধূম্ৰপায়ী ‘কালী’ : ধৰ্মীয় ভাৱনাই দেশত কিয় লৈছে ধুমুহাৰ ৰূপ ?

Share This Article

ধৰ্মৰ কথা নক’ব ৷ ধৰ্মৰ আলোচনা-সমালোচনা নকৰিব ৷ কাৰণ ভাৰত এতিয়া ধৰ্মক লৈ অত্যন্ত সংবেদনশীল ৷ ধৰ্ম সম্পৰ্কীয় মন্তব্যই যেতিয়াই তেতিয়াই আঘাত কৰিব পাৰে কাৰোবাৰ ধৰ্মৰ ভাৱনাত ৷ দেশৰ চুকে কোনে ৰুজু হ’ব পাৰে গোচৰ ৷ তাৰ পাছত অন্তহীন আইনী কুচকাৱাজ ৷ এটা গোচৰত জামিন পোৱাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হ’ব পাৰে আন এটা গোচৰত ৷ চাৰি বছৰ পুৰণি এটা টুইটৰ বাবেই কাৰাগাৰত দিন কটাইছে অল্ট নিউজৰ সাংবাদিক মহম্মদ জুবেইৰে ৷ ২০১৮ চনত এখন হিন্দী চিনেমাৰ পোষ্টাৰ টুইট কৰিছিল মহম্মদ জুবেইৰে ৷ তেওঁৰ টুইটটোৱে হেনো ধাৰ্মিক ভাৱনাত আঘাত হানিছে ৷ সেইবাবেই ২০২২ চনত তেওক গ্ৰেপ্তাৰ কৰা হ’ল ৷ জুবেইৰৰ টুইটৰ পাছত বিতৰ্কৰ আৱৰ্তলৈ আহিছে আন এখন ডকুমেন্টৰীৰ পোষ্টাৰ ৷


পৰিচালক লীনা মনিমেকলাইৰ এখন ডকুমেন্টৰীৰ নাম হৈছে ‘কালী’ ৷ কানাডাৰ টেৰেন্টোত অনুষ্ঠিত এক অনুষ্ঠানত ‘কালী’ নামৰ ডকুমেন্টৰীখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয় ৷ য’ত কালীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে চিগাৰেট সৱেন কৰি থকা দেখা যায় ৷ ডকুমেন্টৰীখনৰ পোষ্টাৰত দেখা গৈছে যে কালীৰ এখন হাতত আছে ত্ৰিশুল আৰু আনখন হাতত আছে এল জি বি টি কিউৰ পতাকা ৷ ওঠত আছে জ্বলন্ত চিগাৰেট ৷ বিগত ২ জুলাইত এই ডকুমেন্টৰীৰ পোষ্টাৰ প্ৰকাশ পোৱাৰ পাছতে বিতৰ্কৰ সূত্ৰপাত হয় ৷ চোছিয়েল মেডিয়াত বহুসংখ্যক লোকে ‘কালী’ ডকুমেন্টৰীৰ পৰিচালিকা লীনা মনিমেকলাইক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ৷ চোছিয়েল মেডিয়াত এইসকল লোকে অভিযোগ উত্থাপণ কৰিছে যে লীনা মনিমেকলাইৰ ডকুমেন্টৰীৰ পোষ্টাৰে ধৰ্মীয় ভাৱনাত আঘাত হানিছে ৷ গতিকে তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে ৷দিল্লী , উত্তৰ প্ৰদেশ , মধ্যপ্ৰদেশ , বিহাৰ আদিত লীনাৰ বিৰুদ্ধে ৰুজু হয় এটাৰ পাছত আন এটা গোচৰ ৷


বিগত ২ জুলাইৰ পৰা আৰম্ভ হোৱা ‘কালী’ বিতৰ্কত ৪ জুলাইৰ পৰা নাম সাঙোৰ খাই পৰে তৃণমূল সাংসদ মহুৱা মৈত্ৰৰ ৷ কাৰণ , তৃণমূল সাংসদগৰাকীয়ে মন্তব্য কৰে যে তেওঁৰ বাবে মা কালী মদ আৰু মাংস সেৱন কৰা এগৰাকী দেৱী ৷তাৰাপীঠত সুৰাৰে মা কালীৰ বিগ্ৰহক ধুওৱা হয় ৷ মহুৱা মৈত্ৰৰ মতে ধৰ্মীয় স্বাধীনতা সকলোৰে থকা উচিত ৷ ইয়াৰ পাছৰে পৰা মহুৱা মৈত্ৰৰ বিৰুদ্ধেও চোছিয়েল মেডিয়াত একাংশ লোকে বিষেদগাৰ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে ৷ তৃণমূল কংগ্ৰেছে এয়া সাংসদগৰাকীৰ নিজা মন্তব্য বুলি কৈ বিষয়টোৰ পৰা নিজকে আঁতৰাই ৰাখে ৷ মহুৱা মৈত্ৰৰ বিৰুদ্ধেও ধৰ্মীয় ভাৱনাত আঘাত হনাৰ অভিযোগ তুলি ভূপালত ৰুজু কৰা হৈছে গোচৰ ৷ ইপিনে , মহুৱা মৈত্ৰই তৃণমূল কংগ্ৰেছৰ টুইটাৰ হেণ্ডেল আনফলো কৰি বিষয়টোৰ ক্ষেত্ৰত তেওঁৰ অনমনীয় স্থিতিৰ উমান দিছে ৷পশ্চিমবংগত তৃণমূল সাংসদ গৰাকীৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ ৷ কিন্তু মহুৱা মৈত্ৰই সামাজিক মাধ্যমত এটা কবিতা শ্বেয়াৰ কৰি স্পষ্ট কৰি দিছে তেওঁ ক্ষমা বিচৰাৰ পক্ষত নাই ৷ কবিতাটোত কোৱা হৈছে যে সাৱধান হোৱাৰ আচল অৰ্থ কি ? আমি একো নকও আৰু শান্ত হৈ থাকো ৷ অথচ তেওঁলোকে আমাৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ চলাই থাকিব ৷

‘কালীৰ ধুম্ৰপান’ক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ মাজতেই ‘কালী’ ডকুমেন্টৰীৰ পৰিচালক লীনা মনিমেকলায়ে ৭ জুলাইৰ পুৱা ৭.১৫ বজাত চোছিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে আন এখন পোষ্টাৰ ৷ য’ত শিৱ আৰু পাৰ্বতীক চিগাৰেট সেৱন কৰি থকা দেখা গৈছে ৷ এই পোষ্টাৰ শ্বেয়াৰ কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে একাংশ চোছিয়েল মেডিয়া ব্যৱহাৰকাৰী ৷ সামাজিক মাধ্যমত আক্ৰমণৰ সন্মুখীন হোৱাৰ পাছতেই লীনা মনিমেকলায়ে ৯.৪১ বজাত আন এটা টুইট কৰে ৷ য’ত তেওঁ উল্লেখ কৰে যে আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখন এতিয়া হেট মেচিনত পৰিণত হৈছে ৷মোক চেঞ্চৰ কৰিব বিচৰা হৈছে ৷ এই সময়ত মই ক’তোৱে সুৰক্ষিত অনুভৱ কৰা নাই ৷
এইদৰেই ‘কালী’ বিতৰ্কই এতিয়া ধুমুহাৰ ৰূপ লৈছে ভাৰতবৰ্ষত ৷ ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি , টকাৰ মূল্যৰ সৰ্বাধিক পতন , বান- ভূমিস্খলনৰ বিপৰ্যয় , নিবনুৱাৰ হাৰ বৃদ্ধিৰ খবৰৰ মাজতো ‘কালী’ হৈ পৰিছে বিতৰ্কৰ মূল বিষয়বস্তু ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.