সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ধূম্ৰপায়ী ‘কালী’ : ধৰ্মীয় ভাৱনাই দেশত কিয় লৈছে ধুমুহাৰ ৰূপ ?

ধৰ্মৰ কথা নক’ব ৷ ধৰ্মৰ আলোচনা-সমালোচনা নকৰিব ৷ কাৰণ ভাৰত এতিয়া ধৰ্মক লৈ অত্যন্ত সংবেদনশীল ৷ ধৰ্ম সম্পৰ্কীয় মন্তব্যই যেতিয়াই তেতিয়াই আঘাত কৰিব পাৰে কাৰোবাৰ ধৰ্মৰ ভাৱনাত ৷ দেশৰ চুকে কোনে ৰুজু হ’ব পাৰে গোচৰ ৷ তাৰ পাছত অন্তহীন আইনী কুচকাৱাজ ৷ এটা গোচৰত জামিন পোৱাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হ’ব পাৰে আন এটা গোচৰত ৷ চাৰি বছৰ পুৰণি এটা টুইটৰ বাবেই কাৰাগাৰত দিন কটাইছে অল্ট নিউজৰ সাংবাদিক মহম্মদ জুবেইৰে ৷ ২০১৮ চনত এখন হিন্দী চিনেমাৰ পোষ্টাৰ টুইট কৰিছিল মহম্মদ জুবেইৰে ৷ তেওঁৰ টুইটটোৱে হেনো ধাৰ্মিক ভাৱনাত আঘাত হানিছে ৷ সেইবাবেই ২০২২ চনত তেওক গ্ৰেপ্তাৰ কৰা হ’ল ৷ জুবেইৰৰ টুইটৰ পাছত বিতৰ্কৰ আৱৰ্তলৈ আহিছে আন এখন ডকুমেন্টৰীৰ পোষ্টাৰ ৷


পৰিচালক লীনা মনিমেকলাইৰ এখন ডকুমেন্টৰীৰ নাম হৈছে ‘কালী’ ৷ কানাডাৰ টেৰেন্টোত অনুষ্ঠিত এক অনুষ্ঠানত ‘কালী’ নামৰ ডকুমেন্টৰীখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয় ৷ য’ত কালীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে চিগাৰেট সৱেন কৰি থকা দেখা যায় ৷ ডকুমেন্টৰীখনৰ পোষ্টাৰত দেখা গৈছে যে কালীৰ এখন হাতত আছে ত্ৰিশুল আৰু আনখন হাতত আছে এল জি বি টি কিউৰ পতাকা ৷ ওঠত আছে জ্বলন্ত চিগাৰেট ৷ বিগত ২ জুলাইত এই ডকুমেন্টৰীৰ পোষ্টাৰ প্ৰকাশ পোৱাৰ পাছতে বিতৰ্কৰ সূত্ৰপাত হয় ৷ চোছিয়েল মেডিয়াত বহুসংখ্যক লোকে ‘কালী’ ডকুমেন্টৰীৰ পৰিচালিকা লীনা মনিমেকলাইক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ৷ চোছিয়েল মেডিয়াত এইসকল লোকে অভিযোগ উত্থাপণ কৰিছে যে লীনা মনিমেকলাইৰ ডকুমেন্টৰীৰ পোষ্টাৰে ধৰ্মীয় ভাৱনাত আঘাত হানিছে ৷ গতিকে তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে ৷দিল্লী , উত্তৰ প্ৰদেশ , মধ্যপ্ৰদেশ , বিহাৰ আদিত লীনাৰ বিৰুদ্ধে ৰুজু হয় এটাৰ পাছত আন এটা গোচৰ ৷

- Donation -


বিগত ২ জুলাইৰ পৰা আৰম্ভ হোৱা ‘কালী’ বিতৰ্কত ৪ জুলাইৰ পৰা নাম সাঙোৰ খাই পৰে তৃণমূল সাংসদ মহুৱা মৈত্ৰৰ ৷ কাৰণ , তৃণমূল সাংসদগৰাকীয়ে মন্তব্য কৰে যে তেওঁৰ বাবে মা কালী মদ আৰু মাংস সেৱন কৰা এগৰাকী দেৱী ৷তাৰাপীঠত সুৰাৰে মা কালীৰ বিগ্ৰহক ধুওৱা হয় ৷ মহুৱা মৈত্ৰৰ মতে ধৰ্মীয় স্বাধীনতা সকলোৰে থকা উচিত ৷ ইয়াৰ পাছৰে পৰা মহুৱা মৈত্ৰৰ বিৰুদ্ধেও চোছিয়েল মেডিয়াত একাংশ লোকে বিষেদগাৰ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে ৷ তৃণমূল কংগ্ৰেছে এয়া সাংসদগৰাকীৰ নিজা মন্তব্য বুলি কৈ বিষয়টোৰ পৰা নিজকে আঁতৰাই ৰাখে ৷ মহুৱা মৈত্ৰৰ বিৰুদ্ধেও ধৰ্মীয় ভাৱনাত আঘাত হনাৰ অভিযোগ তুলি ভূপালত ৰুজু কৰা হৈছে গোচৰ ৷ ইপিনে , মহুৱা মৈত্ৰই তৃণমূল কংগ্ৰেছৰ টুইটাৰ হেণ্ডেল আনফলো কৰি বিষয়টোৰ ক্ষেত্ৰত তেওঁৰ অনমনীয় স্থিতিৰ উমান দিছে ৷পশ্চিমবংগত তৃণমূল সাংসদ গৰাকীৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ ৷ কিন্তু মহুৱা মৈত্ৰই সামাজিক মাধ্যমত এটা কবিতা শ্বেয়াৰ কৰি স্পষ্ট কৰি দিছে তেওঁ ক্ষমা বিচৰাৰ পক্ষত নাই ৷ কবিতাটোত কোৱা হৈছে যে সাৱধান হোৱাৰ আচল অৰ্থ কি ? আমি একো নকও আৰু শান্ত হৈ থাকো ৷ অথচ তেওঁলোকে আমাৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ চলাই থাকিব ৷

‘কালীৰ ধুম্ৰপান’ক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ মাজতেই ‘কালী’ ডকুমেন্টৰীৰ পৰিচালক লীনা মনিমেকলায়ে ৭ জুলাইৰ পুৱা ৭.১৫ বজাত চোছিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে আন এখন পোষ্টাৰ ৷ য’ত শিৱ আৰু পাৰ্বতীক চিগাৰেট সেৱন কৰি থকা দেখা গৈছে ৷ এই পোষ্টাৰ শ্বেয়াৰ কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে একাংশ চোছিয়েল মেডিয়া ব্যৱহাৰকাৰী ৷ সামাজিক মাধ্যমত আক্ৰমণৰ সন্মুখীন হোৱাৰ পাছতেই লীনা মনিমেকলায়ে ৯.৪১ বজাত আন এটা টুইট কৰে ৷ য’ত তেওঁ উল্লেখ কৰে যে আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখন এতিয়া হেট মেচিনত পৰিণত হৈছে ৷মোক চেঞ্চৰ কৰিব বিচৰা হৈছে ৷ এই সময়ত মই ক’তোৱে সুৰক্ষিত অনুভৱ কৰা নাই ৷
এইদৰেই ‘কালী’ বিতৰ্কই এতিয়া ধুমুহাৰ ৰূপ লৈছে ভাৰতবৰ্ষত ৷ ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি , টকাৰ মূল্যৰ সৰ্বাধিক পতন , বান- ভূমিস্খলনৰ বিপৰ্যয় , নিবনুৱাৰ হাৰ বৃদ্ধিৰ খবৰৰ মাজতো ‘কালী’ হৈ পৰিছে বিতৰ্কৰ মূল বিষয়বস্তু ৷

Leave A Reply

Your email address will not be published.