SI ৰ গুলীত প্ৰাণ গ’ল SP ৰ

Share This Article

ধেমাজি জিলাত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ।ডিব্ৰুগড় সদৰ থানাৰ উপপৰিদৰ্শক আলোক কোৱঁৰে পুৱাই সংঘটিত কৰে এক অপ্ৰত্যাশিত ঘটনা।নিশাৰ কৰ্তব্য সম্পাদন কৰি পুৱা ধেমাজিত উপস্থিত হৈ প্ৰাক্তন আৰক্ষী অধীক্ষক অমূল্য বৰুৱাক নিজৰ চাৰ্ভিছ পিষ্টলেৰে ৩ জাঁই গুলীৰে থকাসৰকা কৰে।উল্লেখ্য যে প্ৰাক্তন আৰক্ষী অধীক্ষক গৰাকীক ঘৰৰ চোতালতেই গুলীয়াই ধৰাশায়ী কৰে SI আলোক কোঁৱৰে।ঘটনা সংঘটিত কৰাৰ পিছতেই ধেমাজি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে SI আলোক কোঁৱৰে।দুয়ো ঘৰৰ মাজত ভূমিৰ সীমাক লৈ চলি আছিল দীৰ্ঘ দিন ধৰি বিবাদ৷তাৰ ফলশ্ৰুতিতেই শনিবাৰে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত কৰে SI জনে৷ইতিমধ্যে ঘটনাটো সম্পৰ্কত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.