যুদ্ধ আৰম্ভ : ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ মোদীলৈ কি আহ্বান?

Share This Article

বৃহস্পতিবাৰে পুৱাৰে পৰা ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই ৷ এনে পৰিস্থিতিত ইউক্ৰেইনে বিচাৰিছে ভাৰতৰ সহায় ৷ ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ডা: আইগৰ পোলিখাই সংবাদমাধ্যমৰ আগত কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ সন্মানীয় নেতাসকলৰ ভিতৰত অন্যতম ৷ ইউক্ৰেইনে আশা কৰে যে মোদীয়ে পুটিনৰ ওপৰত প্ৰভাৱ বিস্তাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যদি ইউক্ৰেইনৰ সমৰ্থনত কোনো বক্তব্য ৰাখে বা অন্যধৰণে সহায় কৰে , তেনেহ;লে ইউক্ৰেইন সদায় ভাৰতৰ ওচৰত ঋণী হৈ ৰ’ব ৷তেও লগতে কয় যে ইউক্ৰেইনে সকলো মিত্ৰ দেশৰ পৰা সহায় বিচাৰিছে যাতে যুদ্ধখন ৰখাব পৰা যায় ৷ শান্তিয়ে সকলো সমস্যাৰ সমাধান বুলি ইউক্ৰেইনে বিশ্বাস কৰে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.