সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইন যুদ্ধ : ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ বৃদ্ধি পাবলৈ ধৰিছে ৷ এতিয়ালৈকে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহন কৰা নাই ৷ এক নিৰপেক্ষ অৱস্থানৰ পৰা ভাৰতে কেৱল শান্তিৰ আহ্বানহে কৰি আহিছে ৷ কিন্তু আজিৰ পৰিস্থিতিত ভাৰতৰ বাবে গোষ্ঠী নিৰপেক্ষ হৈ থকাটো সম্ভৱ হৈ থকা নাই ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয় যে আজি আমেৰিকাই ভাৰতৰ লগত এই বিষয়ত আলোচনা কৰিব ৷ এতিয়ালৈকে বিষয়টোৰ কোনো সমাধান ওলোৱা নাই ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সাম্ভাব্য ভোটিঙৰ পূৰ্বে এইদৰেই জ’ বাইডেনে ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

Leave A Reply

Your email address will not be published.