ইউক্ৰেইন যুদ্ধ : ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ

Share This Article

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ বৃদ্ধি পাবলৈ ধৰিছে ৷ এতিয়ালৈকে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহন কৰা নাই ৷ এক নিৰপেক্ষ অৱস্থানৰ পৰা ভাৰতে কেৱল শান্তিৰ আহ্বানহে কৰি আহিছে ৷ কিন্তু আজিৰ পৰিস্থিতিত ভাৰতৰ বাবে গোষ্ঠী নিৰপেক্ষ হৈ থকাটো সম্ভৱ হৈ থকা নাই ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয় যে আজি আমেৰিকাই ভাৰতৰ লগত এই বিষয়ত আলোচনা কৰিব ৷ এতিয়ালৈকে বিষয়টোৰ কোনো সমাধান ওলোৱা নাই ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সাম্ভাব্য ভোটিঙৰ পূৰ্বে এইদৰেই জ’ বাইডেনে ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.