সৰিয়হৰ বীজ : চৰকাৰৰ ‘হা’, কিন্তু RSS য়ে ক’লে ‘না’

  • সৰিয়হৰ বীজ : চৰকাৰৰ ‘হা’, কিন্তু RSS য়ে ক’লে ‘না’
  • চৰকাৰৰ সিন্ধান্তৰ বিৰোধিতা RSS ৰ
  • সৰিয়হৰ শস্য সম্পৰ্কীয় সিন্ধান্তৰ বিৰোধিতাৰে পত্ৰ

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনৰ জেনেটিক ইঞ্জিনিয়াৰিং এপৰেইজেল কমিটিয়ে জেনেটিকেলি পৰিবৰ্তন কৰা সৰিয়হ বীজৰ খেতিৰ অনুমোদন জনাইছিল ৷কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সংস্থাৰ এই সিন্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অধীনৰ ভাৰতীয় কিষাণ সংঘই ৷ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা এক পত্ৰত ভাৰতীয় কিষাণ সংঘই লিখিছে যে দিল্লী বিশ্ববিদ্যালয় ,খাদ্য সুৰক্ষা বিভাগ,আৰু ষ্টেণ্ডাৰ্ড অথৰিটি অব ইণ্ডিয়াই খাদ্য শস্যৰ জেনেটিক পৰিবৰ্তনৰ ওপৰত কাম কৰি আছে ৷

ভাৰতীয় কিষাণ সংঘই এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰত দিয়া সাক্ষাৎকাৰত কয় জেনেটিকেলি পৰিবৰ্তন কৰা সৰিয়হৰ বীজৰ খেতিৰ ওপৰত অনুসন্ধান চলাই থকা হৈছে আৰু ই ‘বিজ্ঞানৰ এক দুই নম্বৰী কাৰ্য বা ঠগ’ বুলি প্ৰমাণিত হৈছে৷“হাৰ্বিচাইড টলাৰেণ্ট প্ৰযুক্তিৰ জৰিয়তে মাটি আৰু ইয়াত গজা সকলোধৰণৰ ঔষধী গছৰ ক্ষতি কৰাৰ লগতে শস্যও নষ্ট কৰে৷তদুপৰি ই মানুহৰ শৰীৰত কৰ্কট ৰোগৰ বীজাণুৰ সৃষ্টি কৰিব”-এনেদৰে কয় মোহিনী মোহন মিশ্ৰই৷ তদুপৰি তেওঁ কয় যে জেনেটিক ইঞ্জিনীয়াৰিং এপৰেইজেল কমিটিয়ে সৰিয়হৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই সিন্ধান্ত সম্পূৰ্ণ অবৈজ্ঞানিক ,অসামাজিক আৰু অৰ্থনীতিৰ লগত সম্পৰ্ক নথকা৷
“আমি কেন্দ্ৰীয় চৰকাৰক এই সম্পৰ্কত খুব সোনকালেই সিন্ধান্ত ল’বলৈ অনুৰোধ জনাম৷তাৰ পৰিবৰ্তে ৰাসায়নিক পদাৰ্থবিহীন,আত্মনিৰ্ভৰশীল ,শৰীৰৰ বাবে উপযুক্ত খাদ্য প্ৰস্তুত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাম”-এনেদৰে কয় মিশ্ৰই৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296