সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সৰিয়হৰ বীজ : চৰকাৰৰ ‘হা’, কিন্তু RSS য়ে ক’লে ‘না’

  • সৰিয়হৰ বীজ : চৰকাৰৰ ‘হা’, কিন্তু RSS য়ে ক’লে ‘না’
  • চৰকাৰৰ সিন্ধান্তৰ বিৰোধিতা RSS ৰ
  • সৰিয়হৰ শস্য সম্পৰ্কীয় সিন্ধান্তৰ বিৰোধিতাৰে পত্ৰ

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনৰ জেনেটিক ইঞ্জিনিয়াৰিং এপৰেইজেল কমিটিয়ে জেনেটিকেলি পৰিবৰ্তন কৰা সৰিয়হ বীজৰ খেতিৰ অনুমোদন জনাইছিল ৷কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সংস্থাৰ এই সিন্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অধীনৰ ভাৰতীয় কিষাণ সংঘই ৷ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা এক পত্ৰত ভাৰতীয় কিষাণ সংঘই লিখিছে যে দিল্লী বিশ্ববিদ্যালয় ,খাদ্য সুৰক্ষা বিভাগ,আৰু ষ্টেণ্ডাৰ্ড অথৰিটি অব ইণ্ডিয়াই খাদ্য শস্যৰ জেনেটিক পৰিবৰ্তনৰ ওপৰত কাম কৰি আছে ৷

- Donation -

ভাৰতীয় কিষাণ সংঘই এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰত দিয়া সাক্ষাৎকাৰত কয় জেনেটিকেলি পৰিবৰ্তন কৰা সৰিয়হৰ বীজৰ খেতিৰ ওপৰত অনুসন্ধান চলাই থকা হৈছে আৰু ই ‘বিজ্ঞানৰ এক দুই নম্বৰী কাৰ্য বা ঠগ’ বুলি প্ৰমাণিত হৈছে৷“হাৰ্বিচাইড টলাৰেণ্ট প্ৰযুক্তিৰ জৰিয়তে মাটি আৰু ইয়াত গজা সকলোধৰণৰ ঔষধী গছৰ ক্ষতি কৰাৰ লগতে শস্যও নষ্ট কৰে৷তদুপৰি ই মানুহৰ শৰীৰত কৰ্কট ৰোগৰ বীজাণুৰ সৃষ্টি কৰিব”-এনেদৰে কয় মোহিনী মোহন মিশ্ৰই৷ তদুপৰি তেওঁ কয় যে জেনেটিক ইঞ্জিনীয়াৰিং এপৰেইজেল কমিটিয়ে সৰিয়হৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই সিন্ধান্ত সম্পূৰ্ণ অবৈজ্ঞানিক ,অসামাজিক আৰু অৰ্থনীতিৰ লগত সম্পৰ্ক নথকা৷
“আমি কেন্দ্ৰীয় চৰকাৰক এই সম্পৰ্কত খুব সোনকালেই সিন্ধান্ত ল’বলৈ অনুৰোধ জনাম৷তাৰ পৰিবৰ্তে ৰাসায়নিক পদাৰ্থবিহীন,আত্মনিৰ্ভৰশীল ,শৰীৰৰ বাবে উপযুক্ত খাদ্য প্ৰস্তুত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাম”-এনেদৰে কয় মিশ্ৰই৷

Leave A Reply

Your email address will not be published.