সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চৰকাৰী স্কুল ধ্বংসৰ মুখলৈ ঠেলি ব্যক্তিগত বিদ্যালয় প্ৰতিষ্ঠা কৰাটো মুখ্যমন্ত্ৰীৰ অপৰাধ নহ’ব কিয় ?

এখন চিঠি আৰু এটা বিজ্ঞাপন ৷ এই চিঠি আৰু বিজ্ঞাপনেই উন্মোচন কৰিছে অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ দুৰাৱস্থাৰ কাৰণ ৷ অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুয়ে বিধায়কসকলক দিয়া এখন চিঠিৰ পৰাই উন্মোচিত হৈছে যে অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্ত:গাঁথনি নিৰ্মান কৰিবলৈ অসম চৰকাৰৰ ওচৰত ধন নাই ৷ ইয়াৰ বাবে তেওঁ বিধায়সকলৰ পৰা সাহায্য সামগ্ৰী বিচাৰি চিঠি প্ৰেৰণ কৰিছে ৷
এই চিঠিখনত মন্ত্ৰী ডা: পেগুয়ে স্পষ্ট ভাষাৰে উল্লেখ কৰিছে যে কিছুমান বিদ্যালয় পৰ্যাপ্ত সুবিধা যেনে- বৈদ্যুতিক পাংখা , চকী- মেজ , খোৱা পানীৰ ফিল্টাৰ ইত্যাদি অবিহনে চলি আছে ৷ এখন বিদ্যালয়ত এই সুবিধাসমূহ থকাটো শিক্ষণ – শিকন পৰিৱেশৰ বাবে অতিকৈ জৰুৰী ৷ যদিও চৰকাৰে এই সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে , এই প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ বৰ্তমান পৰ্যাপ্ত পৰিমানৰ পুঁজিৰ অভাৱ ৷ এই অভাৱসমূহ পূৰণ কৰিবলৈ দীৰ্ঘকালীন সময়ৰ প্ৰয়োজন হ’ব ৷
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ‘বিদ্যাঞ্জলী ২.০” নামেৰে এখন বিশেষ আঁচনি মুকলি কৰিছে ৷ বিদ্যালয়ৰ মানদণ্ড উন্নীত কৰাৰ লক্ষ্যৰে স্বেচ্ছাই যিকোনো ব্যক্তি , অৱসৰপ্ৰাপ্ত বিষয়া , ব্যৱসায়ী , যুৱসমাজ , সামাজিক সংগঠন তথা ব্যক্তিগত খণ্ড আদিয়ে বিদ্যালয় এখনক সহযোগিতা আগবঢ়োৱাটো হৈছে এই আঁচনিৰ উদ্দেশ্য ৷ এই ক্ষেত্ৰত বিদ্যাঞ্জলী পোৰ্টেলত পঞ্জীয়নৰ জড়িয়তে অনুদান তথা সেৱাসমূহ উক্ত অনুষ্ঠান তথা ব্যক্তিসকলে আগবঢ়াব পাৰিব ৷
সেয়েহে মই অনুৰোধ জনাও যে আপোনাৰ সমষ্টিৰ আপোনাৰ পৰিচিত দাতা আৰু পৃষ্ঠপোষকসকলক মেজ চকী , বৈদ্যুতিক পাংখা , খোৱা পানীৰ ফিল্টাৰ তথা অন্যান্য সা – সুবিধা বিদ্যালয়সমূহক প্ৰদান কৰিবলৈ উৎসাহিত কৰে যেন ৷

অৰ্থাৎ অসম চৰকাৰৰ ধন নাই ৷ গতিকে বিদ্যালয়ৰ বাবে চকী মেজ সংগ্ৰহ কৰাৰ দায়িত্ব দিয়া হৈছে বিধায়কসকলক ৷ শিক্ষামন্ত্ৰীয়ে বিধায়কলৈ দিয়া এই চিঠিখন ৰাজহুৱা হোৱাৰ দিনটোতে নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশ পাইছে আন এটা বিজ্ঞাপন ৷ এই বিজ্ঞাপনটো এখন বিদ্যালয়ৰ ৷ বিদ্যালয়খনৰ নাম বন্দ্যা ইন্টাৰনেশ্যনেল স্কুল ৷ এই বিদ্যালয়খনত নাৰ্ছাৰী শ্ৰেণীৰ পৰা নামভৰ্তি আৰম্ভ হৈছে আৰু সেইবাবেই এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে ৷ বিজ্ঞাপনটোত বিদ্যালয়খনত থকা সা – সুবিধাসমূহৰ বিষয়েও উল্লেখ কৰা হৈছে ৷ ১৮ একৰ ভূমিত স্থাপন কৰা বিদ্যালয়খনত বিশ্বমানৰ সা- সুবিধাসমূহ থকাৰ উপৰিও ডিজিটেল ক্লাছৰুম , জি পি এছ সংযুক্ত বাছৰো সুবিধা আছে ৷
মন কৰিবলগীয়া কথাটো হ’ল এই বিদ্যালয়খন যিটো সংস্থাই পৰিচালনা কৰে , সেই সংস্থাটো মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নিয়ন্ত্ৰণাধীন ৷ বিদ্যালয়খন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ কৰ্তৃপক্ষৰ মতে এই বিদ্যালয়খন উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিদ্যালয় ৷ অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা সপৰিয়ালে উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত ৰিণিকি ভূঞা শৰ্মাই বন্দ্যা পাব্লিক স্কুলৰ প্ৰছপেক্টাছ মুকলি কৰে ৷ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বক্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে বন্দ্যা ইন্টাৰনেশ্যনেল স্কুলৰ প্ৰতিষ্ঠাপক হ’ল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷
যিটো দিনত মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠা কৰা উত্তৰ পূৱৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন উদ্বোধন কৰা হ’ল , সেই একেটা দিনতে চৰকাৰী বিদ্যালয়ৰ বাবে চকী মেজ বিচাৰি শিক্ষামন্ত্ৰীয়ে দিয়া এখন পত্ৰও ৰাজহুৱা হৈ পৰিছে ৷
উল্লেখ্য যে ২০০৬ চনৰ পৰাই অধিকাংশ সময় অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছে ড: হিমন্ত বিশ্ব শৰ্মা ৷ আজি তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৷ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰা সুদীৰ্ঘ সময়ত অসমৰ চৰকাৰী শিক্ষাখণ্ড কি পৰ্যায়ত উপনীত হ’ল , তাৰ কেইটামান তথ্য আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো ৷ লোকসভাত কেন্দ্ৰৰ শিক্ষা বিভাগৰ দায়িত্বত থকা ৰাজ্যিক শিক্ষামন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে দাখিল কৰা তথ্যত হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘসময় দায়িত্ব পালন কৰা শিক্ষাখণ্ডৰ দুৰ্দশাৰ ছৱিখন স্পষ্ট হৈ পৰিছে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ২০২০-২১ বৰ্ষত প্ৰাথমিক স্তৰত আধাতে বিদ্যালয় এৰা ছাত্ৰ- ছাত্ৰীৰ হাৰ ৩.৩% ৷ উচ্চ প্ৰাথমিক স্তৰত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৪.৯ %৷ মাধ্যমিক স্তৰত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৩০.৩ %৷ দেশৰ ভিতৰত এই হাৰ সৰ্বাধিক
অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমত দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক শিক্ষাৰ্থীয়ে বিদ্যালয় এৰিছে ৷ আনহাতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পত্ৰৰ পৰা স্পষ্ট হৈ পৰে যে অসমৰ অধিকাংশ চৰকাৰী বিদ্যালয় চকী – মেজ , পানীৰ ফিল্টাৰ নোহোৱাকৈ চলি আছে ৷ তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠা কৰা বন্দ্যা ইন্টাৰনেশ্যনেল স্কুলত স্থাপন কৰা হৈছে ডিজিটেল ক্লাছ ৰূম ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিদ্যালয়ত ডিজিটেল ক্লাছৰুম থাকিবই , কিন্তু তেওঁ পৰিচালনা কৰা ৰাজ্যৰ বিদ্যালয়ত ইন্টাৰনেটৰ সুবিধা কিমান উপলব্ধ , সেয়াও জানিবলগীয়া বিষয় ৷
যোৱা ১ আগষ্টত লোকসভাত শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অন্নপূৰ্ণ দেৱীয়ে দাখিল কৰা তথ্য অনুসৰি , অসমৰ কামৰূপ মহানগৰ জিলাত ৭.৯১ শতাংশ বিদ্যালয়ত আছে ইন্টাৰনেট সংযোগ ৷ কামৰূপ গ্ৰাম্য জিলাৰ ১.৯৬ শতাংশ বিদ্যালয়ত আছে ইন্টাৰনেট সংযোগ ৷
অৰ্থাৎ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নিজে প্ৰতিনিধিত্ব কৰা কামৰূপ গ্ৰাম্য জিলাৰ ১.৯৬ শতাংশ বিদ্যালয়তহে এতিয়ালৈকে ইন্টাৰনেট সংযোগ উপলব্ধ হৈ আছে ৷ কিন্তু একেসময়তে তেওঁ কামৰূপ গ্ৰাম্য জিলাত ১৮ একৰ ভূমিত প্ৰতিষ্ঠা কৰিছে বিশ্বমানৰ সুবিধা থকা , ডিজিটেল ক্লাছৰুম থকা নিজৰ পৰিয়ালৰ মালিকানাধীন ব্যক্তিগতখণ্ডৰ বিদ্যালয় ৷
যিসময়ত অসমৰ চৰকাৰী শিক্ষাখণ্ড ধ্বংসস্তুপত পৰিণত হৈছে , ইখনৰ পাছত সিখন চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈ আছে সেই সময়তে মুখ্যমন্ত্ৰীৰ পৰিয়ালে স্থাপন কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন ৷ ইয়াৰ পৰাই চৰকাৰী শিক্ষাৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ দায়বদ্ধতাৰ উমান পাব পাৰি ৷
এতিয়া প্ৰশ্ন হ’ল – এগৰাকী চৰকাৰী চিকিৎসকে যদি নাৰ্ছিঙহোমত চিকিৎসা আগবঢ়োৱাতো অপৰাধ হয় , কৰ্তব্যত ফাঁকি দিয়া হয় , এজন অধ্যাপকে যদি কোচ্চিঙ চেন্টাৰত ক্লাছ কৰাটো অপৰাধ হয় , তেনেহ’লে এখন ৰাজ্যৰ এজন শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত বিদ্যালয় স্থাপন কৰাটো অপৰাধ নহ’ব কিয় ? অসমৰ চৰকাৰী শিক্ষাক ধ্বংসৰ মুখলৈ ঠেলি নিজে শিক্ষাৰ ব্যৱসায়ত নামি পৰাটো মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধ বুলি গণ্য কৰা নহ’ব কিয় ?

- Donation -

Leave A Reply

Your email address will not be published.