চৰকাৰী স্কুল ধ্বংসৰ মুখলৈ ঠেলি ব্যক্তিগত বিদ্যালয় প্ৰতিষ্ঠা কৰাটো মুখ্যমন্ত্ৰীৰ অপৰাধ নহ’ব কিয় ?

Share This Article

এখন চিঠি আৰু এটা বিজ্ঞাপন ৷ এই চিঠি আৰু বিজ্ঞাপনেই উন্মোচন কৰিছে অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ দুৰাৱস্থাৰ কাৰণ ৷ অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুয়ে বিধায়কসকলক দিয়া এখন চিঠিৰ পৰাই উন্মোচিত হৈছে যে অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্ত:গাঁথনি নিৰ্মান কৰিবলৈ অসম চৰকাৰৰ ওচৰত ধন নাই ৷ ইয়াৰ বাবে তেওঁ বিধায়সকলৰ পৰা সাহায্য সামগ্ৰী বিচাৰি চিঠি প্ৰেৰণ কৰিছে ৷
এই চিঠিখনত মন্ত্ৰী ডা: পেগুয়ে স্পষ্ট ভাষাৰে উল্লেখ কৰিছে যে কিছুমান বিদ্যালয় পৰ্যাপ্ত সুবিধা যেনে- বৈদ্যুতিক পাংখা , চকী- মেজ , খোৱা পানীৰ ফিল্টাৰ ইত্যাদি অবিহনে চলি আছে ৷ এখন বিদ্যালয়ত এই সুবিধাসমূহ থকাটো শিক্ষণ – শিকন পৰিৱেশৰ বাবে অতিকৈ জৰুৰী ৷ যদিও চৰকাৰে এই সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে , এই প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ বৰ্তমান পৰ্যাপ্ত পৰিমানৰ পুঁজিৰ অভাৱ ৷ এই অভাৱসমূহ পূৰণ কৰিবলৈ দীৰ্ঘকালীন সময়ৰ প্ৰয়োজন হ’ব ৷
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ‘বিদ্যাঞ্জলী ২.০” নামেৰে এখন বিশেষ আঁচনি মুকলি কৰিছে ৷ বিদ্যালয়ৰ মানদণ্ড উন্নীত কৰাৰ লক্ষ্যৰে স্বেচ্ছাই যিকোনো ব্যক্তি , অৱসৰপ্ৰাপ্ত বিষয়া , ব্যৱসায়ী , যুৱসমাজ , সামাজিক সংগঠন তথা ব্যক্তিগত খণ্ড আদিয়ে বিদ্যালয় এখনক সহযোগিতা আগবঢ়োৱাটো হৈছে এই আঁচনিৰ উদ্দেশ্য ৷ এই ক্ষেত্ৰত বিদ্যাঞ্জলী পোৰ্টেলত পঞ্জীয়নৰ জড়িয়তে অনুদান তথা সেৱাসমূহ উক্ত অনুষ্ঠান তথা ব্যক্তিসকলে আগবঢ়াব পাৰিব ৷
সেয়েহে মই অনুৰোধ জনাও যে আপোনাৰ সমষ্টিৰ আপোনাৰ পৰিচিত দাতা আৰু পৃষ্ঠপোষকসকলক মেজ চকী , বৈদ্যুতিক পাংখা , খোৱা পানীৰ ফিল্টাৰ তথা অন্যান্য সা – সুবিধা বিদ্যালয়সমূহক প্ৰদান কৰিবলৈ উৎসাহিত কৰে যেন ৷

অৰ্থাৎ অসম চৰকাৰৰ ধন নাই ৷ গতিকে বিদ্যালয়ৰ বাবে চকী মেজ সংগ্ৰহ কৰাৰ দায়িত্ব দিয়া হৈছে বিধায়কসকলক ৷ শিক্ষামন্ত্ৰীয়ে বিধায়কলৈ দিয়া এই চিঠিখন ৰাজহুৱা হোৱাৰ দিনটোতে নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশ পাইছে আন এটা বিজ্ঞাপন ৷ এই বিজ্ঞাপনটো এখন বিদ্যালয়ৰ ৷ বিদ্যালয়খনৰ নাম বন্দ্যা ইন্টাৰনেশ্যনেল স্কুল ৷ এই বিদ্যালয়খনত নাৰ্ছাৰী শ্ৰেণীৰ পৰা নামভৰ্তি আৰম্ভ হৈছে আৰু সেইবাবেই এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে ৷ বিজ্ঞাপনটোত বিদ্যালয়খনত থকা সা – সুবিধাসমূহৰ বিষয়েও উল্লেখ কৰা হৈছে ৷ ১৮ একৰ ভূমিত স্থাপন কৰা বিদ্যালয়খনত বিশ্বমানৰ সা- সুবিধাসমূহ থকাৰ উপৰিও ডিজিটেল ক্লাছৰুম , জি পি এছ সংযুক্ত বাছৰো সুবিধা আছে ৷
মন কৰিবলগীয়া কথাটো হ’ল এই বিদ্যালয়খন যিটো সংস্থাই পৰিচালনা কৰে , সেই সংস্থাটো মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নিয়ন্ত্ৰণাধীন ৷ বিদ্যালয়খন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ কৰ্তৃপক্ষৰ মতে এই বিদ্যালয়খন উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিদ্যালয় ৷ অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা সপৰিয়ালে উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত ৰিণিকি ভূঞা শৰ্মাই বন্দ্যা পাব্লিক স্কুলৰ প্ৰছপেক্টাছ মুকলি কৰে ৷ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বক্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে বন্দ্যা ইন্টাৰনেশ্যনেল স্কুলৰ প্ৰতিষ্ঠাপক হ’ল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷
যিটো দিনত মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠা কৰা উত্তৰ পূৱৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন উদ্বোধন কৰা হ’ল , সেই একেটা দিনতে চৰকাৰী বিদ্যালয়ৰ বাবে চকী মেজ বিচাৰি শিক্ষামন্ত্ৰীয়ে দিয়া এখন পত্ৰও ৰাজহুৱা হৈ পৰিছে ৷
উল্লেখ্য যে ২০০৬ চনৰ পৰাই অধিকাংশ সময় অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছে ড: হিমন্ত বিশ্ব শৰ্মা ৷ আজি তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৷ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰা সুদীৰ্ঘ সময়ত অসমৰ চৰকাৰী শিক্ষাখণ্ড কি পৰ্যায়ত উপনীত হ’ল , তাৰ কেইটামান তথ্য আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো ৷ লোকসভাত কেন্দ্ৰৰ শিক্ষা বিভাগৰ দায়িত্বত থকা ৰাজ্যিক শিক্ষামন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে দাখিল কৰা তথ্যত হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘসময় দায়িত্ব পালন কৰা শিক্ষাখণ্ডৰ দুৰ্দশাৰ ছৱিখন স্পষ্ট হৈ পৰিছে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ২০২০-২১ বৰ্ষত প্ৰাথমিক স্তৰত আধাতে বিদ্যালয় এৰা ছাত্ৰ- ছাত্ৰীৰ হাৰ ৩.৩% ৷ উচ্চ প্ৰাথমিক স্তৰত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৪.৯ %৷ মাধ্যমিক স্তৰত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৩০.৩ %৷ দেশৰ ভিতৰত এই হাৰ সৰ্বাধিক
অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমত দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক শিক্ষাৰ্থীয়ে বিদ্যালয় এৰিছে ৷ আনহাতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পত্ৰৰ পৰা স্পষ্ট হৈ পৰে যে অসমৰ অধিকাংশ চৰকাৰী বিদ্যালয় চকী – মেজ , পানীৰ ফিল্টাৰ নোহোৱাকৈ চলি আছে ৷ তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠা কৰা বন্দ্যা ইন্টাৰনেশ্যনেল স্কুলত স্থাপন কৰা হৈছে ডিজিটেল ক্লাছ ৰূম ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিদ্যালয়ত ডিজিটেল ক্লাছৰুম থাকিবই , কিন্তু তেওঁ পৰিচালনা কৰা ৰাজ্যৰ বিদ্যালয়ত ইন্টাৰনেটৰ সুবিধা কিমান উপলব্ধ , সেয়াও জানিবলগীয়া বিষয় ৷
যোৱা ১ আগষ্টত লোকসভাত শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অন্নপূৰ্ণ দেৱীয়ে দাখিল কৰা তথ্য অনুসৰি , অসমৰ কামৰূপ মহানগৰ জিলাত ৭.৯১ শতাংশ বিদ্যালয়ত আছে ইন্টাৰনেট সংযোগ ৷ কামৰূপ গ্ৰাম্য জিলাৰ ১.৯৬ শতাংশ বিদ্যালয়ত আছে ইন্টাৰনেট সংযোগ ৷
অৰ্থাৎ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নিজে প্ৰতিনিধিত্ব কৰা কামৰূপ গ্ৰাম্য জিলাৰ ১.৯৬ শতাংশ বিদ্যালয়তহে এতিয়ালৈকে ইন্টাৰনেট সংযোগ উপলব্ধ হৈ আছে ৷ কিন্তু একেসময়তে তেওঁ কামৰূপ গ্ৰাম্য জিলাত ১৮ একৰ ভূমিত প্ৰতিষ্ঠা কৰিছে বিশ্বমানৰ সুবিধা থকা , ডিজিটেল ক্লাছৰুম থকা নিজৰ পৰিয়ালৰ মালিকানাধীন ব্যক্তিগতখণ্ডৰ বিদ্যালয় ৷
যিসময়ত অসমৰ চৰকাৰী শিক্ষাখণ্ড ধ্বংসস্তুপত পৰিণত হৈছে , ইখনৰ পাছত সিখন চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈ আছে সেই সময়তে মুখ্যমন্ত্ৰীৰ পৰিয়ালে স্থাপন কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন ৷ ইয়াৰ পৰাই চৰকাৰী শিক্ষাৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ দায়বদ্ধতাৰ উমান পাব পাৰি ৷
এতিয়া প্ৰশ্ন হ’ল – এগৰাকী চৰকাৰী চিকিৎসকে যদি নাৰ্ছিঙহোমত চিকিৎসা আগবঢ়োৱাতো অপৰাধ হয় , কৰ্তব্যত ফাঁকি দিয়া হয় , এজন অধ্যাপকে যদি কোচ্চিঙ চেন্টাৰত ক্লাছ কৰাটো অপৰাধ হয় , তেনেহ’লে এখন ৰাজ্যৰ এজন শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত বিদ্যালয় স্থাপন কৰাটো অপৰাধ নহ’ব কিয় ? অসমৰ চৰকাৰী শিক্ষাক ধ্বংসৰ মুখলৈ ঠেলি নিজে শিক্ষাৰ ব্যৱসায়ত নামি পৰাটো মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধ বুলি গণ্য কৰা নহ’ব কিয় ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.