সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেনেকৈ ৰাজ কুন্দ্ৰাই প্ৰচাৰ কৰে অশ্লীল চিনেমা ?

পৰ্ণ ভিডিও বিক্ৰীৰ বাবে ৰাজ কুন্দ্ৰাই খুলি লৈছিল নিজৰ কোম্পেনী

ৰাজ কুন্দ্ৰা ৷ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৷ লগতে এগৰাকী সফল ব্যৱসায়ী ৷ আই পি এলতো অংশীদাৰীত্ব আছে ৰাজ কুন্দ্ৰাৰ ৷ সাধাৰণ ৰেষ্টুৰেণ্টৰ ব্যৱসায়ৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি আজি ৰাজ কুন্দ্ৰা আজি এজন আৰৱপতি ৷ কিন্তু ৰাজ কুন্দ্ৰাই টকা ঘটে কেনেকৈ ? সোমবাৰে মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰৰ পাছতে উন্মোচন হৈছে তেওৰ ব্যৱসায়িক সাম্ৰাজ্যৰ বহু আন্ধাৰ দিশ ৷ যোৱা ফেব্ৰুৱাৰী মাহত ৰুজু হোৱা এক গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰৰ সন্মুখীন হয় এই সফল , পৰিচিত ব্যাৱসায়ীজন ৷

আচল ঘটনা কি ?

- Donation -

এগৰাকী মডেলৰ এটা পৰ্ণ ভিডিও এই বছৰৰ আৰম্ভণিতে খুব ভাইৰেল হয় ৷ মডেলগৰাকীয়ে এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰে ৷ গোচৰটোৰ অনুসন্ধান চলাই মুম্বাই আৰক্ষীয়ে প্ৰথমতে গ্ৰেপ্তাৰ কৰে উমেশ কামাথ নামৰ এজন ব্যক্তিক ৷ এই ব্যক্তিজনৰ কথা মডেল গৰাকীয়ে এজাহাৰত উল্লেখ কৰিছিল ৷ উমেশ কামাথে মডেলগৰাকীক নগ্ন হৈ অডিচন দিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ এনে আৰু কেবাটাও গোচৰ একে সময়তে মুম্বাইৰ আন কেবাখনো থানাত ৰুজু হয় ৷ গোচৰ সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুঠ ৯ জন লোকক ৷ আটাইকেইজন অভিযুক্তই মহিলাসকলক ৱেব চিৰিজত অভিনয়ৰ সুযোগ দিয়াৰ চলেৰে মতাই নিছিল আৰু শ্বুটিঙৰ নামত অশ্লীল ছবিত অভিনয় কৰিবলৈ বাধ্য কৰাইছিল ৷ তাতেই ক্ষান্ত নাথাকি এই দৃশ্যসমূহ বিভিন্ন প্লেটফৰ্মত প্ৰচাৰো কৰিছিল ৷ গোচৰৰ অধিক অনুসন্ধান চলাই আৰক্ষীয়ে জানিব পাৰে যে যিসমূহ এপ্লিকেশ্যন বা প্লেটফৰ্মৰ জড়িয়তে অশ্লীল চিনেমা প্ৰচাৰ কৰা হয় , তাৰেই এটা কোম্পানী ৰাজ কুন্দ্ৰাৰ ৷ সেয়ে তেওক সোমবাৰে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯২ , ২৯৩ আৰু তথ্য – প্ৰযুক্তি আইনৰ ধাৰা ৬৭ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় ৷

ৰাজ কুন্দ্ৰাৰ কোম্পেনীটো কি ?

ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰৰ পাছতে চৰ্চালৈ আহিছে কেনৰিন নামৰ এটা কোম্পেনী , উই ট্ৰান্সফাৰ নামৰ এটা প্লেটফৰ্ম আৰু হট চটছ নামৰ এটা এটা এপ্লিকেশ্যন ৷ মুম্বাই আৰক্ষীয়ে দাবী কৰা মতে , ৰাজ কুন্দ্ৰাই পৰ্ণ ফিল্ম নিৰ্মান আৰু প্ৰচাৰৰ ব্যৱসায়ত ৮ ৰ পৰা ১০ কৌটি টকা বিনিয়ৌ কৰিছিল ৷ ইয়াৰ বাবে তেও ব্ৰিটেইনত থকা নিজৰ ভায়েকৰ লগত মিলি কেনৰিন নামৰ এটা কোম্পেনী গঠন কৰিছিল ৷ ভাৰতৰ চাইবাৰ আইনৰ পৰা হাত সাৰিবলৈ এই কোম্পেনীটোৰ ৰেজিষ্ট্ৰেছন কৰোৱা হয় ব্ৰিটেইনতে ৷পৰ্ণ চিনেমাসমূহ ভাৰতত শ্বুট কৰাৰ পাছত তাক উই ট্ৰান্সফাৰৰ জড়িয়তে প্ৰেৰণ কৰা হয় কেনৰিন কোম্পেনীলৈ ৷ কেনৰিনৰ জড়িয়তে এই অশ্লীল চিনেমা বা ভিডিও হট চটছৰ লগতে আন এপ্লিকেশ্যনক ধনৰ  বিনিময়ত বিক্ৰী কৰা হয় ৷ উই ট্ৰান্সফাৰ হ’ল এনে এটা অনলাইন প্লেটফৰ্ম , য’ত ১ টিবি পৰ্যন্ত ডাটা ট্ৰান্সফাৰ কৰিব পাৰি ৷ আনহাতে হট চটছ এপ্লিকেশ্যনটোৰ সম্পূৰ্ণ নাম হ’ল হট চটছ ডিজিটেল এন্টাৰটেইনমেন্ট ৷ এই এপ্লিকেশ্যনটোও নিৰ্মান কৰিছে কেনৰিন লিমিটেডে ৷ সাধাৰণতে গুগ’ল বা এপ’ল প্লে ষ্ট’ৰত  হট চটছ উপলব্ধ নহয় ৷ এ পি কে ফাইলৰ সহায়ত অজ্ঞাত উৎসৰ পৰা এই এপ্লিকেশ্যন ডাউনলোড কৰিব লাগে ৷ এই এপ্লিকেশ্যনটোত পৰ্ণ ভিডিও , চিনেমা আৰু ৱেব চিৰিজ উপলব্ধ ৷ এতিয়ালৈকে সমগ্ৰ বিশ্বৰ প্ৰায় ১০ লাখ লোকে হট চটছ নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিছে ৷ তাত নিৰ্দিষ্ট মাচুল দিলেহে ভিডিও উপলব্ধ হয় ৷ অৰ্থাৎ ভাৰতত শ্বুট কৰা অশ্লীল চিনেমা নিজৰ কোম্পেনী আৰু এপ্লিকেশ্যনৰ জড়িয়তে বিক্ৰী কৰি আহিছিল ৰাজ কুন্দ্ৰাই ৷ যি অভিযোগত সোমবাৰে তেও গ্ৰেপ্তাৰ হ’ল ৷

শাস্তি কি হ’ব পাৰে ?

ৰাজ কুন্দ্ৰাৰ ওপৰত আৰোপ কৰা আই পি চিৰ ২৯২ ধাৰা অনুসৰি কোনো দৃশ্য বা কিতাপ কলাত্মক হ’লেও তাত কামুকতা প্ৰকাশ পালে , সেয়া অশ্লীল বুলি বিবেচনা কৰা হ’ব ৷ এনে অশ্লীল সামগ্ৰীৰ বিক্ৰী আৰু বিজ্ঞাপন শাস্তিযোগ্য অপৰাধ ৷ আনহাতে , ধাৰা ২৯৩ অনুসৰি ২০ বছৰতকৈ কম বয়সৰ লোকক এনে অশ্লীল সামগ্ৰী বিক্ৰী কৰাটো দণ্ডণীয় অপৰাধ ৷  ইয়াৰ বাহিৰেও তথ্য – প্ৰযুক্তি আইন আৰু অশ্লীল চিত্ৰ (প্ৰতিবন্ধকতা অধিনিয়ম)ৰ অধীনতো ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছে ৷

বাতৰিটো ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক ৷

Leave A Reply

Your email address will not be published.