কেনেকৈ ৰাজ কুন্দ্ৰাই প্ৰচাৰ কৰে অশ্লীল চিনেমা ?

Share This Article

ৰাজ কুন্দ্ৰা ৷ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৷ লগতে এগৰাকী সফল ব্যৱসায়ী ৷ আই পি এলতো অংশীদাৰীত্ব আছে ৰাজ কুন্দ্ৰাৰ ৷ সাধাৰণ ৰেষ্টুৰেণ্টৰ ব্যৱসায়ৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি আজি ৰাজ কুন্দ্ৰা আজি এজন আৰৱপতি ৷ কিন্তু ৰাজ কুন্দ্ৰাই টকা ঘটে কেনেকৈ ? সোমবাৰে মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰৰ পাছতে উন্মোচন হৈছে তেওৰ ব্যৱসায়িক সাম্ৰাজ্যৰ বহু আন্ধাৰ দিশ ৷ যোৱা ফেব্ৰুৱাৰী মাহত ৰুজু হোৱা এক গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰৰ সন্মুখীন হয় এই সফল , পৰিচিত ব্যাৱসায়ীজন ৷

আচল ঘটনা কি ?

এগৰাকী মডেলৰ এটা পৰ্ণ ভিডিও এই বছৰৰ আৰম্ভণিতে খুব ভাইৰেল হয় ৷ মডেলগৰাকীয়ে এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰে ৷ গোচৰটোৰ অনুসন্ধান চলাই মুম্বাই আৰক্ষীয়ে প্ৰথমতে গ্ৰেপ্তাৰ কৰে উমেশ কামাথ নামৰ এজন ব্যক্তিক ৷ এই ব্যক্তিজনৰ কথা মডেল গৰাকীয়ে এজাহাৰত উল্লেখ কৰিছিল ৷ উমেশ কামাথে মডেলগৰাকীক নগ্ন হৈ অডিচন দিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ এনে আৰু কেবাটাও গোচৰ একে সময়তে মুম্বাইৰ আন কেবাখনো থানাত ৰুজু হয় ৷ গোচৰ সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুঠ ৯ জন লোকক ৷ আটাইকেইজন অভিযুক্তই মহিলাসকলক ৱেব চিৰিজত অভিনয়ৰ সুযোগ দিয়াৰ চলেৰে মতাই নিছিল আৰু শ্বুটিঙৰ নামত অশ্লীল ছবিত অভিনয় কৰিবলৈ বাধ্য কৰাইছিল ৷ তাতেই ক্ষান্ত নাথাকি এই দৃশ্যসমূহ বিভিন্ন প্লেটফৰ্মত প্ৰচাৰো কৰিছিল ৷ গোচৰৰ অধিক অনুসন্ধান চলাই আৰক্ষীয়ে জানিব পাৰে যে যিসমূহ এপ্লিকেশ্যন বা প্লেটফৰ্মৰ জড়িয়তে অশ্লীল চিনেমা প্ৰচাৰ কৰা হয় , তাৰেই এটা কোম্পানী ৰাজ কুন্দ্ৰাৰ ৷ সেয়ে তেওক সোমবাৰে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯২ , ২৯৩ আৰু তথ্য – প্ৰযুক্তি আইনৰ ধাৰা ৬৭ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় ৷

ৰাজ কুন্দ্ৰাৰ কোম্পেনীটো কি ?

ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰৰ পাছতে চৰ্চালৈ আহিছে কেনৰিন নামৰ এটা কোম্পেনী , উই ট্ৰান্সফাৰ নামৰ এটা প্লেটফৰ্ম আৰু হট চটছ নামৰ এটা এটা এপ্লিকেশ্যন ৷ মুম্বাই আৰক্ষীয়ে দাবী কৰা মতে , ৰাজ কুন্দ্ৰাই পৰ্ণ ফিল্ম নিৰ্মান আৰু প্ৰচাৰৰ ব্যৱসায়ত ৮ ৰ পৰা ১০ কৌটি টকা বিনিয়ৌ কৰিছিল ৷ ইয়াৰ বাবে তেও ব্ৰিটেইনত থকা নিজৰ ভায়েকৰ লগত মিলি কেনৰিন নামৰ এটা কোম্পেনী গঠন কৰিছিল ৷ ভাৰতৰ চাইবাৰ আইনৰ পৰা হাত সাৰিবলৈ এই কোম্পেনীটোৰ ৰেজিষ্ট্ৰেছন কৰোৱা হয় ব্ৰিটেইনতে ৷পৰ্ণ চিনেমাসমূহ ভাৰতত শ্বুট কৰাৰ পাছত তাক উই ট্ৰান্সফাৰৰ জড়িয়তে প্ৰেৰণ কৰা হয় কেনৰিন কোম্পেনীলৈ ৷ কেনৰিনৰ জড়িয়তে এই অশ্লীল চিনেমা বা ভিডিও হট চটছৰ লগতে আন এপ্লিকেশ্যনক ধনৰ  বিনিময়ত বিক্ৰী কৰা হয় ৷ উই ট্ৰান্সফাৰ হ’ল এনে এটা অনলাইন প্লেটফৰ্ম , য’ত ১ টিবি পৰ্যন্ত ডাটা ট্ৰান্সফাৰ কৰিব পাৰি ৷ আনহাতে হট চটছ এপ্লিকেশ্যনটোৰ সম্পূৰ্ণ নাম হ’ল হট চটছ ডিজিটেল এন্টাৰটেইনমেন্ট ৷ এই এপ্লিকেশ্যনটোও নিৰ্মান কৰিছে কেনৰিন লিমিটেডে ৷ সাধাৰণতে গুগ’ল বা এপ’ল প্লে ষ্ট’ৰত  হট চটছ উপলব্ধ নহয় ৷ এ পি কে ফাইলৰ সহায়ত অজ্ঞাত উৎসৰ পৰা এই এপ্লিকেশ্যন ডাউনলোড কৰিব লাগে ৷ এই এপ্লিকেশ্যনটোত পৰ্ণ ভিডিও , চিনেমা আৰু ৱেব চিৰিজ উপলব্ধ ৷ এতিয়ালৈকে সমগ্ৰ বিশ্বৰ প্ৰায় ১০ লাখ লোকে হট চটছ নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিছে ৷ তাত নিৰ্দিষ্ট মাচুল দিলেহে ভিডিও উপলব্ধ হয় ৷ অৰ্থাৎ ভাৰতত শ্বুট কৰা অশ্লীল চিনেমা নিজৰ কোম্পেনী আৰু এপ্লিকেশ্যনৰ জড়িয়তে বিক্ৰী কৰি আহিছিল ৰাজ কুন্দ্ৰাই ৷ যি অভিযোগত সোমবাৰে তেও গ্ৰেপ্তাৰ হ’ল ৷

শাস্তি কি হ’ব পাৰে ?

ৰাজ কুন্দ্ৰাৰ ওপৰত আৰোপ কৰা আই পি চিৰ ২৯২ ধাৰা অনুসৰি কোনো দৃশ্য বা কিতাপ কলাত্মক হ’লেও তাত কামুকতা প্ৰকাশ পালে , সেয়া অশ্লীল বুলি বিবেচনা কৰা হ’ব ৷ এনে অশ্লীল সামগ্ৰীৰ বিক্ৰী আৰু বিজ্ঞাপন শাস্তিযোগ্য অপৰাধ ৷ আনহাতে , ধাৰা ২৯৩ অনুসৰি ২০ বছৰতকৈ কম বয়সৰ লোকক এনে অশ্লীল সামগ্ৰী বিক্ৰী কৰাটো দণ্ডণীয় অপৰাধ ৷  ইয়াৰ বাহিৰেও তথ্য – প্ৰযুক্তি আইন আৰু অশ্লীল চিত্ৰ (প্ৰতিবন্ধকতা অধিনিয়ম)ৰ অধীনতো ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছে ৷

বাতৰিটো ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.