নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্ত কৰক নতুবা মূখ্যমন্ত্রীয়ে পদত্যাগ কৰক : ইয়ং আচাম

Share This Article

যি সময়ত কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল,লকডাউনৰ বাবে সাধাৰণ মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল,তেনেসময়ত অসমত কোভিড প্ৰতিৰোধী সামগ্ৰীৰ ঠিকা আবণ্টনৰ নামত যি কেলেংকাৰীৰ কথা আৰটিআই যোগে পোহৰলৈ আহিছে তাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়ং আছাম (শিক্ষা বচাওক, সংস্থাপন বচাওক) ৰ আহ্বায়ক সমিতিয়ে। এক প্ৰেছ বিজ্ঞপ্তি যোগে ইয়ং আছাম ( শিক্ষা বচাওক, সংস্থাপন বচাওক) ৰ অন্যতম আহ্বায়ক কৃষ্ণ গগৈ, মনোজ সিংহ ৰাজা আৰু সুব্রত তালুকদাৰে কয় যে,’ “দ্য ৱায়াৰ” আৰু “দ্য ক্ৰছকাৰেন্ট”ৰ প্ৰতিবেদনত ইতিমধ্যে প্ৰকাশ পাইছে যে কোভিডকালত চৰকাৰে জৰুৰীকালীন ক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই জৰুৰীকালীন যোগানৰ নিৰ্দেশ লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ঘনশ্যাম দাস ধানুকাৰ প্ৰতিষ্ঠানে ৷প্ৰায় ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা লাভ কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু ঘনশ্যাম ধানুকাই।ঠিকা লাভ কৰিও সময়মতে তেওঁলোকে যোগান ধৰিব পৰা নাছিল কোভিড প্ৰতিৰোধী পি পি ই কীট।আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে যিসময়ত কোভিডক লৈ সামান্যতম ভুল কৰিলেই নাগৰিকক শাস্তি দিয়া হৈছিল, চূড়ান্ত দায়িত্বহীনতাৰ বাবে ৰিণিকি ভূঞা শৰ্মা আৰু ঘনশ্যাম ধানুকাৰ প্ৰতিষ্ঠানক কিয় শাস্তি প্ৰদান কৰা নহ’ল?”দ্য ৱায়াৰ” আৰু “দ্য ক্ৰছকাৰেণ্ট”অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত হোৱা প্ৰতিবেদনত এটা কথা স্পষ্ট হৈছে যে কোভিডকালীন সময়ছোৱাত কোভিড প্ৰতিৰোধী সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ সৃষ্টি হৈছিল আৰু উক্ত দুৰ্নীতি আৰু অনিয়মৰ লগত বৰ্তমানৰ মুখ্যমন্ত্ৰী স্বয়ং নিজে, তেওঁৰ পত্নী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকা জড়িত হৈ আছে।সেয়ে আমি কোভিডকালীন পৰিস্থিতিত হোৱা এই দুৰ্নীতি , অনিয়মক নিন্দা জনাই উক্ত ঘটনাটো এখন নিৰপেক্ষ উচ্চ স্তৰীয় কমিটি দ্বাৰা তদন্ত হোৱাটো বিচাৰিছো আৰু যদি মুখ্যমন্ত্রীয়ে তদন্ত ঘোষণা কৰিব নোৱাৰে তেন্তে পদত্যাগ কৰাৰ দাবী উত্থাপন কৰিলো।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.