ভাৰতবাসীক প্ৰধানমন্ত্ৰী মোদীৰ অ’মিক্ৰনক লৈ আতংকিত নহ’বলৈ আহ্বান

Share This Article

দেশত অ’মিক্ৰনৰ বৰ্ধিত ঘটনাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে, ভাৰতত ১৮ লাখ আইচ’লেচন বিচনা, ৫ লাখ অক্সিজেন বিচনা, ১.৪০ লাখ ICU বিচনা আৰু শিশুসকলৰ বাবে ৯০,০০০ বিশেষ বিচনা আছে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবাসীক অ’মিক্ৰনক লৈ আতংকিত নহ’বলৈ আহ্বান জনাই।

আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ভাৰতত বিগত ২৪ ঘণ্টাত ২.৫৮ লাখ লোক কোভিড-১৯ত আক্রান্ত হৈছে। মৃত্যু হৈছে ৩৮৫ জন ৰোগী। লগতে ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰনত ২৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৮২০৯ জন ৰোগী আক্রান্ত হৈছে। আৰোগ্য হৈছে ৩১০৯ জন। সৰ্বাধিক মহাৰাষ্ট্ৰত ১৭৩৮ জন, পশ্চিম বংগত ১,৬৭২ জন, ৰাজস্থানত ১২৭৬ জন, দিল্লীত ৫৪৯ জন, কৰ্ণাটকত ৫৪৮ জন আৰু কেৰালাত ৫৩৬ জন আক্রান্ত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.