পাটিয়ালা পেগ , যৌনতা আৰু চাৰি সেনা বিষয়াৰ নিলম্বন

Share This Article

গোপনীয়তা ভংগৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে চাৰিগৰাকী সেনা বিষয়া ৷ উৰ্ধতন কৰ্তৃপক্ষই মোবাইল ফোন আৰু অন্যান্য ডিজিটেল সামগ্ৰী জব্দ কৰি গোপনীয়তা ভংগ কৰাৰ অভিযোগ উত্থাপণ কৰিছে এইকেইগৰাকী সেনা বিষয়াই ৷ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱা চাৰি সেনা বিষয়াৰ দুগৰাকী মিলিটেৰী ইন্টেলিজেন্সত কৰ্মৰত হৈ আছিল , এগৰাকী ৱেলিঙটনৰ ডিফেন্স চাৰ্ভিছ ষ্টাফ কলেজৰ ইনষ্ট্ৰাক্টৰ আৰু আনগৰাকী মুম্বাইত কৰ্মৰত আছিল ৷ আটাইকেইজনকে সেনা বাহিনীৰ পৰা সম্প্ৰতি নিলম্বিত কৰি ৰখা হৈছে ৷

পাটিয়ালা পেগ আৰু চোৰাংছোৱাগিৰি

উচ্চতম ন্যায়ালয়ত চাৰিগৰাকী কৰ্ণেল পৰ্যায়ৰ সেনা বিষয়াই দাখিল কৰা আবেদন অনুসৰি , ডিৰেক্টৰ জেনেৰেল অৱ মিলিটেৰী ইন্টেলিজেন্সে যোৱা মাৰ্চ মাহত তেওঁলোকৰ মোবাইল ফোন আৰু ডিজিটেল এছেট জব্দ কৰিছে ৷ এইসকল সেনা বিষয়া চোৰাংছোৱাগিৰিত জড়িত থকা বুলি সন্দেহ কৰিছিল মিলিটেৰী ইন্টেলিজেন্সে ৷ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন অনুসৰি , এইসকল সেনা বিষয়া ‘পাটিয়ালা পেগ’ নামৰ এটা হোৱাটছ এপ গ্ৰুপৰ সদস্য আছিল ৷ কিন্তু  পাকিস্তানী সেনাই গোপন তথ্য হস্তগত কৰিবৰ বাবে এই  হোৱাটছ এপ গ্ৰুপ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপণ কৰা হয় চাৰিওজন সেবা বিষয়াৰ বিৰুদ্ধে ৷ তাৰ পাছতেই তেওঁলোকৰ মোবাইল ফোন আৰু অন্যান্য ডিজিটেল সামগ্ৰীসমূহ জব্দ কৰা হয় ৷ কিন্তু সেনা বিষয়াকেইগৰাকীৰ মতে , তেওঁলোকৰ মোবাইল ফোনত কোনো আপত্তিজনক তথ্য লাভ নকৰাৰ পাছতো যোৱা ৮ মে’ত তেওঁলোকক নিলম্বন কৰা হয় ৷ সেনা বাহিনীৰ চাইবাৰ চিকিউৰিটী পলিচী উলংঘা কৰাৰ অভিযোগত সেনা বিষয়া চাৰিজনক নিলম্বন কৰা হয় ৷

নিলম্বিত সেনা বিষয়াৰ হোৱাটছ এপত যৌনতাৰ আলাপ

সেনা বিষয়া চাৰিজনৰ পৰা জব্দ কৰা মোবাইল ফোনসমূহ পৰীক্ষা কৰে বিষয়াৰ দ্বাৰা গঠিত এখন বোৰ্ডে ৷ তাৰ পাছত তেওঁলোকক নিলম্বন কৰা জাননীত কোৱা হয় যে এই সেনা বিষয়াকেইজন অনৈতিক যৌনতাৰ বিষয়ে আলোচনা কৰা হোৱাটছ এপ গ্ৰুপৰ সদস্য আছিল ৷ তদুপৰি , তেওঁলোক এনে কিছুমান গ্ৰুপৰ সদস্য আছিল , য’ত অপৰিচিত বিদেশী নাগৰিকো সদস্য হিচাপে আছে ৷ তদুপৰি সেনা বিষয়াকেইগৰাকীয়ে নিৰ্দেশ উলংঘা কৰি টুইটাৰ ব্যৱহাৰ কৰা আৰু হোৱাটছ এপ বাৰ্তালাপ ডিলিট কৰাৰ তথ্যও নিলম্বনৰ কাৰণ হিচাপে উল্লেখ কৰা হয় ৷

উচ্চতম ন্যায়ালয়ত গোপনীয়তা ভংগৰ অভিযোগ

উচ্চতম ন্যায়ালয়ত চাৰি সেনা বিষয়াৰ হৈ আবেদন দাখিল কৰা অধিবক্তাই দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত উল্লেখ কৰে যে মোবাইল ফোনৰ জোৰ জবৰদস্তি ফৰেনছিক পৰীক্ষা কৰোৱাটো ব্যক্তিগত গোপনীয়তাৰ স্পষ্ট উলংঘন ৷ তদুপৰি কাৰণ দৰ্শোৱাৰ জাননী নিদিয়াকৈ সেনা বিষয়াকেইজনক চাকৰিৰ পৰা নিলম্বন কৰিছে বুলিও আবেদনত উল্লেখ কৰা হয়৷ সেনা বিষয়াকেইজনে আবেদনত এইবুলিও উল্লখ কৰে যে কৰ্তৃপক্ষক আস্থাত ৰাখি তেওঁলোকে মোবাইল ফোনসমূহ স্ব- ইচ্ছাই চমজাই দিছিল ৷ এইটো সেনাৰ এটা পৰম্পৰা ৷ কিন্তু ইয়াৰে সুযোগ লৈ তেওঁলোকৰ গোপন তথ্য হস্তগত কৰি অবৈধ প্ৰক্ৰিয়াৰে নিলম্বন কৰা হ’ল ৷ সেনাৰ তৰফৰ পৰা এই অভিযোগ নাকচ কৰি কোৱা হৈছে যে চাইবাৰ চিকিউৰিটীৰ ক্ষেত্ৰত সেনা বাহিনীয়ে শূণ্য সহনশীল নীতি অৱলম্বন কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.