গাঁৱত ঘৰ সাজিলেও ল’ব লাগিব অনুমতি , পঞ্চায়তক কিমান মাচুল দিব লাগিব ?

Share This Article

এতিয়াৰে পৰা গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মান কৰিলেও আদায় দিব লাগিব মাচুল ৷ গৃহ নিৰ্মানৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা যাবতীয় অনুমতি ল’ব লাগিব ৷ লগতে গাঁও পঞ্চায়তক বিভিন্ন নথিৰ লগতে মাচুলো জমা দিব লাগিব  ৷ মঙলবাৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসে মুকলি কৰা “সেৱাই পঞ্চায়ত ” শীৰ্ষক আদৰ্শ নাগৰিক চনদত এই কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে ৷ এই চনদত উল্লেখ থকা অনুসৰি গৃহ নিৰ্মানৰ অনুমতি পাবলৈ হ’লে পঞ্চায়তক ঘৰৰ নক্সা , মালিকীস্বতৰ নথি আগতীয়াকৈ জমা দিব লাগিব ৷ তাৰ পাছত নিৰ্দিষ্ট মাচুলৰ বিপৰীতে পঞ্চায়তে গৃহ নিৰ্মানৰ যাবতীয় অনুমতি প্ৰদান কৰিব ৷ মাচুলৰ পৰিমান কিমান হ’ব , সেয়া পৰৱৰ্তী সময়ত জাননীযোগে সদৰী কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৷ কেৱল গৃহ নিৰ্মানেই নহয় , ব্যৱসায়িক প্ৰতিষ্ঠান , ব্যৱসায়ৰ বাবে গৃহ আবন্টনৰ ক্ষেত্ৰতো অনুমতি লোৱাটো বাধ্যতামূলক ৷ ইয়াৰ বাহিৰেও গ্ৰাম্যাঞ্চলত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবেও গাঁও পঞ্চায়তৰ আপত্তিবিহীনতাৰ প্ৰমানপত্ৰ লোৱাটো বাধ্যতামূলক ৷ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ এই চনদ প্ৰকাশৰ লগে লগে অসমৰ গাঁৱে গাঁৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.