পেগাছাছ : ছোচিয়েল মেডিয়াত বিতৰ্ক নকৰিবলৈ কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

Share This Article

পেগাছাছক লৈ ছোচিয়েল মেডিয়াত বিতৰ্ক কৰাৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে পেগাছাছ কাণ্ডৰ তদন্ত বিচাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে কোনো পক্ষই সীমাৰেখা অতিক্ৰম কৰা উচিত নহয় ৷ সকলোকে নিজৰ পক্ষ ৰখাৰ সমান সুবিধা দিয়া হ’ব ৷ ন্যায়ালয় বিতৰ্কৰ বিৰোধী নহয় ৷ কিন্তু বিষয়টো যেতিয়া ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে , গতিকে সকলোৱে আদালতত নিজৰ বক্তব্য উপস্থাপন কৰা উচিত ৷ন্যায়ালয়ে পেগাছাছ কাণ্ডৰ শুনানিৰ দিন পৰৱৰ্তী সোমবাৰ ধাৰ্য কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰক ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই অধিক সময় বিচৰাৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে সোমবাৰলৈ শুনানিৰ দিন পিছুৱাই দিয়ে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.