সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিত্তীয় সংকট: পদত্যাগ বিত্তমন্ত্ৰীৰ !

শ্ৰীলংকাৰ দৰেই হ’ব নেকি পাকিস্তানৰ?
গভীৰ বিত্তীয় সংকটত পাকিস্তান !

পদত্যাগ বিত্তমন্ত্ৰীৰ
৪ বছৰত ৫ জন বিত্তমন্ত্ৰী,কিন্তু অৰ্থনীতি একেই থাকিল দেশখনৰ

- Donation -

পাকিস্তানৰ বিত্ত মন্ত্ৰী মিফটাহ
ইছমাইলে পদত্যাগ কৰিছে৷

দেওবাৰে মৌখিকভাৱে পদত্যাগ কৰে মন্ত্ৰীজনে৷

বিগত ৪ টা বছৰত তীব্ৰ আৰ্থিক সংকটে জুৰুলা কৰিছিল প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানক ৷
তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি অস্বাভাৱিক বানে জুৰুলা কৰিলে দেশখনক৷

এনে অৱস্থাৰ পৰা দেশখনক উদ্ধাৰৰ কোনো পথ নেদেখি পদত্যাগৰ সিন্ধান্ত লৈছে মন্ত্ৰীগৰাকীয়ে৷

“মই মৌখিকভাৱে বিত্তমন্ত্ৰী হিচাপে পদত্যাগ কৰিছোঁ”- নিজৰ টুইটাৰ হেণ্ডোলত এনেদৰে প্ৰকাশ কৰিছে ৷

সম্প্ৰতি দেশৰ বাহিৰত থকা মন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে “মই ইতিমধ্যে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক মোৰ সিন্ধান্তৰ বিষয়ে জনাইছোঁ৷মই পাকিস্তানলৈ গৈ পদত্যাগ পত্ৰ দাখিল কৰিম৷”

ইছমাইল বিগত ৪ বছৰৰ পঞ্চমগৰাকী বিত্তমন্ত্ৰী৷

দেশখনত ভয়ানক ৰূপত মুদ্ৰাস্ফীতিৰ সংখ্যা বৃদ্ধি পাইছে৷সাধাৰণ জনতা আৰু ব্যৱসায়ী সকল ভয়ংকৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷

বিগত মাহত হোৱা বানপানীৰ
ফলত দেশখনৰ কৃষি আৰু পৰ্যটন খণ্ডও যথেষ্ট সংকটৰ সন্মুখীন হৈছে৷এই বানপানীত দেশখনৰ মুঠ ১৫০০ লোকে প্ৰাণ হেৰুৱায়৷

Leave A Reply

Your email address will not be published.