মোদীৰ গুজৰাটত বিজেপিৰ অথন্তৰ! পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে

প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্য গুজৰাটত অথন্তৰ লাগিছে ভাৰতীয় জনতা পাৰ্টিত। গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আঠটা মাহ বাকী থকা অৱস্থাত আজি আশ্চৰ্য্যজনকভাৱে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে। প্ৰাপ্ত তথ্য অনুসৰি ৰূপানিৰ শাসনক লৈ অসন্তুষ্ট আছিল…

ফেৰীৰ চৰ্দাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ’বনে অসম আৰক্ষীৰ?

নিমাতীঘাটত সংঘটিত ভয়ংকৰ আৰু শোকাৱহ ফেৰী দুর্ঘটনাৰ পাছত শেহতীয়াকৈ চর্চালৈ অহা নামটোৱেই হৈছে পানীৰাম কলিতা৷ এইজন পানীৰাম কলিতাই হৈছে নিমাতীঘাটৰ ফেৰী ছিণ্ডিকেটৰ চর্দাৰ তথা একছত্ৰী সম্ৰাট৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া-কর্মচাৰীৰ আশিসধন্য হৈ পানীৰাম কলিতাই বছৰ বছৰ ধৰি…

উপ নিৰ্বাচনত ভৱানীপুৰ সমষ্টিত আকৰ্ষণীয় হ’ব তিনি অধিবক্তাৰ যুঁজ! কোন এই তিনি অধিবক্তা?

আগন্তুক বিধানসভা উপ নিৰ্বাচনত ভৱানীপুৰত আকৰ্ষণীয় হ’ব তিনি অধিবক্তাৰ যুঁজ! বিধানসভাৰ উপ নির্বাচন হ’লেও ভৱানীপুৰ সমষ্টিৰ ওপৰত দেশৰ সংবাদ মাধ্যমৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে৷ আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ এই সমষ্টিটোত মুখ্যমন্ত্রী মমতা বেনার্জীৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত নামিব বিজেপিৰ প্রার্থী প্রিয়ংকা টিবৰিৱাল৷…

ৰক্তাক্ত পঞ্জশিৰ! তালিবানে হত্যা কৰিলে উপৰাষ্ট্ৰপতিৰ ভাতৃক

তালিবানে দখল কৰাৰ পাছৰে পৰা অশান্ত জৰ্জৰ আফগানিস্তানত পুনৰ আৰম্ভ হৈছে হত্যা-হিংসাৰ বিভীষিকা। এইবাৰ পঞ্জশিৰ উপত্যকাত মৃত্যুৰ দাবানল। আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ ভাতৃ ৰোহুল্লাহ চালেহক অতি নিৰ্মম ভাৱে হত্যা কৰে তালিবানে। পঞ্জশিৰত তালিবান বিৰোধী যুদ্ধত নেতৃত্ব দিছিল ৰোহুল্লাহ…

২০০১ চনৰ আজিৰ দিনটোতেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী লাডেনে কি দৰে ধ্বংস কৰিছিল ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ?

আমেৰিকা যুক্তৰাষ্ট্ৰ। পৃথিৱীৰ আটাইতকৈ শক্তিশালী এখন দেশ। শক্তিশালী অৰ্থনৈতিক আন্তঃগাঁঠনিৰ লগতে শক্তিশালী এই দেশৰ প্ৰশাসনিক তথা সামৰিক ব্যৱস্থা। কিন্তু ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ এই অহংকাৰ চূৰমাৰ হৈ গৈছিল। একেলগে চাৰিটা বিশেষ স্হানত সন্ত্ৰাসবাদীৰ আক্ৰমণে নিমিষতে চুৰমাৰ কৰি দিছিল আমেৰিকা…

UPA-NDAৰ পিছত এইবাৰ দেশত গঠন হ’ব নেকি তৃতীয় মৰ্চা?

কংগ্ৰেছ নেতৃত্বাধীন UPA আৰু বিজেপি নেতৃত্বাধীন NDAৰ পিছত এইবাৰ দেশৰ ৰাজনীতিত তৃতীয় মৰ্চা গঠন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। অ-কংগ্ৰেছী বিৰোধী দলবোৰে কৃষি আইন বিৰোধী আন্দোলন আৰু জাতি ভিত্তিক লোকপিয়ল (Caste Based Census)কে ধৰি কেটবোৰ বিষয়ত একত্ৰিত হৈ সহমত পোষণ…

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কি প্ৰস্তাৱ গ্ৰহণ কৰিলে তামিলনাডু বিধানসভাই?

তামিলনাডু বিধানসভাই বুধবাৰে নাগৰিকত্ব সংশোধনী আইন (CAA) ২০১৯ বাতিল কৰিবলৈ আৰু সাম্প্ৰদায়িক একতা তথা সম্প্ৰীতি ৰক্ষা কৰিবলৈ আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অটুট ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই এক বিশেষ প্ৰস্তাৱ গৃহীত কৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে প্ৰস্তাৱ দাখিল কৰাৰ…

Just in – নিমাতীঘাট ফেৰী দুৰ্ঘটনাত নিখোঁজ হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ বিশ্বনাথ ঘাটত

অৱশেষত উদ্ধাৰ কৰা হল নিমাতীঘাট ফেৰী দুৰ্ঘটনাত নিখোঁজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ। বিশ্বনাথ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত পৰিয়াল আৰু আৰক্ষীৰ। তিনিদিনৰ অন্তত উদ্ধাৰ হল মৃতদেহ। সোঁহাতৰ আঙুঠিৰ পৰা চিনাক্ত কৰিছে পৰিয়ালে। জেপত উদ্ধাৰ হৈছে বহু…

ঘোষণা হল বিজ্ঞানৰ ব্ৰেকথ্ৰু পুৰস্কাৰ ২০২১: কোনে লাভ কৰিলে বিজ্ঞানৰ অস্কাৰ

ৰাছিয়াৰ বিজ্ঞানী আৰু কোটিপতি য়ুৰি মিলনাৰ, ছেৰ্গেই ব্ৰিন আৰু ফেচবুকৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে সফলতাৰ পুৰস্কাৰ হিচাপে প্ৰদান কৰা এই বিশেষ বঁটা নবেল বঁটাতকৈ অধিক মূল্যৱান। সেইবাবেই ইয়াক বিজ্ঞানৰ ‘অস্কাৰ’ বুলি কোৱা হয়। বৃহস্পতিবাৰে ঘোষণা কৰা হল এই বিশেষ বঁটাটি।…

দুটাকৈ সংবাদ মাধ্যমৰ কাৰ্য্যালয়ত আয়কৰ বিভাগৰ অভিযানঃ কিন্তু কিয়?

আয়কৰ বিভাগে শুক্ৰবাৰে দুটাকৈ অনলাইন মিডিয়া পৰ্টেলৰ দক্ষিণ দিল্লীৰ কাৰ্যালয়ত অভিযান চলাইছে Newsclickin আৰু Newslaundry নামৰ প্ৰতিষ্ঠান দুটাৰ কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্য ৱায়াৰৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি আয়কৰ বিভাগৰ অভিযান এতিয়াও চলি আছে। অৱশ্যে ইয়াৰ বাহিৰে আন কোনো…