ঘোষণা হল বিজ্ঞানৰ ব্ৰেকথ্ৰু পুৰস্কাৰ ২০২১: কোনে লাভ কৰিলে বিজ্ঞানৰ অস্কাৰ

Share This Article

ৰাছিয়াৰ বিজ্ঞানী আৰু কোটিপতি য়ুৰি মিলনাৰ, ছেৰ্গেই ব্ৰিন আৰু ফেচবুকৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে সফলতাৰ পুৰস্কাৰ হিচাপে প্ৰদান কৰা এই বিশেষ বঁটা নবেল বঁটাতকৈ অধিক মূল্যৱান। সেইবাবেই ইয়াক বিজ্ঞানৰ ‘অস্কাৰ’ বুলি কোৱা হয়। বৃহস্পতিবাৰে ঘোষণা কৰা হল এই বিশেষ বঁটাটি। বিশ্ববাসীৰ বহু প্ৰতিক্ষাৰ অন্ততঃ চলিত বৰ্ষৰ বিজ্ঞানৰ ব্ৰেকথ্ৰু পুৰস্কাৰ চেন্নাইৰ পুত্ৰ তথা বৰ্তমান ব্ৰিটিছ নাগৰিক ছাৰ শংকৰ বালাসুব্ৰমনিয়ামক প্ৰদান কৰা হয়। চলিত বৰ্ষত ৩০ লাখ টকাৰ মাননি সহ ‘ব্ৰেকথ্ৰু এৱাৰ্ড’ প্ৰদান কৰা হয়। ১৯৬৬ চনত চেন্নাইত জন্মলাভ কৰা শংকৰৰ জন্মৰ দুবছৰ পিছত,পিতৃ-মাতৃ সহিতে মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ ঢাপলি মেলে আৰু তেওঁৰ শৈশৱকাল চেশায়াৰৰ এখন গ্ৰাম্য অঞ্চলত অতিবাহিত কৰিছিল। শংকৰে প্ৰখ্যাত অধ্যাপক বিজ্ঞানী ক্ৰিছ এবেলৰ তত্বাৱধানত পিএইচডি ডিগ্ৰী লাভ কৰে চেন্নাইতেই। গৱেষণা সম্পূৰ্ণ কৰাৰ পিছত, শংকৰে নাটো দেশৰ গৱেষণা ফেলো হিচাপে ১৯৯১ চনৰ শেষৰ ফালে আমেৰিকালৈ যাত্ৰা কৰে আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত গৱেষণা আৰম্ভ কৰে। ইয়াৰ পাছৰ পৰ্য্যায়ত তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এজন প্ৰবক্তা হিচাপে কৰ্ম সম্পাদন কৰিবলৈ আহে আৰু বৰ্তমানেও কৰ্মৰত হৈ আছে। ২০০৬ চনত, শংকৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ চিকিৎসা ৰসায়ন বিভাগৰ অত্যন্ত সন্মানীয় হাৰ্চেল স্মিথ চেয়াৰ প্ৰফেচাৰ পদত অধিষ্ঠিত হয় আৰু ২০১৬ চনত ৰাণীৰ পৰা ‘নাইটহুড’ উপাধিৰে বিভূষিত হয়। এজন ভাৰতীয়ৰ বিজ্ঞানৰ অস্কাৰ খ্যাত ‘ব্ৰেকথ্ৰু পুৰস্কাৰ’ লাভেৰে এতিয়া নিশ্চিতভাৱে স্ব-দেশত সুখৰ বন্যা কঢ়িয়াই আনিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.